Logo
image

অসম-মেঘালয় সীমা সমস্যাৰ নিষ্পত্তি শীঘ্ৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুলাইঃ অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত শনিবাৰে পুনৰ অনুষ্ঠিত হয় এখন মন্ত্ৰী পৰ্যায়ৰ বৈঠক৷ অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক নন্দিতা দাস আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইচং আৰু দুই ৰাজ্যৰ শীৰ্ষ বিষয়াৰ মাজত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয় উক্ত বৈঠক৷ বৈঠকত দুই ৰাজ্যৰ এতিয়াও নিষ্পত্তি হ’বলৈ বাকী থকা ৬টা বিবদমানস্থান সন্দৰ্ভত মীমাংসা কৰিবলৈ ২৫ আগষ্টত পুনৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি ২৬ আগষ্টত বিবদমান ৬টা স্থান দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীয়ে ভ্ৰমণ কৰাৰ সিদ্ধান্ত কৰা হয়৷ ইয়াৰ পূৰ্বে জিলা উপায়ুক্তসকলে পৰিদৰ্শন কৰিব উক্ত বিবদমান স্থান৷ দুয়োখন ৰাজ্যৰ ১২টা বিবদমান স্থান আছিল৷ তাৰ ৬টা স্থানৰ সীমা সমস্যাৰ ইতিমধ্যে সমাধান কৰা হৈছে৷ শনিবাৰে মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পাছত ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী তথা সংশ্লিষ্ট আঞ্চলিক কমিটীৰ অধ্যক্ষ অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়–অসম আৰু মেঘালয়ৰ মাজৰ বিবদমান অঞ্চলসমূহৰ সীমা সমস্যাৰ অতি শীঘ্ৰেই সমাধান হ’ব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাজনৈতিক সদিচ্ছা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী ড॰ কনৰাড চাংমাৰ আগ্ৰহৰ ফলশ্ৰুতিত দীৰ্ঘদিনীয়া এই সীমা সমস্যাৰ সমাধানে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী বিবদমান অঞ্চলসমূহৰ উন্নয়ন আৰু বিকাশ ক্ষীপ্ৰতৰ কৰি তুলিব৷ মেঘালয় উপ-মুখ্যমন্ত্ৰী তথা মেঘালয়ৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ প্ৰেষ্টন টাইনচং, অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী তথা সংশ্লিষ্ট আঞ্চলিক সমিতিৰ অধ্যক্ষ চন্দ্ৰ মোহন পাটোৱাৰী, অসম আৰু মেঘালয়ৰ বিধায়কদ্বয় ক্ৰমে নন্দিতা দাস আৰু এচ চহটুন, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ উপায়ুক্তদ্বয়ৰ লগতে অসম আৰু মেঘালয়ৰ সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা আঞ্চলিক সমিতি দুখনৰ এই বৈঠকত কামৰূপ মহানগৰ জিলা আৰু কামৰূপ জিলাৰ সৈতে জড়িত অসম-মেঘালয় সীমান্তৱৰ্তী তিনিটা অঞ্চলৰ সীমা সমস্যা সম্পৰ্কত আলোচনা কৰা হয়৷ বৈঠকত অহা ২৬ আগষ্টত কামৰূপ মহানগৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৱেষ্ট ডিমৰীয়াৰ বিবদমান অঞ্চলসমূহ যুটীয়াভাৱে পৰিদৰ্শন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ পূৰ্বে বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ অসম আৰু মেঘালয়ৰ সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলক দায়িত্ব দিয়া হয়৷