Logo
image

বিলাহী লাগে যদি মোবাইল, জোতা কিনক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ জুলাইঃ ‘কিং অৱ কিট্‌চেন’ বুলি ক’লে আমাৰ ভাৰতীয় উপমহাদেশত কোনবিধ সামগ্ৰীক বুজাই সেয়া দোহৰাৰ প্ৰয়োজন নাই৷ সেই ‘কিং অৱ কিট্‌চেন’ অৰ্থাৎ বিলাহীৰ ৰকেটৰ গতিৰ দৰে মূল্যবৃদ্ধিয়ে এইবাৰ দেশৰ নাগৰিকৰ পাকঘৰৰ বাজেটত আৰু আনকি প্ৰসিদ্ধ ৰেস্তোৰাঁৰ মেন্যুত প্ৰচণ্ড খেলিমেলি লগাইছে৷ জম্মু-কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুৱাহাটীৰ পৰা গুজৰাটলৈ  সমগ্ৰ দেশতে বিলাহীৰ যি মূল্য, সেয়া এতিয়া হঠাতে ধনাঢ্যৰ খাদ্য হৈ পৰিছে৷ বিলাহীয়ে এতিয়া কেৱল অভিজাতৰ পাকঘৰতহে স্থান পাইছে৷ সাধাৰণ লোকৰ বাবে ভাৰতত এতিয়া বিলাহী হৈ পৰিছে বিলাসী খাদ্য সম্ভাৰ৷ প্ৰথমে কেজিত ৬০-৭০ টকা, লাহে লাহে মূল্যবৃদ্ধি হৈ প্ৰতিকেজি বিলাহীত হৈছেগৈ ১৫০-২০০ টকা৷ পৰিস্থিতি এনে হৈছেগৈ, কেন্দ্ৰীয় চৰকাৰে বিলাহীৰ দাম প্ৰতি কেজিত ৮০ টকাতকৈ অধিক ল’ব নোৱাৰিব বুলি মূল্য স্থিৰ কৰি দিবলৈ বাধ্য হৈছে৷ অৱশ্যে চৰকাৰী নিৰ্দেশ কোনেও পালন কৰা নাই৷ ঠায়ে ঠায়ে এতিয়াও ১০০-১৫০ টকাত বিক্ৰী হৈ আছে বিলাহী৷ মেকডনাল্ডছৰ নিচিনা বিশ্বখ্যাত ৰেস্তোৰাঁই এতিয়া তেওঁলোকৰ মেন্যুৰ পৰা বিলাহী থকা খাদ্য বাদ দিবলৈ বাধ্য হৈছে৷ এনে সময়তে পঞ্জাৱ আৰু মধ্যপ্ৰদেশৰ দুজন ব্যৱসায়ীয়ে তেওঁলোকৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিলে কেইবা কেজিকৈ বিলাহী গ্ৰাহকক বিনামূলীয়াকৈ দিয়াৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে৷ পঞ্জাৱৰ গুৰদাসপুৰৰৰ এজন জোতা ব্যৱসায়ীয়ে তেওঁৰ ষ্টোৰৰ পৰা জোতা ক্ৰয় কৰা গ্ৰাহকক ২ কিলোগ্ৰামকৈ বিলাহী বিনামূলীয়াকৈ দিছে৷ এই ব্যৱসায়ীজনৰ ‘অফাৰে’ আকৰ্ষণৰ সৃষ্টি কৰিছে আৰু তেওঁৰ দোকানত গ্ৰাহকেৰে ভৰি পৰিছে৷ ১০০০ টকাৰ পৰা ১৫০০ টকা মূল্যৰ জোতা ক্ৰয় কৰাৰ লগে লগে গুৰদাসপুৰৰ এই জোতা ব্যৱসায়ীজনে গ্ৰাহকৰ হাতত তুলি দিছে একোটাকৈ দুই কিলোগ্ৰাম ওজনৰ বিলাহীৰ টোপোলা৷ ফলত তেওঁৰ ওচৰে-পাজৰে থকা জোতাৰ দোকান গ্ৰাহকশূন্য হৈ পৰিছে আৰু বিনামূলীয়াকৈ বিলাহী পোৱাৰ আশাত তেওঁৰ দোকানলৈ সোঁত বৈছে জোতা গ্ৰাহকৰ৷ ইপিনে মধ্যপ্ৰদেশৰ অশোক নগৰৰ এজন মোবাইল দোকানৰ স্বত্বাধিকাৰীয়ে প্ৰতিটো মোবাইলৰ সৈতে দুই কিলোগ্ৰামকৈ বিলাহী বিনামূলীয়াকৈ গ্ৰাহকক দিছে৷ অশোক নগৰৰ সেই অঞ্চলটো মোবাইলৰ দোকানেৰে ভৰি আছে৷ গ্ৰাহকো কম নাথাকে৷ গ্ৰাহকে নিজৰ পছন্দ অনুসৰি সাধাৰণতে ভিন ভিন দোকানত মোবাইল ক্ৰয় কৰে৷ পিছে এতিয়া এখন দোকানত প্ৰতিটো মোবাইলৰ সৈতে দুই কিলোগ্ৰামকৈ বিলাহী বিনমূলীয়াকৈ দিয়াৰ লগে লগে সেই দোকানো ভৰি পৰিছে গ্ৰাহকেৰে৷ উল্লেখ্য এইবাৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বিলাহীৰ উৎপাদন যথেষ্ট নোহোৱাৰ বাবে দেশত বিলাহীৰ নাটনি হৈছে৷  সৰুৰ পৰা আগশাৰীৰ ৰেস্তোৰাঁ, হোটেললৈ সকলোকে অধিকাংশ খাদ্যৰ ক্ষেত্ৰতে বিলাহীৰ প্ৰয়োজন হয়৷ কিয়নো মোগলাই, দক্ষিণ ভাৰতীয়, উত্তৰ ভাৰতীয় আৰু দেশৰ অধিকাংশ খাদ্যৰে ‘গ্ৰেভী’ হিচাপে বিলাহী ব্যৱহাৰ কৰা হয়৷ সেয়ে ভাৰতত বিলাহীৰ চাহিদা যথেষ্ট আছে৷ অৰ্থনীতিৰ সূত্ৰ মানি যিহেতু চাহিদাৰ তুলনাত যোগান কম হৈছে সেয়ে বিলাহীৰ মূল্যও ৰকেটৰ গতিত ওপৰলৈ ধাৱমান হৈছে৷