Logo
image

এনকাউণ্টাৰক লৈ ডিজিপিক আলফাৰ সকীয়নি

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৪ জুলাইঃ ভুৱা এনকাউণ্টাৰ পৰিত্যাগ কৰক, নহ’লে অসম এৰি গুছি যাওক৷– দেওবাৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এইদৰে সকীয়াই দিলে আলফা স্বাধীনে৷ নিষিদ্ধঘোষিত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে– ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নামত ধন সংগ্ৰহ কৰা বুলি ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলাক তিনি লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে৷ অসমৰ জনগণৰ লগতে অসম আৰক্ষীক আমি জনাও যে উক্ত মহিলাগৰাকীৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পৰ্ক নাই৷ গতিকে আলফা স্বাধীনৰ নামত থলগিৰি ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক৷ আনহাতে, শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ ব্যক্তি এগৰাকীক একেই কাৰণত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শীতল মস্তিষ্কৰে গুলীয়াই আঘাত কৰে৷ উক্ত ব্যক্তিগৰাকীক আলফা স্বাধীন সংগঠনে ধন সংগ্ৰহৰ বাবে নিয়োগ কৰা নাছিল৷ সংগঠনৰ নাম লৈ কোনো দুষ্ট চক্ৰই হয়তো তেখেতক ব্যৱহাৰ কৰিব পাৰে৷ গতিকে অসম আৰক্ষীয়ে কোনো ধৰণৰ বাচ-বিচাৰ নকৰি আমাৰ সংগঠনৰ সদস্য বুলি যধে-মধে ভুৱা এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰাতকৈ অসমৰ থলগিৰি জনগণৰ কৰ-কাটলেৰে জমা হোৱা ৰাজকোষৰ কোটি কোটি টকা অন্যায়ভাৱে আত্মসাৎ কৰা বঙাইগাঁৱৰ এচিএছ বিষয়া বিশ্বজিৎ গোস্বামী, মৃণালকান্তি সৰকাৰৰ দৰে দুৰ্নীতিগ্ৰস্ত ব্যক্তি আৰু কয়লা, বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়া মিলন বুঢ়াগোহাঁই, লাচিত গগৈৰ লগতে তেওঁলোকে প্ৰকাশ কৰা আৰক্ষী তথা চৰকাৰী বিষয়াসকলক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক৷ উল্লেখ্য, যোৱা বছৰৰ এপ্ৰিল মাহত শিৱসাগৰৰ সুৰুয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছিল৷ ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে বাৰে বাৰে অসমৰ থলগিৰিৰ ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্ৰদৰ্শন কৰা হয় বন্ধ কৰক, নহয় অসম এৰক৷ এয়া আমাৰ শেষ সকীয়নি৷’

