Logo
image

আলফা (স্বাঃ)ৰ ধন দাবীঃ বিমলাপুৰ চাহ বাগিচাৰ সহ-পৰিচালক কৰণদ্বীপ সিঙৰ পলায়ন

ডিজিটেল সংবাদ, মাহমৰাঃ  আলফাৰ ধন দাবীত ভীতিগ্ৰস্ত হৈ চৰাইদেউ জিলাৰ মাহমৰাৰ টিমন চাহ বাগিচাৰ পৰিচালকে চাকৰি এৰি পলায়ন কৰাৰ পাছতে জিলাখনৰ আন এখন চাহ বাগিচাত সহঃপৰিচালক হিচাপে কৰ্মৰত এজন বহিঃৰাজ্যৰ লোকে চাকৰি এৰি পলায়ন কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, নিষিদ্ধ ঘোষিত সংগঠন আলফাই নিজৰ শক্তি বিস্তাৰ কৰিবৰ বাবে উজনি অসমত ধন দাবীৰ লগতে নতুন সদস্যভৰ্তি অভিযান অব্যাহত ৰাখিছে৷ বিশেষকৈ উজনি অসমৰ চৰাইদেউ জিলাত নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন 'আলফা’ই  ধন বিচাৰি জিলাখনৰ কুৰিখনৰো অধিক চাহ বাগিচাৰ মালিকপক্ষলৈ এমাহ পূৰ্বে পত্ৰ প্ৰেৰণ কৰিছিল৷ নয়ন মেধি ওৰফে নয়ন অসম আৰু গণেশ অসম স্বাক্ষৰিত ধন দাবী পত্ৰসমূহ এমাহ পূৰ্বে এটা বিশেষ নম্বৰৰ পৰা বাগিচাৰ কৰ্তৃপক্ষলৈ হোৱাটচএপযোগে প্ৰেৰণ কৰিছিল৷ জিলাখনৰ টিমন চাহ বাগিচা, স্মৃতি চাহ বাগিচা, বিজেপি নেত্ৰীৰ পৰিয়ালৰ চাহ বাগিচাৰ লগতে আন কেইবাখনো চাহ বাগিচাৰ মালিকপক্ষলৈ ৬০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ধন দাবী পত্ৰ প্ৰেৰণ কৰিছিল৷ 

আলফাৰ ধন দাবীৰ ঘটনাত শংকিত হৈ বাগিচাৰ কৰ্তৃপক্ষই চৰাইদেউ আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে এইক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি বাগিচাসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু ইয়াৰ মাজতে টিমন চাহ বাগিচাৰ পৰিচালকজনে আলফাৰ ধন দাবীৰ ঘটনাত শংকিত হৈ চাকৰি এৰি বাগিচাৰ পৰা ইতিমধ্যে পলায়ন কৰিছে৷ আনহাতে, শেহতীয়াকৈ জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰহাট অঞ্চলৰ বিমলাপুৰ চাহ বাগিচাত আলফাই ধন দাবী কৰাত ভ্ৰীতিগ্ৰস্ত হৈ বাগিচাখনৰ সহঃপৰিচালকজনে বাগিচা এৰি নিজ ৰাজ্যলৈ পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ 

উজনি অসমৰ আইন-শৃংখলাৰ দিশৰ পৰা অতিকৈ স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈ অহা চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত বিমলাপুৰ চাহ বাগিচাৰ স্বত্বাধিকাৰীক আলফা(স্বাঃ)ৰ সদস্যই পুনৰ ধন দাবী কৰি কেইদিনমানৰ পূৰ্বে হোৱাটছএপৰ যোগেদি পত্ৰ প্ৰেৰণ কৰিছে। সেনা বাহিনীৰ এক উচ্চস্তৰীয় চোৰাংচোৱাৰ সুত্ৰ অনুসৰি, আলফা(স্বাঃ)ৰ  তৰফৰ পৰা বিমলাপুৰ চাহ বাগিচাৰ স্বত্বাধিকাৰী আৰু এগৰাকী সহঃপৰিচালকৰ মোবাইললৈ হোৱাটছএপযোগে ধন দাবী কৰি উক্ত পত্ৰ প্ৰেৰণ কৰিছিল। সূত্ৰটোৱে সদৰী কৰা অনুসৰি, আলফা(স্বাঃ)ৰ  দুধৰ্ষ নেতা গণেশ অসমৰ (লাহন) দ্বাৰা স্বাক্ষৰিত উক্ত ধনদাবী পত্ৰৰ যোগেদি বাগিচাখনৰ স্বত্বাধিকাৰীৰপৰা ১৫ লাখ টকা দাবী কৰা হৈছে। পত্ৰখন বাগিচাখনৰ স্বত্বাধিকাৰীগৰাকীৰ উপৰি কৰণদ্বীপ সিং নামৰ সহঃপৰিচালকজনৰ মোবাইললৈও প্ৰেৰণ কৰা হৈছিল। 

আলফাৰ ধন দাবী পত্ৰ লাভ কৰাৰ পাছতে ভীতিগ্ৰস্ত হৈ সহঃপৰিচালক কৰণদ্বীপ সিঙে চাকৰিৰ পৰা পদত্যাগ কৰি বাগিচাখনৰ পৰা ইতিমধ্যে পলায়ন কৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে৷ আনহাতে, ঘটনাটোক লৈ বাগিচাখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য, চৰাইদেউ জিলাত শেহতীয়াকৈ আলফা(স্বাঃ)ৰ  সদস্যই বাগিচা পৰিচালকক ধনদাবী কৰা ঘটনাৰ সংক্ৰান্তত জিলাখনত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে বুলি অলপতে বিষয়টোৰ বুজ ল'বলৈ অহা অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্রশান্ত কুমাৰ ভূঞাই জানিবলৈ দিয়াৰ লগতে জিলাখনত শান্তি-শৃংখলা অটুত থকা বুলি দাবী কৰিছিল৷ কিন্তু ইয়াৰ মাজতে আলফাৰ ভয়ত ইজনৰ পাছত সিজন বাগিচা পৰিচালকৰ বাগিচাৰ চাকৰি এৰি পলায়ন কৰাৰ ঘটনাই চাহ বাগিচাৰ মালিকপক্ষৰ লগতে শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত এক আতংকময় পৰিৱেশ সূচনা কৰিছে৷ প্ৰাসংগিকভাৱে উল্লেখ্য, আলফা(স্বাঃ)ৰ  সদস্যৰ এটা দলে শেহতীয়াকৈ ম্যানমাৰৰ পৰা চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন উৎসৰ পৰা ধন দাবী কৰি আহিছে ৷ নয়ন মেধি ওৰফে নয়ন অসম আৰু গণেশ লাহন ওৰফে গণেশ অসমে ম্যানমাৰ সীমান্তৰ পৰাই এই সমগ্ৰ কাৰ্য পৰিচালনা কৰি অহা বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিছে ৷