Logo
image

উচ্ছতম ন্যায়ালয়ত অসমৰ ‘এনকাউণ্টাৰ’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ জুলাইঃ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰক লৈ বিপদত এইবাৰ ৰাজ্য চৰকাৰ৷ অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ প্ৰসংগ পালেগৈ উচ্ছতম ন্যায়ালয়৷ অসম আৰক্ষীয়ে সংঘটিত কৰা ১৭১টা ভুৱা এনকাউণ্টাৰৰ নিৰপেক্ষ তদন্ত বিচাৰি এইবাৰ উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰিফ জোৱাদ্দাৰ নামৰ দিল্লীস্থ অসমৰ অধিবক্তাজন৷ অধিবক্তাজনৰ  গোচৰত সোমবাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট্ট আৰু অৰবিন্দ কুমাৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধানক ৪ সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লোৱাৰ পাছতেই জিম্মাত থকা দাগী অপৰাধীক নিশাৰ আন্ধাৰত এনকাউণ্টাৰ কৰা আৰম্ভ কৰিছিল স্মাৰ্ট অসম আৰক্ষীয়ে৷ প্ৰতিটো এনকাউণ্টাৰৰ পাছতেই আৰক্ষীয়ে দাবী কৰিছিল যে জিম্মাত থকা অভিযুক্তজনে নিশাৰ আন্ধাৰত হয় পলাবলৈ চেষ্টা কৰিছিল, নহয় পিষ্টল কাঢ়ি আৰক্ষীকে গুলীয়াবলৈ উদ্যত হৈছিল৷ আনকি এনে নাটকীয় এনকাউণ্টাৰৰ ঘটনাৰ অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্তত নগাঁৱৰ কীৰ্তিকমল বৰুৱাক ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰা বুলিও প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ অসম আৰক্ষীৰ এই ভুৱা এনকাউণ্টাৰক লৈ দিল্লীৰ অধিবক্তা আৰিফ জোৱাদ্দাৰে প্ৰথমে গুৱাহাটী উচ্ছ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰি ভুৱা এনকাউণ্টাৰ চিবিআই বা আন ৰাজ্যৰ আৰক্ষীৰ দ্বাৰা নিৰপেক্ষ তদন্তৰ আৰ্জি দিছিল৷ এই গোচৰটোত ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত ১৭১টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰিছিল৷ য’ত ৫৬জন অভিযুক্তৰ মৃত্যু হৈছিল আৰু ১৪৩জন অভিযুক্ত গুলীবিদ্ধ হোৱাৰো তথ্য অৱগত কৰিছিল আদালতক৷ কিন্তু গোচৰীয়া পক্ষই পৰ্যাপ্ত তথ্য-প্ৰমাণ দাখিল কৰিব নোৱৰা বুলি কৈ উচ্ছ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটো খাৰিজ কৰে৷ উচ্ছ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ৩ান জনাই অধিবক্তা আৰিফ জোৱাদ্দাৰে শেহতীয়াকৈ উচ্ছতম ন্যায়ালয়ত ৭৯২৯/২০২৩ নম্বৰত এছএলপি দাখিল কৰে৷ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি সোমবাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰ, ডিজিপি আৰু নেশ্বনেল হিউমেন ৰাইট্‌ছ কমিচনক ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ জাননী জাৰি কৰে৷ এই গোচৰটোত আবেদনকাৰীৰ হৈ প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণ দ্বাৰস্থ হৈছে৷ স্বাভাৱিকতেই অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ বিষয়টো সৰ্বোচ্ছ ন্যায়ালয়ৰ আইনী মেৰপেচত বন্দী হৈ পৰিছে৷