Logo
image

সাহিত্যাচাৰ্য, ভাষাবিদ ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

আমাৰ অসম, ২৭ জানুৱাৰীঃ বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান ৷ এই গৰাকী অসমীয়া ভাষাৰ অভিভাৱকৰ মহাপ্ৰয়াণ অসমীয়া ভাষা-সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি।  দীৰ্ঘদিনধৰি অসুস্থহৈ আছিল সাহিত্যাচাৰ্যগৰাকী। ৭৯ বছৰ বয়সত মঙলবাৰে মহানগৰীৰ লখিমীনগৰস্থিত নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে ৷ কেইবাটাও ৰোগত আক্ৰান্ত হৈ ৩ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ জিএনআৰচিত আৰু ১৬ ডিচেম্বৰৰ পৰা ২৩ জানুৱাৰীলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ড০ ৰমেশ পাঠক। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনৰ পালমনাৰী আৰু কাৰ্ডিঅ'লজি বিভাগৰ চিকিৎসকে চিকিৎসা চলাইছিল তেখেতক।

তেখেত ১৯৫৯ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিছত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই.এ. আৰু ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় । তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় ১৯৬৫ চনত। পৰৱৰ্তী সময়ত ড৹ পাঠকে প্ৰথমে অৰুণাচল প্ৰদেশৰ তেজু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে চাকৰিত যোগদান কৰে । ইয়াৰ পিছতে ১৯৬৬ চনত অৰুণাচল প্ৰদেশৰ জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে ড৹ পাঠকে।

ইয়াৰ চাৰি বছৰ পিছত ১৯৭০ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে। আৰু কটন বিশ্ববিদ্যালয়ৰ পৰাই তেখেতে অৱসৰ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত তেখেতে ২০০৬ চনৰ পৰা ২০১০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আৰু ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অসমীয়া ভাষাৰ ইতিহাস, ভাষা বিজ্ঞানৰ ভূমিকা,ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞানকে ধৰি বহু যুগজয়ী গ্ৰন্থ প্ৰনয়ন কৰি অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে  ড০ পাঠকে৷

ওৰে জীৱন ভাষা, সাহিত্য আৰু ছাত্ৰ-ছা্ত্ৰীৰ ভৱিষ্যতৰ কাৰণে অহোপুৰুষাৰ্থ কৰ্ম কৰা এই গৰাকী বিশিষ্ট ভাষাবিদৰ বিয়োগত এতিয়া সমগ্ৰ ৰাজ্যতে পৰিছে শোঁকৰ ছা ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে লিখিছে, “বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ সাহিত্যাচাৰ্য ড° ৰমেশ পাঠকদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ।”লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰী ড০ শৰ্মাই শোক প্ৰকাশ কৰি লিখিছে, “বিশিষ্ট সাহিত্যিক,গৱেষক পণ্ডিত ড০ ৰমেশ পাঠকদেৱৰ বিয়োগত শোকাহত হৈছো৷ভাষা-সাহিত্যৰ গৱেষণা তথা চৰ্চাৰে তেওঁ যি অমূল্য অৱদান আগবঢ়াই গৈছে সেয়া সদায়েই স্মৰণীয় হৈ থাকিব৷পাঠকদেৱৰ বিয়োগ অপূৰণীয় ক্ষতি৷তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ৷” বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ গৰাকীৰ বিয়োগত "আমাৰ অসম" পৰিয়ালৰ তৰফৰ পৰাও জনালো একাঁজলি শ্ৰদ্ধাঞ্জলি ৷