Logo
image

মণিপুৰত অধিক ধৰ্ষণ-হত্যাৰ তথ্য পোহৰলৈ, চৰকাৰ এতিয়াও নিৰ্লিপ্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ জুলাইঃ যোৱা বুধবাৰে তিনিগৰাকী মহিলাৰ ভয়াৱহ যৌন নিৰ্যাতনৰ ঘটনাৰ ভিডিঅ’ বিয়পি পৰাৰ পাছত মণিপুৰত পুনৰ নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শনিবাৰে ৰাজধানী চহৰ ইম্ফলত মহিলাৰ বিশাল দলে হিংস্ৰ প্ৰতিবাদ আৰম্ভ কৰাৰ ফলতে পুনৰ ৰাজ্যখনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সেনাই প্ৰতিবাদীক ছত্ৰভংগ দিয়াবৰ বাবে লাঠীচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাবাহিনীয়ে ফ্লেগমাৰ্চ কৰে৷  হিংসাত্মক প্ৰতিবাদৰ ঘটনা সংঘটিত হয় ইম্ফল চহৰৰ ঘাৰি মাখা লেইকাই অঞ্চলত৷ সেই স্থানত বিশাল প্ৰতিবাদী মহিলাৰ দল সমবেত হৈ টায়াৰ জ্বলাই সকলো পথ অৱৰোধ কৰি পেলায়৷ মহিলাৰ দলটোৱে গোষ্ঠীসংঘৰ্ষ ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ বাবে প্ৰতিবাদ কৰাৰ  লগতে শেহতীয়াকৈ পোহৰলৈ অহা নাৰী নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনৰ অকৰ্মন্যতা তথা চৰকাৰে ঘটনা গাপ দি ৰখাৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাত শনিবাৰে ইম্ফল চহৰৰ মাজমজিয়া ৰনাংগণলৈ পৰ্যবসিত হয়৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু সেনাবাহিনীয়ে বলপ্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলেও সমগ্ৰ ৰাজধানী চহৰখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে৷ ইম্ফলৰ নিৰ্দিষ্ট কেতবোৰ স্থানত সেনাবাহিনীয়ে ফ্লেগমাৰ্চ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই আছে৷ আনহাতে, ভিডিঅ’-কাণ্ডৰ পঞ্চমজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ কালি সন্দেহযুক্ত আন এক অভিযুক্তৰ ঘৰ জনতাই জ্বলাই দিয়ে৷

আনহাতে, পূৰ্বৰ বিদ্ৰোহী সংগঠন মিজো নেশ্বনেল ফ্ৰণ্টৰ [এমএনএফ] সশস্ত্ৰ গোট ‘পামৰা’ই [পিচ একৰ্ড এম এন এফ] দিয়া ভাবুকিৰ পৰিপ্ৰেক্ষিতত কেইবা শতাধিক মেইটেই মণিপুৰীয়ে শনিবাৰে প্ৰাণৰ ভয়ত মিজোৰাম ত্যাগ কৰিছে৷ শনিবাৰে এটা ৬০জনীয়া মেইটেই মণিপুৰীৰ দলে আইজলৰ সমীপৱৰ্তী লেংপুই বিমানবন্দৰৰ পৰা ইম্ফলৰ টুলিহাল বিমানবন্দৰলৈ বিমানেৰে পলায়ন কৰে৷ আন কেইবাশ মেইটেই মণিপুৰীয়ে বিমানৰ টিকট নাপাই পৰিয়ালসহ গাড়ীৰে মিজোৰাম ত্যাগ কৰিছে৷ শুকুৰবাৰে ‘পামৰা’ই এটা বিবৃতিত মিজোৰামত থকা মেইটেই মণিপুৰী লোকক ভাবুকি দি কৈছিল– ‘মিজোৰামৰ পৰিস্থিতিও ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ আহিছে৷ মণিপুৰত জো সম্প্ৰদায়ৰ বিৰুদ্ধে সংঘটিত কৰা ঘৃণনীয় অপৰাধৰ পাছত এতিয়া মেইটেই মণিপুৰীৰ বাবে মিজোৰাম নিৰাপদ হৈ নাথাকিব৷ জো সম্প্ৰদায়ৰ বিৰুদ্ধে মণিপুৰত মেইটেইসকলে সংঘটিত কৰা অত্যাচাৰে মিজোসকলক আঘাত দিছে৷ সেই দায়িত্ব তেওঁলোকে ল’ব লাগিব৷’ ‘পামৰা’ নামৰ বিদ্ৰোহী সংগঠনটোৱে এই বিবৃতি দিয়াৰ পাছতে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষ মিজোৰামলৈ বিয়পি পৰাৰ আশংকাই দেখা দিছে৷ উল্লেখ্য, তিনিগৰাকী মহিলাক নগ্ন কৰি শোভাযাত্ৰা কৰোৱাৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে ‘পামৰা’ই এনে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