ডিব্ৰুগড়ত আৰক্ষীৰ এনকাউণ্টাৰ, ধৃত আলফা গুলীবিদ্ধ

‘আমাৰ অসম’ৰ ডিব্ৰুগড় আৰু খোৱাঙৰ প্ৰতিবেদক, ২৪ জুলাইঃ উজনি অসমত আলফাৰ [স্বা] বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা অভিযানৰ মাজতে আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন আলফাৰ [স্বা] লিংকমেন৷ আৰক্ষীক লগত লৈ আলফাৰ [স্বা] নামত সংগ্ৰহ কৰা ধন উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়ত আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে গুলীচালনা কৰে হেম চেতিয়া নামৰ আলফাৰ [স্বা] লিংকমেনজনক৷ ফলত আলফাৰ [স্বা] লিংকমেন হেম চেতিয়াৰ সোঁ-ভৰিত আঘাতপ্ৰাপ্ত হয়৷ ইয়াৰ পাছতে আৰক্ষীয়ে হেম চেতিয়াক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷ উল্লেখ্য, ধৃত হেম চেতিয়াক শনিবাৰে খোৱাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিমৌৰ পৰা ডিব্ৰুগড়লৈ গৈ থকাৰ অৱস্থাত আৰক্ষীয়ে হেম চেতিয়াক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই৷ ইফালে হেম চেতিয়াক গ্ৰেপ্তাৰৰ সময়ত হেম চেতিয়াৰ পৰা ২৭ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল৷ পৰৱৰ্তী সময়ত হেম চেতিয়াৰ বাসগৃহৰ পৰা পুনৰ ১ লাখ টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে, হেম চেতিয়াই পুনৰ টকা থকা বুলি তিনিঠেঙীয়ালৈ লৈ গৈছিল৷ সেই সময়ত আৰক্ষীলৈ বটল গ্ৰেণেড দলিয়াই পলায়নৰ চেষ্টা চলাইছিল হেম চেতিয়াই৷ হেম চেতিয়াৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় খোৱাং আৰক্ষী থানাৰ বিষয়া ৰাণা নাথ৷ ইফালে ধৃত হেম চেতিয়া আলফাৰ [স্বা] প্ৰাক্তন সদস্য আছিল৷ একে সময়তে শনিবাৰে আন এজন আলফাৰ [স্বা] লিংকমেনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷ গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পুষ্পাঞ্জলী গগৈ নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত মহিলাগৰাকীৰ নগদ ৩ লাখ টকা জব্দ কৰিছে৷ জানিব পৰা মতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত নিশা গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া লাইপুলি অঞ্চলৰ দিহিং গাঁৱৰ পুষ্পাঞ্জলী সোণোৱাল৷ অভিযোগ অনুসৰি উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ আদি জিলাৰ বিভিন্ন স্থানত আলফাৰ [স্বা] নামত চলি থকা ধন দাবীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে৷ অসম আৰক্ষী, ভাৰতীয় সেনা আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত ইতিমধ্যে এগৰাকী মহিলাসহ এজন আলফাৰ [স্বা] লিংকমেনক গ্ৰেপ্তাৰ কৰিছে৷ ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বে-আইনী কাৰ্যকলাপ [প্ৰতিৰোধ] আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত হেম চেতিয়া আৰু পুষ্পাঞ্জলী গগৈয়ে বহু ব্যৱসায়ীৰ পৰা আলফাৰ [স্বা] নামত ধন দাবীৰ তথ্য লাভ কৰিছে৷ তদুপৰি, আৰক্ষীয়ে ধৃত লিংকমেন দুজনৰ পৰা উদ্ধাৰ কৰা প্ৰায়কেইখিনি ধন আন লিংকমেনৰ পৰা লাভ কৰা বুলি জানিবলৈ দিছে৷ ইফালে ধৃত হেম চেতিয়া আৰু পুষ্পাঞ্জলী গগৈয়ে আলফাৰ [স্বা] নামত ধনখিনি সংগ্ৰহ কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে৷ অৱশ্যে প্ৰকৃত আলফাৰ [স্বা] নামত ধন দাবী কৰা হৈছিল নে নিজৰ নামত ধন দাবী কৰা হৈছিল সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ আনহাতে, এই ধন দাবী ঘটনাত আন বহু লিংকমেন জালত পৰাৰ সম্ভাৱনা থকাৰ কথা জানিবলৈ দিছে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই৷ ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ নিষিদ্ধঘোষিত আলফা [স্বা] বা ভুৱা আলফাৰ [স্বা] নামত ধন সংগ্ৰহত জড়িত ব্যক্তিৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনৰ ১৭, ২১, ২৪, ২৬, ৩৯আৰু ৪০ ধাৰাত কঠোৰ শাস্তি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে৷ এই আইনৰ ধাৰাসমূহ ধনসংগ্ৰহ, সংগৃহীত ধন সন্ত্ৰাসবাদী কাম-কাজৰ বাবে ব্যৱহাৰ আদিৰ দৰে অপৰাধ সংগঠিত কৰা কাৰ্যত প্ৰয়োগ হয়৷ আনকি অভিযুক্তৰ সম্পত্তিও বাজেয়াপ্ত কৰা হ’ব পাৰে বুলি উল্লেখ কৰি সংশ্লিষ্ট জিলা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীক ইতিমধ্যে এনেধৰণৰ অভিযুক্ত লোকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰিছে৷ এইসকল লোকৰ দ্বাৰা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত বিধি-পথালি দিয়াটো সহ্য কৰা নহ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা লোৱা হ’ব বুলি স্পষ্ট কৰি দিছে৷ সমূহ ৰাইজলৈ এনেধৰণৰ বলপূৰ্বক ধনদাবীৰ ঘটনাৰ লগত কোনোপ্ৰকাৰে জড়িত নহ’বলৈকো আহ৩ান জনাইছে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