Logo
image

মই সহায় নকৰিলে অজিত ভূঞা সাংসদ হ’বই নোৱাৰিলেহেঁতেন

‘আমাৰ অসম’ৰ প্ৰতিনিধি, ১৮ জুলাইঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ভূমিকাক ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কৰা সমালোচনাক এইবাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কামৰূপ জিলাৰ আমিনগাঁৱত এক টিফিন বৈঠকত অংশগ্ৰহণ কৰি সাংসদ অজিত কুমাৰ ভূঞা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ মোৰ সহায় অবিহনে অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদ হ’ব নোৱাৰিলেহেঁতেন বুলি বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷  জাতিৰ ক্ষেত্ৰত আপোচ নকৰিবলৈ সাংসদ অজিত কুমাৰ ভূঞাক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷  যদি সাংসদ পদৰ লোভত অজিত ভূঞাই জাতিৰ বিপৰীতে মাত মাতিছে তেন্তে সেয়া পৰিহাৰ কৰিবলৈকো আহ্বান জনায় ড॰ শৰ্মাই৷ প্ৰয়োজনত বিজেপি দলৰ পৰা অজিত ভূঞাই সাংসদ পদ বিচাৰক কিন্তু জাতিৰ ক্ষতি হোৱা কাম কৰিব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ ইফালে পুনৰ মিঞা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে৷ তেওঁ কয় যে এয়া বিতৰ্কৰ সময় নহয়, সহৃদয়তাৰে কামনা কৰিছোঁ অসমীয়া মানুহে কৰ্ম সংস্কৃতি ওভতাই আনিব লাগিব৷  কৰ্ম সংস্কৃতি অবিহনে এটা জাতি উজ্জ্বলি উঠিব নোৱাৰে৷ বিশেষ জনগোষ্ঠীৰ উৎপাদিত বিষাক্ত পাচলিৰ পৰা ৰক্ষা পাবলৈ প্ৰতিটো অসমীয়া পৰিয়ালে পাচলি খেতি কৰিব লাগিব৷ এইক্ষেত্ৰত দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, মন্দিৰ-মছজিদ সমিতিসমূহে একত্ৰিত হৈ সজাগতা সৃষ্টি কৰিব লাগিব৷  পাচলিৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ কথামতে তেওঁলোকে পাচলিৰ দাম কমাই নিদিয়ে, মোক ভোটেই নিদিয়ে তেওঁলোকে আৰু পাচলিৰ দাম কমাই দিব৷  সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কতও মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জাতিৰ স্বাৰ্থ বিঘ্নিত হোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা নাই৷ জালুকবাৰী সমষ্টিৰ যথেষ্ট ঠাই অন্য সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ৰাইজে আশংকা প্ৰকাশ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে জালুকবাৰী সমষ্টিৰ ৰাইজৰ লগত আগতেও আছিলোঁ এতিয়াও থাকিম ৰাইজে আশংকা কৰাৰ কোনো প্ৰয়োজন নাই৷ উল্লেখ্য, এই টিফিন বৈঠকৰ জৰিয়তে দলীয় কাৰ্যকৰ্তাৰ মনৰ বতৰা বুজ লোৱাৰ লগতে সাংগঠনিক দিশ সম্পৰ্কেও আলোচনা কৰা হয়৷ আমিনগাঁৱৰ পৰিদৰ্শন বঙলাত দ্বিতীয়বাৰ বাবে টিফিন বৈঠকত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে৷ জালুকবাৰী বিধানসভা সমষ্টিৰ বিজেপি দলৰ মণ্ডল পৰ্যায়ৰ বিষয়ববীয়া, বুথ সমিতিৰ বিষয়ববীয়া, শক্তিকেন্দ্ৰৰ আহ্বায়কসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে৷ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙো উপস্থিত থাকে৷ সকলোৱে হাতে হাতে পিঠা-পনা, লাড়ু লগতে নিজে প্ৰস্তুত কৰা টিফিন লৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়৷ জালুকবাৰী সমষ্টিৰ সাংগঠনিক কাম-কাজৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত এই বৈঠকত আলোচনা কৰা হয়৷