যোৱা বুধবাৰে ভাইৰেল হোৱা ভিডিঅ’ত যি ঘটনা সংঘটিত হৈছিল, ঠিক তদ্ৰুপ ঘটনা একে সময়তে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰতো সংঘটিত হৈছিল৷ ইম্ফলৰ এটা ‘কাৰ ৱাশ্ব শ্ব’ৰূম’ত কৰ্মৰত দুগৰাকী কুকি যুৱতীক ৫ মে’ত একেদৰেই দলবদ্ধভাৱে ধৰ্ষণ কৰি গুলীয়াই হত্যা কৰা হৈছিল৷ সেই পাশৱিক ঘটনাৰ এজাহাৰ ৰুজু কৰা হ’লেও আজিলৈকে মণিপুৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ আনকি মণিপুৰৰ বিজেপি চৰকাৰে এই ঘৃণনীয় ধৰ্ষণ আৰু হত্যাৰ ঘটনাত চৰম নিৰ্লিপ্ততা প্ৰদৰ্শন কৰি আছে৷ তাতকৈয়ো বিপজ্জনক কথা হৈছে, এই পাশৱিক কাণ্ডৰ বিষয়ে সকলো তথ্য বিস্তৃতভাৱে জনাই ‘নৰ্থ আমেৰিকান মণিপুৰী ট্ৰাইবেল এছ’চিয়েশ্বনে’ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ কিন্তু ভিডিঅ’-কাণ্ডৰ দৰে এই ঘটনাও মোদী চৰকাৰৰ নিয়ন্ত্ৰিত ৰাষ্ট্ৰীয় মহিলা আয়োগে লুকুৱাই ৰাখিছিল৷ এই সন্দৰ্ভত মুখ বন্ধ কৰি ৰাখিছে মণিপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধানে৷ আৰক্ষী সঞ্চালকপ্ৰধান ৰাজীৱ সিঙক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ মন্তব্য দিবলৈ অস্বীকাৰ কৰে৷ একেদৰে ইম্ফল পূবৰ আৰক্ষী অধীক্ষক শিৱকান্তয়ো এই ঘটনা সন্দৰ্ভত মুখ খুলিবলৈ অস্বীকাৰ কৰে৷ অৱশ্যে আৰক্ষীয়ে এটা বিষয় নিশ্চিত কৰিছে যে এতিয়ালৈকে উক্ত গোচৰ সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই৷

