Logo
image

মণিপুৰ-কাণ্ডক লৈ সৰৱ বলীউডৰ তাৰকা

মণিপুৰ কাণ্ডক লৈ সৰৱ বলীউড৷ বিগত কেইবামাহ ধৰি গোষ্ঠী হিংসাত জৰ্জৰ মণিপুৰ৷ এই পৰ্যন্ত দুশ লোকৰ মৃত্যু আৰু পঞ্চাশ হাজাৰ লোক গৃহহীন হৈছে৷ ৰাজপথৰ ওপৰত দুগৰাকী মহিলাক নগ্ন কৰি ঘূৰাই ফুৰোৱাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাত শিঁহৰি উঠিছে বলীউডৰ খিলাড়ী কুমাৰ অক্ষয়৷ পথৰ ওপৰত দুগৰাকী কুকি মহিলাৰ কাপোৰ ফালি ছিৰি নগ্ন কৰা হৈছে৷ আক্ৰান্ত দুই মহিলাক ধৰ্ষণৰো অভিযোগ উঠিছে৷ এই লজ্জাজনক ঘটনাক লৈ মুখ খুলিছে অক্ষয় কুমাৰে৷ টুইটযোগে বলীউডক খিলাড়ী কুমাৰে লিখিছে– ‘মণিপুৰৰ মহিলাৰ বিৰুদ্ধে এনে বৰ্বতাৰ ছবি দেখি শিহৰি উঠিছো৷  আশা কৰোঁ অপৰাধীক দৃষ্টান্তমূলক শাস্তি দিয়া হ’ব৷ যাতে ভৱিষ্যতে কেতিয়াও এনে কাম কৰাৰ কথা ভাবিবই নোৱাৰে৷’ ইতিমধ্যে মণিপুৰৰ এই নাৰকীয় ঘটনাক লৈ ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে পৰিচালক বিবেক অগ্নিহোত্ৰী, অভিনেতা ছনু সুদ, অভিনেত্ৰী কিয়াৰা আদৱানি৷ মণিপুৰৰ থৌবাল জিলাৰ নংপোক ছেকমাই থানাৰ নাতিদূৰৈত সংঘটিত এই বৰ্বৰ ঘটনাক একালৰ অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটযোগে তীব্ৰ গৰিহণা দিছে৷ ইৰাণীয়ে লিখিছে– ‘দুগৰাকী মহিলাৰ ওপৰত ভয়াৱহ যৌন নিৰ্যাতনৰ ঘটনাক তীব্ৰ নিন্দা কৰিছো৷ এই ঘটনাৰ উচিত ন্যায় বিচাৰ হ’ব লাগে৷’ সেইদৰে পৰিচালক বিবেক অগ্নিহোত্ৰী, অভিনেত্ৰী কিয়াৰা আদৱানি, অভিনেতা ছনু সুদ, অভিনেত্ৰী উৰ্মিলা, প্ৰিয়ংকা আদিয়ে এই জঘন্য ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতেউচিত তদন্তৰ দ্বাৰা দোষীয়ে উপযুক্ত শাস্তি পোৱাটো কামনা কৰিছে৷