Logo
image

টীম বিজেপিৰ বিশেষ ‘অনুসন্ধান’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ জুলাইঃ মণিপুৰৰ নাৰী নিৰ্যাতনৰ ভিডিঅ’ই সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়ত শলঠেকত পৰিছে বিজেপি৷ মণিপুৰত সংঘটিত এই পাশৱিক ঘটনা প্ৰায় আঢ়ৈমাহে লুকুৱাই ৰাখিছিল মণিপুৰৰ বিজেপি চৰকাৰে৷ কিয়নো ভিডিঅ’ ভাইৰেল হোৱাৰ আগলৈকে আৰক্ষীয়ে ডেৰমাহ পূৰ্বে ৰুজু হোৱা গোচৰৰ কোনো তদন্ত কৰা নাছিল৷ আনকি ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ঘটনাৰ অভিযোগ পায়ো কোনো ব্যৱস্থা নলৈ ঘটনাটো গাপ দি ৰাখিছিল৷ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে এই পাশৱিক ঘটনা পোহৰলৈ অহাত শলঠেকত পৰা বিজেপিয়ে এতিয়া সমগ্ৰ দেশৰ অবিজেপি চৰকাৰ থকা ৰাজ্যত ক’ত ক’ত নাৰী নিৰ্যাতনৰ  ঘটনা সংঘটিত হৈছে, তাৰ অনুসন্ধানত ব্যস্ত হৈ পৰিছে৷ বিজেপি যে তেনে অনুসন্ধানত ব্যস্ত হ’ব, সেয়া মণিপুৰৰ ঘটনাক লৈ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ খোলোতেই ইংগিত প্ৰকাশ কৰিছিল৷ মোদীয়ে মণিপুৰৰ লগতে কংগ্ৰেছশাসিত ৰাজস্থান আৰু ছত্তীশগড়ৰ নাম লৈ প্ৰৰোচনামূলক মন্তব্য কৰিছিল৷ তাৰ পাছত শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ সুৰত সুৰ মিলাই জঁপিয়াই পৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ দেশৰ প্ৰতিটো বিষয়তে মুখ মেলা হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কৈছিল যে সকলোৱে এনে এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে যেন মণিপুৰত সদাই ধৰ্ষণ হয়৷ পিছে পশ্চিম বংগ, ৰাজস্থান, ছত্তীশগড়ৰ তুলনাত মণিপুৰত ধৰ্ষণৰ ঘটনা কম হয়৷ আনহাতে কালিয়েই ইনাই বিনাই কান্দি পশ্চিম বংগৰ বিজেপি সাংসদ লকেট চেটাৰ্জীয়ে পশ্চিম বংগত মণিপুৰৰ দৰে বিৱস্ত্ৰা কৰি মহিলাক পদযাত্ৰা কৰোৱাৰ অভিযোগ তুলিছিল৷ পাছত সেই ঘটনা আৰক্ষীয়ে মিছা বুলি প্ৰকাশ কৰে৷ নাৰী নিৰ্যাতনৰ ঘটনাৰ তদন্তত বিজেপি শনিবাৰে একপ্ৰকাৰ জঁপিয়াই পৰিছে৷ বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্য, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, স্মৃতি ইৰাণী শনিবাৰে পুৱাৰ পৰাই ‘অনুসন্ধান’ আৰু প্ৰত্যাক্ৰমণত নামি পৰে৷ অমিত মালব্যই পশ্চিম বংগৰ মালদহৰ ঘটনা টুইট কৰে৷ স্মৃতি ইৰাণী আৰু অনুৰাগ ঠাকুৰে পশ্চিম বংগ, বিহাৰ আৰু ৰাজস্থানত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি অবিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰে৷ মণিপুৰৰ ঘটনাক লৈ বিজেপি সংকটত পৰাৰ সময়তে এতিয়া টীম বিজপি ধৰ্ষণৰ অনুসন্ধানত নামি পৰাত দলটো দেশৰ আন অংশৰ ওচৰত একপ্ৰকাৰ হাঁহিয়াতৰ পাত্ৰ হৈছে৷