দলৱদ্ধ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা যুৱতী দুগৰাকীৰ পৰিয়ালে জনোৱা অনুসৰি তেওঁলোকে সেই ছাইকুল থানাতে ‘জিৰো এফ আই আৰ’ দাখিল কৰিছিল, য’ত ভিডিঅ’-কাণ্ডৰ নিৰ্যাতিতায়ো ‘জিৰো এফ আই আৰ’ দাখিল কৰিছিল৷ ১৬ জুনতে তেওঁলোকে এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিছিল৷ কিন্তু ছাইকুল থানাই আজি পৰ্যন্ত এই এজাহাৰৰ ক্ষেত্ৰত পদক্ষেপ লোৱা নাই আৰু এজাহাৰ ঘটনা সংঘটিত হোৱা থানালৈ প্ৰেৰণ কৰা নাই৷ এতিয়া ভিডিঅ’-কাণ্ডৰ ঘটনাই দেশ জোকাৰি পেলোৱাত মণিপুৰৰ আৰক্ষী সন্ত্ৰস্ত হৈছে আৰু নিৰ্যাতিতা দুই কুকি যুৱতীৰ পৰিয়ালে ইম্ফল পূব থানাত পুনৰ এজাহাৰ দাখিল কৰিছে৷ উল্লেখ্য, ভিডিঅ’-কাণ্ডৰ এজাহাৰ ইয়াৰ দুদিন পাছত অৰ্থাৎ ১৮ জুনত ছাইকুল থানাত দাখিল কৰা হৈছিল৷ পৰিয়ালে জনোৱা অনুসৰি দুই কুকি যুৱতীৰ বয়স আছিল ক্ৰমে ২১ আৰু ২৪ বছৰ৷ তেওঁলোকে ইম্ফল পূব জিলাৰ এটা ‘কাৰ ৱাশ্ব শ্ব’ৰূম’ত কাম কৰিছিল৷ গোষ্ঠী সংঘৰ্ষ আৰম্ভ হোৱাৰ সময়তে তেওঁলোকক কুকি যুৱতী বুলি জানি এটা ১০০-২০০জনীয়া জনতাৰ দলে দুয়োকে ভাৰাঘৰৰ পৰা টানি উলিয়াই নিয়ে৷ তেওঁলোকক সকলোৰে সন্মুখত বিৱস্ত্ৰা কৰা হয় আৰু মুকলি স্থানত দলৱদ্ধভাৱে ধৰ্ষণ কৰা হয়৷ পাছত দুয়োকে নিৰ্দয়ভাৱে গুলীয়াই হত্যা কৰে উন্মত্ত দলটোৱে৷ এই সমস্ত ঘটনা যুৱতী দুগৰাকীৰ সৈতে ভাৰাঘৰত একেটা চৌহদত থকা আৰু একেটা শ্ব’ৰূমত কাম কৰা নগা যুৱকজনে পৰিয়ালক অৱগত কৰে৷ আৰক্ষীয়ে হত্যা আৰু ধৰ্ষণৰ বলি হোৱা দুয়োগৰাকী যুৱতীৰ ফটো পৰিয়াললৈ প্ৰেৰণ কৰিয়েই হাত সাৱতি বহি থাকে৷ পৰিয়ালক আৰক্ষীয়ে পোষ্টমৰ্টেম ৰিপ’ৰ্ট দিয়া নাই আৰু ঘটনাৰ তদন্ত এখোজো আগবঢ়োৱা নাই৷

