Logo
image

ৰাষ্ট্ৰীয় জলক্ৰীড়াত উজলিল অসমৰ ৰূপম

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ জুলাইঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জল ক্ৰীড়াত অসমে ধাৰাবাহিকভাৱে উজ্জ্বল প্ৰদৰ্শনৰে এক শক্তিশালী দল হিচাপে চিহ্নিত হৈছে৷ চেন্নাইত ১৮-২২ জুলাইত অনুষ্ঠিত ৩৯সংখ্যক ছাব জুনিয়ৰ আৰু ৪৯সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া  প্ৰতিযোগিতাত অসমে ডাইভিঙত চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাবৱৈ সক্ষম হৈছে৷ অসমৰ ৰূপম গোঁহায়ে সুন্দৰ  প্ৰদৰ্শনৰে  ৱান এমটিআৰ স্প্ৰিং ব’ৰ্ডৰ ল’ৰাৰ গ্ৰুপ ২ ত ২৯৫. ৫ পইণ্ট লাভ কৰি স্বৰ্ণপদক অৰ্জন কৰে৷ একদৰে থ্ৰী এমটিআৰ, বয়জ গ্ৰুপ ২ স্প্ৰিং ব’ৰ্ডত ৰূপৰ পদক [২৭৮.৮৫ পইণ্ট], আৰু বয়জ গ্ৰুপ ২ হাই ব’ৰ্ডত [২৬৪.৫৫ পইণ্ট]   ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ অসম সাঁতোৰ সন্থাৰ  সম্পাদক ভাস্কৰ ৰঞ্জন দাসে খেলুৱৈজনক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে৷ উল্লেখ্য যে অসম সাঁতোৰ সন্থাই শেহতীয়াকৈ লোৱা ইতিবাচক পদক্ষেপৰ বাবে ডাইভিং আৰু ৱাটাৰ পল’ত অসমৰ খেলুৱৈয়ে সফলতা অৰ্জন কৰিবৱৈ সক্ষম হৈছে৷