Logo
image

‘বহল অসমীয়া অভিধান’ কেতিয়া

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ জুলাইঃ অসম সাহিত্য সভা আৰু অসম প্ৰকাশন পৰিষদৰ মাজত সম্পাদিত বুজাবুজিৰ চুক্তিৰ অপমৃত্যু ঘটিছে৷ উল্লেখ্য, অসম সাহিত্য সভাৰ লগত অসম প্ৰকাশন পৰিষদৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় আৰু সেইমৰ্মে ২০১৯ চনৰ ২৪ মে’ৰ পত্ৰ নং অসাস/সভাপতি/গুৱাঃ/২০১৮-২০২০/১৯ মৰ্মে সেই সময়ৰ সভাপতি ড॰ পৰমানন্দ ৰাজবংশীয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতালৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ তাত দুয়ো পক্ষৰ বুজাবুজি অনুসৰি কি কি কাৰ্য সম্পাদন কৰা হ’ব তাৰ উল্লেখ আছিল৷ পৰিষদে ২০১৯ চনৰ ২৫ মে’ত প্ৰেৰণ কৰা পত্ৰ নং পিবি/ বি এ এ/ ৪৯৯/৮১৪/২০১৯/৭৬৩ যোগে অসম সাহিত্য সভাৰ এজন প্ৰাক্তন প্ৰধান সম্পাদকক অসম সাহিত্য সভাৰ হৈ ‘বহল অসমীয়া অভিধান’ৰ মুখ্য সম্পাদকৰ দায়িত্ব প্ৰদান কৰে৷ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকজনে সেই দায়িত্ব গ্ৰহণ কৰি ২০১৯ চনৰ ১৫ জুলাইত পত্ৰযোগে অসম প্ৰকাশন পৰিষদৰ ওচৰত ৫,০০,০০০ টকাৰ এখন বাজেট দাখিল কৰে৷ সেই বাজেট অনুসৰি অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকজনে অসম প্ৰকাশন পৰিষদৰ পৰা ৩,০০,০০০ টকা আগধন লৈ যায়৷ তেওঁ অসম সাহিত্য সভাৰ বুজাবুজি চুক্তি অনুসৰি ২০২০ চনৰ পহিলা ফেব্ৰুৱাৰীৰ ভিতৰত ‘বহল অসমীয়া অভিধান’ৰ কাম সম্পূৰ্ণ হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷  অসম প্ৰকাশন পৰিষদেও ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীত পত্ৰ নং পিবি/বি পি/বি এ এ/৪৯৯/৮১৪/ ২০১৯/৩৯৯ যোগে তেওঁক ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ‘বহল অসমীয়া অভিধান’ৰ সম্পাদনা আৰু অক্ষৰ বিন্যাসৰ কাম সমাপ্ত কৰি পৰিষদত জমা দিবলৈ অনুৰোধ জনায়৷ কিন্তু পৰিতাপৰ কথা, অসম সাহিত্য সভাৰ লগত বুজাবুজিৰ চুক্তি মতে ‘বহল অসমীয়া অভিধান’ৰ সম্পাদনাৰ দায়িত্ব লৈ সভাৰ প্ৰাক্তন সম্পাদকজনে ২০১৯ চনতে অসম প্ৰকাশন পৰিষদৰ পৰা ৩,০০,০০০ টকা অগ্ৰিম ধন লৈও আজিলৈকে অসম প্ৰকাশন পৰিষদক ‘বহল অসমীয়া অভিধান’ৰ পাণ্ডুলিপি জমা দিয়া নাই৷ অসম প্ৰকাশন পৰিষদে বাৰম্বাৰ চিঠিৰে যোগাযোগ কৰা সত্ত্বেও অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকজন সম্পূৰ্ণ নিৰ্লিপ্ত হৈ আছে৷ উপায়হীন হৈ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ২০২৩ চনৰ ২৬ এপ্ৰিলত পত্ৰ নং পিবি/বি পি/বি এ এ/৪৯৯/৮১৪/২০১৯/৪৩০ যোগে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকজনলৈ পুনৰ চিঠি দিয়ে৷ চিঠিখনৰ প্ৰতিলিপি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়লৈও প্ৰেৰণ কৰা হয়৷ চিঠিখনত কোৱা হয় যে ২০২৩ চনৰ ৩০ মে’ৰ আগতে ‘বহল অসমীয়া অভিধান’ৰ পাণ্ডুলিপি অসম প্ৰকাশন পৰিষদত জমা নিদিলে অসম সাহিত্য সভাৰ লগত থকা পৰিষদৰ বুজাবুজিৰ চুক্তি বাতিল কৰা হ’ব৷ লগতে এইটোও জনাই দিয়া হয় যে উক্ত তাৰিখৰ ভিতৰত পাণ্ডুলিপি জমা নিদিলে সভাৰ প্ৰাক্তন প্ৰধান সম্পাদকজনে অসম প্ৰকাশন পৰিষদৰ পৰা লোৱা ৩,০০,০০০ টকা ঘূৰাই দিব লাগিব৷  ইমানৰ পাছতো প্ৰাক্তন প্ৰধান সম্পাদকজন নিৰ্লিপ্ত৷ আনকি অসম সাহিত্য সভাৰ নাম লৈ সভাৰে এজন প্ৰাক্তন প্ৰধান সম্পাদকে বুজন পৰিমাণৰ ধন লৈ কাম সম্পূৰ্ণ নকৰাৰ কথা জনাৰ পাছতো অসম সাহিত্য সভা নীৰৱ৷ অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়লৈ অহা অসম প্ৰকাশন পৰিষদৰ পত্ৰখনো সভাৰ পদাধিকাৰীয়ে লুকুৱাই ৰখাৰ অভিযোগ উঠিছে৷ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাৰ নাম লৈ ইয়াৰ প্ৰাক্তন বিষয়ববীয়াই কৰা অবাঞ্ছিত কাৰ্যক স্বাভাৱিকতে প্ৰকাশন পৰিষদে সহজভাৱে ল’ব পৰা নাই৷