Logo
image

জোনমণি ৰাভাৰ মৃত্যু তদন্তঃ মৰিকলং আৰক্ষী চকীত চি বি আইৰ অভিযান, সাংবাদিকক জেৰা

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত বাহৰ পাতি চি বি আইৰ দলে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু ৰহস্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে। চি বি আইৰ দলে বুধবাৰে পুনৰ জোনমণি ৰাভাই শেষ দিনটোলৈকে ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা মৰিকলং আৰক্ষী চকীত তদন্ত চলায়। দলটোৱে পুৱাৰে পৰা জোনমণি ৰাভা বহা কোঠাটোৰ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে মৰিকলং আৰক্ষী চকীৰ বিভিন্ন চকী-মেজৰ ফিংগাৰপ্ৰিণ্টো সংগ্ৰহ কৰে।  

অভিযানৰ সময়ত মৰিকলং আৰক্ষী চকীৰ সকলো আৰক্ষীক থানাৰ বাহিৰত থাকিবলৈ নিৰ্দেশ দিয়ে চিবিআইৰ দলটোৱে।  ইপিনে মঙলবাৰে বিয়লি নগাঁও আৱৰ্ত্ত ভৱনত থকা চি বি আইৰ অস্থায়ী কাৰ্যালয়ত এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ নগাঁৱৰ এজন সাংবাদিকক জেৰা কৰে চি বি আইৰ দলটোৱে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সাংবাদিকজনৰ এখন গাড়ী এজন তীৰ ব্যৱসায়ীৰ সৈতে জব্দ কৰিছিল নগাঁও আৰক্ষীয়ে। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত এইজন সংবাদদাতা নিশা বহু দেৰিলৈকে নগাঁও সদৰ থানাত উপস্থিত আছিল। সেয়েহে তদন্তৰ খাতিৰত সংবাদদাতাজনক চি বি আইৰ দলটোৱে সোধাপোচা কৰে বুলি জানিব পৰা গৈছে। আনহাতে, মৃত্যুৰ পূৰ্বে জোনমণি ৰাভাই ২  লাখ টকাৰে ক্ৰয় কৰা এটা আইফোন আৰু এপ'ল কোম্পানীৰ লেপটপটোৰ সন্ধানতো চি বি আইয়ে অভিযান চলাইছে বুলি জানিব পৰা গৈছে।