Logo
image

বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান

আমাৰ অসম, ২৭ জানুৱাৰীঃ বদৰপুৰ সমষ্টিৰ বিধায়ক জামাল উদ্দিন আহমেদৰ দেহাৱসান ৷ ২৬ জানুৱাৰীৰ নিশা কৰিমগঞ্জ মাইজডিহি পথত থকা নিজা বাস ভবনত হঠাৎ অসুস্থ হৈ পৰাত বিধায়কগৰাকীক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিয়ে। শিলচৰলৈ যোৱাৰ পূৰ্বেই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়তে মৃত্যু হয় ৬৬ বছৰীয়া বিধায়ক গৰাকীৰ৷ মধুমেহ আৰু হৃদ ৰোগত আক্ৰান্তত হৈ মৃত্যু হয় বিধায়কগৰাকীৰ। তেখেত ২০০১, ২০১১ আৰু ২০১৬ চনত বদৰপুৰৰ পৰা তিনিবাৰ কংগ্ৰেছৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।