কাৰ্বি আংলঙত আশ্ৰয় লোৱা কুকি পৰিয়ালক থৈ আহিল ডিমাপুৰত

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ মণিপুৰত ৩ মে’ৰ পৰা চলি আছে গোষ্ঠী সংঘৰ্ষৰ জুই৷ এই জুয়ে দহিছে কুকি আৰু মেইটেই জনগোষ্ঠীক৷ সংখ্যালঘু কুকি জনগোষ্ঠীৰ মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত ঘূৰোৱা আৰু যৌন অত্যাচাৰ চলোৱা, এগৰাকী যুৱতীক মুকলিভাৱে দলবদ্ধ ধৰ্ষণ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে মণিপুৰৰ ঘটনাক লৈ চকু মেল খাইছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ৷ সেই নাৰকীয় কাণ্ডৰে জড়িত ৫জনক দুমাহৰ পাছত গ্ৰেপ্তাৰ কৰি বীৰেণ সিং নেতৃত্বাধীন ৰাজ্য চৰকাৰে পাপৰ প্ৰায়চিত্ত কৰিবলৈ বাধ্য হৈছে দেশৰ উচ্ছতম ন্যায়ালয়ৰ ধমকত৷ এই গোষ্ঠীসংঘৰ্ষৰ সময়ত প্ৰাণৰ মমতাত বহু কুকি লোকে মণিপুৰ এৰি মিজোৰাম, গুৱাহাটী, ডিমাপুৰ আদিত আশ্ৰয় লৈ আছে৷ মণিপুৰৰ কাংপকপি জিলাৰ টুইপাজং আৰু এল মছলং গাঁৱৰ দুটা পৰিয়ালে শিশুসহ আহি কাৰ্বি আংলং জিলাৰ মানজাত আশ্ৰয় লৈছিল৷ তেওঁলোক হ’ল জাংটং গুইচে [৩০], তেওঁৰ পত্নী নেনজিইকিম গুইটে [২৪], থেংলেনমেং জুইটে [৩], ছেমগুচম গুইটে [১], মিছ কিমনিচং ছিংচং [১৮], লালৰিনপুই ভাইপে [২৪], মিছেচ কিমাহ গুইটে, ইহিংলিথাং ছিংচং [৭] আৰু হেনগুটেন ভাইপে [ৰ]৷ তেওঁলোকক আজি নিজ নিজ ঘৰলৈ ঘূৰি যোৱাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জিনফেডৰ অধ্যক্ষ টৌ থং টৌ থাঙে ডিমাপুৰত থৈ আহে৷ কুকি ছাত্ৰ সন্থাই তেওঁলোকক ঘূৰি যোৱাৰ খৰচ দিয়ে৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অনুৰোধত জিনফেডৰ অধ্যক্ষজনে এই দায়িত্ব পালন কৰা বুলি সামাজিক মাধ্যমত ব্যক্ত কৰিছে৷ এই পৰিয়ালকেইটা প্ৰাণৰ মমতাত পলাই অহাৰ দৰেই গাঁৱৰ আন আন লোকো বিভিন্ন স্থানলৈ পলাই গৈছিল৷ এতিয়া লাহে লাহে দুই-এঘৰকৈ লোক গাঁৱলৈ ঘূৰি অহাত তেওঁলোকো নিজৰ আপোন ঘৰখনলৈ ঘূৰি গৈছে৷ কিন্তু তেওঁলোকৰ ঘৰ কি অৱস্থাত আছে সেয়া তেওঁলোকে নাজানে৷

ডিফুত মণিপুৰ-কাণ্ডৰ প্ৰতিবাদ

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ যোৱা ৩ মে’ৰ পৰা গোষ্ঠীসংঘৰ্ষত উত্তাল হৈ থকা মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাক নগ্ন কৰি ৰাজপথত সমদল উলিওৱাৰ প্ৰতিবাদত আজি ডিফুতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ আজি চহৰৰ ছেমছনছিং ইংতি পাৰ্কত আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি দলৰ নেতৃত্বত পাঁচ শতাধিক কুকি আৰু কাৰ্বি প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী দলটোৱে৷ সংবাদ মাধ্যমৰ আগত এপিএইচএলচিৰ সভাপতি জে আই কাথাৰে কয় যে– মণিপুৰৰ শেহতীয়া দুই কুকি মহিলাক বিবস্ত্ৰ কৰি এদল পাশৱিক লোকে সমদল কৰোৱা কাৰ্যই ভাৰতক বিশ্বৰ ওচৰত লজ্জানত কৰিলে৷ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মণিপুৰক শান্ত কৰিবলৈ গৈছিল যদিও তেওঁলোক উভতি অহাৰ পাছতেই মণিপুৰ অধিক উত্তাল হৈ পৰে৷ মণিপুৰত ভাৰতীয় মংগোলীয়ানসকলক নিঃশেষ কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ চলিছে বুলি কাথাৰে মন্তব্য কৰে৷ মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱৰা বিজেপি নেতৃত্বাধীন বীৰেণ সিঙৰ চৰকাৰ বৰ্খাস্ত কৰি মণিপুৰত ৰাষ্ট˜পতি শাসন জাৰি কৰাৰো দাবী কৰে দলটোৱে৷ আনহাতে, মণিপুৰৰ হিংসাত নিহত, আহত পৰিয়ালৰ লোক, সম্পত্তি নষ্ট, ধবংস কৰা গীৰ্জা, বিদ্যালয়ৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰক পৰ্যাপ্ত পুঁজি মুকলি কৰি দিবলৈও দাবী জনায় কাথাৰে৷

