ভায়’লেটলৈ ৰাষ্ট্ৰপতিৰ পদক, ৪ চোৰাংচোৱা বিষয়ালৈ ‘কুশলতা’ সন্মান
আমাৰ অসম, ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰে সশস্ত্ৰ বাহিনী, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীত কৃতিত্বপূৰ্ণ সেৱা আগবঢ়োৱা বিষয়া-জোৱানসকললৈ বিভিন্ন পদক আগবঢ়াইছে৷ সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰা ঘোষণা অনুসৰি ৰাষ্ট্ৰপতিৰ ‘কৃতিত্বপূৰ্ণ সেৱাৰ আৰক্ষী পদক’ লাভ কৰিছে বিটিএডিৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱাই৷ আনহাতে, ‘কৃতিত্বপূৰ্ণ সেৱা’ৰ বাবে আৰক্ষী পদক লাভ কৰিছে ধেমাজিস্থিত ২২ নং বেটেলিয়নৰ অধিনায়ক মোছলেহ উদ্দিন আহমেদ, দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মা, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, গোলাঘাটৰ পৰিদৰ্শক দীপক বৰা, কাছাৰৰ উপ-পৰিদৰ্শক ইমামুদ্দিন চৌধুৰী, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ উপ-পৰিদৰ্শক ডিম্ব ৰাম টেৰাং, কাছাৰৰ সহকাৰী উপ-পৰিদৰ্শক নিৰঞ্জন দাস, কাছাৰৰ নায়ক আনোৱাৰ হুছেইন বৰভূঞা, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কনিষ্টবল পংকজ মহন্ত, গুৱাহাটীৰ কনিষ্টবল জিতেন্দ্ৰ কুমাৰ সিং যাদৱ, গুৱাহাটীৰ সীমান্ত শাখাৰ কনিষ্টবল হেমেন দাস আৰু কোক্ৰাঝাৰৰ কনিষ্টবল অনিল ৰাজবংশীয়ে৷ আনহাতে, গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা ‘অসাধাৰণ আসূচনা কুশলতা পদক’ লাভ কৰিছে গুৱাহাটীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক কৰবী বিকমীয়া দেউৰী আৰু দিগন্ত বসুমতাৰী, সহকাৰী উপ-পৰিদৰ্শক চিত্তৰঞ্জন বৰা তথা কনিষ্টবল ৱেলছন ক্ৰ’য়ে৷ আনহাতে, কাৰাগাৰৰ ‘কৃতিত্বপূৰ্ণ সেৱা পদক’ লাভ কৰিছে অধীক্ষক ব্ৰজেন দাসে৷ গৃহৰক্ষী বাহিনীৰ ‘কৃতিত্বপূৰ্ণ সেৱা পদক’ লাভ কৰিছে জুনিয়ৰ ষ্টাফ অফিচাৰ হেমাংগ তালুকদাৰ, চুবেদাৰ পৰেশ চন্দ্ৰ পাঠক, প্লাটুন কামাণ্ডাৰ অতুল চন্দ্ৰ বৰ্মন আৰু মহাদেৱ শৰ্মা তথা পোষ্ট ৱাৰ্ডেন গোপাল চন্দ্ৰ দাসে৷