২৯খন দেশৰ বিৰুদ্ধে ভ্ৰমণ নিষেধাজ্ঞা বাইডেনৰ
আমাৰ অসম, ২৬ জানুৱাৰীঃ বিদায়ৰ আগে আগে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ক’ভিড সম্পৰ্কীয় ভ্ৰমণ নিষেধাজ্ঞা বাতিল কৰি থৈ যায়৷ যাৰ ফলত এই দেশসমূহৰ পৰা আমেৰিকালৈ অহা-যোৱা কৰাৰ সুযোগ লাভ কৰে লোকসকলে৷ কিন্তু জ’ বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পাছতে এতিয়া ট্ৰাম্প প্ৰশাসনৰ উক্ত নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ সোমবাৰে এটা কাৰ্যকৰী নিৰ্দেশত স্বাক্ষৰ কৰি বাইডেনে ব্ৰিটেইন, ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু ইউৰোপৰ ২৬খন দেশৰ ওপৰত পুনৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ সিদ্ধান্ত লয়৷ ফলত এই দেশসমূহৰ পৰা এতিয়া আমেৰিকালৈ কোনো লোক আহিব নোৱাৰিব৷ আমেৰিকাত এতিয়াও কৰ’না ভাইৰাছৰ ত্ৰাস হ্ৰাস পোৱা নাই৷ চাৰি লাখৰো অধিক লোকৰ মৃত্যু হৈছে দেশখনত৷ তেনে অৱস্থাত এই দেশসমূহৰ পৰা আমেৰিকালৈ পুনৰ লোক আহিবলৈ ল’লে আমেৰিকাৰ পৰিস্থিত ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই বেছি৷ গতিকে বাইডেন প্ৰশাসনে ট্ৰাম্পৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়৷ উল্লেখ্য, বাইডেন প্ৰশাসনে আমেৰিকাত কৰ’না ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজহুৱা স্থানত মাস্ক বাধ্যতামূলক কৰিছে৷