তেজপুৰত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাতনৰ ঘটনাৰ সুবিচাৰ দাবীৰে আৰু এই জঘন্য কাণ্ডৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক জগৰীয়া কৰি তেওঁলোক আটাইৰে পদত্যাগ দাবী কৰিছে কংগ্ৰেছে৷ আজি তেজপুৰত শোণিতপুৰ জিলা মহিলা কংগ্ৰেছে মণিপুৰৰ জঘন্য নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে তেজপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মণিপুৰৰ ঘৃণনীয় ঘটনাক গাপ দিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো ক্ষুৰধাৰ সমালোচনা কৰে৷ শোণিতপুৰ জিলা মহিলা কংগ্ৰেছে কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে মণিপুৰৰ এই জঘন্য কাণ্ডকলৈয়ো ৰাজনীতি কৰিবলৈ গৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত ধৰ্ষণৰ প্ৰতিযোগিতা পাতিবলৈ বিচৰা বুলি মন্তব্য কৰে৷ কেৱল মণিপুৰতে ধৰ্ষণ হোৱা নাই, পশ্চিম বংগ, ৰাজস্থান আৰু ছত্তিশগড়তো ধৰ্ষণ হয় বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৰা মন্তব্য অতি ঘৃণনীয় বুলি উল্লেখ কৰি শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী তৰুলতা দাস গোৱলা আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতাই মুখ্যমন্ত্ৰীয়ে এনে মন্তব্যৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ধৰ্ষণৰ প্ৰতিযোগিতা পাতিবলৈ বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰে৷ মণিপুৰত কেৱল দুগৰাকী নাৰীকে ধৰ্ষণ তথা উলংগ কৰি ৰাজপথত খোজকঢ়োৱাৰ দৰে মানৱ জাতিক লজ্জানত কৰা দুস্কাৰ্যৰ বিপৰীতে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মণিপুৰত এনে বহু ঘটনা সম্প্ৰতি মণিপুৰত হৈ থকা বুলি দিয়া ভাষ্যক অতি টুলুঙা বুলি মন্তব্য কৰি কংগ্ৰেছ নেত্ৰী কলিতাই কয় যে, নিৰ্যাতিতা মহিলাদুগৰাকীৰ এজাহাৰ গ্ৰহণ কৰিবলৈ মণিপুৰ আৰক্ষীয়ে অস্বীকাৰ কৰাৰ পৰাই ৰাজ্যখনত মহিলাৰ কোনো নিৰাপত্তা নথকা কথাটো প্ৰতিপন্ন কৰিছে৷ মণিপুৰৰ এই দুগৰাকী মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাতন সমগ্ৰ নাৰীৰ ওপৰতে চলোৱা নিৰ্যাতন বুলি মন্তব্য কৰি কলিতাই মণিপুৰত শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ দাবী জনাই কয় যে দেশৰ ৰাষ্ট্ৰপতিগৰাকী যিহেতু এগৰাকী মহিলা গতিকে তেওঁ মহিলাৰ এই চৰম নিৰাপত্তাহীন অৱস্থাক উপলব্ধি কৰিব পাৰিব৷ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ অংশগ্ৰহণেৰে তেজপুৰত জিলা কংগ্ৰেছে ৰূপায়ণ কৰা এই প্ৰতিবাদী সমদলত মহিলা কংগ্ৰেছৰ সদস্যাসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়, মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰক, ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰক, মহিলাৰ সুৰক্ষা নিশ্চিত কৰক আদি ধবনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ তেজপুৰস্থিত ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰা জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলৰ হৈ প্ৰদেশ মহিলা কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ বিস্ফোৰক পৰিস্থিতিৰ ৭৮দিনৰ পাছত মাত্ৰ ৩৬ছেকেণ্ড সময় মণিপুৰৰ প্ৰসংগ উল্লেখ কৰি তাতো ৰাজনীতিৰ আশ্ৰয় লোৱা কাৰ্যক ধিক্কাৰ দি বেটী বচাও বেটী পঢ়াও শ্ল’গান আৰু নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনতেই আটাইতকৈ অধিক নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱাৰ লগতে নাৰীয়ে নিজৰ নিৰাপত্তাৰ বাবে ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱা বুলি ক্ষোভ উজাৰি এইসকলৰ পদত্যাগ দাবী কৰে৷