Logo
image

ছেপ্টেম্বৰৰ পৰা পুনৰ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

নতুন দিল্লী, ২৩ জুলাইঃ লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত কংগ্ৰেছে পুনৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বতেই লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত কংগ্ৰেছে পুনৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বতেই এইবাৰো দলটোৱে আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীয়ে দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল৷ শেষ হৈছিল দেশৰ উত্তৰ প্ৰান্তৰৰ শ্ৰীনগৰত৷ ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা এই ভাৰত জোড়ো যাত্ৰাই সামৰি লৈছিল প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ পথ৷ প্ৰায় পাঁচমাহ ধৰি চলিছিল এই যাত্ৰা৷ এইবাৰো ভাৰত জোড়ো যাত্ৰা আৰম্ভ হ’ব পূবৰ পৰা পশ্চিম ভাৰতলৈ৷ সেই অনুসৰি অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ পৰশুৰাম কুণ্ডৰ পৰা যাত্ৰা আৰম্ভ হৈ গুজৰাটৰ পোৰবন্দৰৰ মোহনদাস কৰমচাঁদ গান্ধীৰ জন্মস্থানত সামৰণি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এইবাৰো ৰাহুল গান্ধীৰ নেতৃত্বতে এই যাত্ৰাই প্ৰায় পাঁচ মাহত তিনি হাজাৰ কিলোমিটাৰ পথ সামৰি ল’ব৷ কংগ্ৰেছৰ দলীয় সূত্ৰই সদৰি কৰা মতে লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি বিৰোধী প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক ভেটি মজবুত কৰি তোলাৰ বাবেই ৰাহুল গান্ধীয়ে এই যাত্ৰা আৰম্ভ কৰিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেই ইতিমধ্যে বিজেপি বিৰোধী দলসমূহ এক হৈ ‘ইণ্ডিয়া’ নামেৰে মিত্ৰজোঁট গঠন কৰিছে৷