Logo
image

অমিত শ্বাহৰ ঘৰত নিশা মুখ্যমন্ত্ৰী, দীঘলীয়া বৈঠক

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৪ জুলাইঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক প্ৰত্যাহ্বান জনায় উচ্ছতম ন্যায়ালয়ত অসমৰ বিৰোধী দলসমূহে তৰা গোচৰ সন্দৰ্ভত কাইলৈ অনুষ্ঠিত হ’ব শুনানি৷ এই শুনানিৰ পূৰ্বে আজি দুপৰীয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত উপস্থিত হয়৷ দিল্লীত বাহৰ পতা মুখ্যমন্ত্ৰীয়ে আজি সন্ধিয়া প্ৰায় ১২ মিনিট সময় চলিশ্বিটৰ জেনেৰেল তুষাৰ মেহতাৰ সৈতে এক বৈঠকত মিলিত হয়৷ উচ্ছতম ন্যায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণত গোচৰ সন্দৰ্ভত শুনানিৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই তৎপৰতা লক্ষণীয় বুলি বিবেচিত হৈছে৷ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰিয়েই মুখ্যমন্ত্ৰীয়ে নিশা ৮.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আন এক দীঘলীয়া  বৈঠকত মিলিত হয়৷ বাতৰি লিখাৰ পৰলৈকে এই বৈঠক চলি আছে৷ উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাক প্ৰত্যাহ্বান জনায় ড॰ হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছকে ধৰি সন্মিলত বিৰোধী ঐক্য মঞ্চই সুকীয়া সুকীয়াকৈ উচ্ছতম ন্যায়ালয়ক গোচৰ ৰুজু কৰিছে৷ বিৰোধীৰ এই গোচৰত অধিবক্তা হিচাপে সহায় কৰিছে দেশৰ প্ৰখ্যাত অধিবক্তা কপিল ছিব্বালে৷ কপিল ছিব্বালে ইতিমধ্যে উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীকক সাক্ষাৎ কৰি গোচৰটো শুনানি এদিন আগুৱাই আনি সোমবাৰে নিৰ্ধাৰণ কৰিছে৷ পূৰ্বে ২৫ জুলাইত এই গোচৰৰ শুনানি আছিল৷ বিৰোধী ঐক্য মঞ্চই গোচৰৰ শুনানি নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিবৰ বাবে নিৰ্বাচন আয়োগক দাবী জনাইছিল৷ ড॰ হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞা আৰু অসম জাতীয় পৰিষদে তৰা গোচৰটো ২৪নং আইটেমত আৰু বিৰোধী ঐক্য মঞ্চই তৰা গোচৰটো ২৮নং আইটেমত কাইলৈ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে৷ ইয়াৰ পূৰ্বে আজিৰ মুখ্যমন্ত্ৰীৰ দিল্লী চফৰ তথা কচৰৎ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা লক্ষণীয় বুলি বিবেচিত হৈছে৷

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে লুৰীণে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘উচ্ছতম ন্যায়ালয়ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই ড॰ হীৰেন গোহাঁই,অজিত কুমাৰ ভূঞাৰ লগতে অজাপ তথা বিৰোধী ৰাজনৈতিক দলসমূহে তৰা গোচৰৰ সন্দৰ্ভত ২৪ জুলাই সোমবাৰ অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’বলগা শুনানিৰ পূৰ্বেই নিৰ্বাচন আয়োগে ততাতৈয়াকৈ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব পাৰে৷ কাইলৈৰ শুনানিৰ দিনটোতে আগবেলা পুৱা ১০-১২ বজাৰ ভিতৰতো সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব পাৰে৷’ – এই আশংকা, সন্দেহ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ দেওবাৰে গুৱাহাটীৰ জয়ানগৰত এক সংবাদমেল সম্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে– ‘দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ বাবে  যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে৷ নিৰ্বাচন আয়োগৰ এই তৎপৰতাৰ আঁৰত ৰাজনৈতিক হস্তক্ষেপ থকা যেন সন্দেহ হৈছে৷ যোৱা ১৯ৰ পৰা ২১ তাৰিখলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগে যি শুনানি অনুষ্ঠিত কৰিলে, সেই শুনানিৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত ৰহস্যজনকভাৱে বিৰোধী ৰাজনৈতিক দলসমূহে উত্থাপন কৰা এটা বিষয়েও স্থান নাপালে৷ আমি সকলোৱে সাংবিধানিক আৰু ন্যায়িক বিষয়সমূহ নিৰ্বাচন আয়োগৰ সন্মুখত পুংখানুপুংখভাৱে যুক্তিৰে উপস্থাপন কৰিছিলো৷ কিন্তু আমি কোৱা মৌলিক কথাবোৰৰ সন্দৰ্ভত আয়োগে কোনো উল্লেখেই নকৰিলে প্ৰেছ বিবৃতিত৷ ২০০৭ চনৰ উচ্ছ ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন আদেশ, ৰাষ্ট্ৰপতিৰ অধিসূচনা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ এই বিষয়বোৰত টু শব্দ এটাও নকলে নিৰ্বাচন আয়োগে৷ কাৰ্যতঃ সমগ্ৰ বিৰোধীৰ আবেদন-নিবেদনক নস্যাৎ কৰি নিৰ্বাচন আয়োগে খৰখেদাকৈ কাম কৰি উচ্ছতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই চূড়ান্ত সমষ্টিৰ তালিকা প্ৰকাশ কৰিবলৈ প্ৰস্তুত হৈছে যেন লাগিছে৷ এই সন্দৰ্ভত আমাৰ অধিবক্তা কপিল শিবালে উচ্ছতম ন্যায়ালয়ক অৱগত কৰাত উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে গোচৰটোৰ শুনানি ২৪ জুলাইলৈ  আগবঢ়াই দিছে যদিও আমি আশ্বস্ত হ’ব পৰা নাই৷ কিয়নো ড॰ হীৰেন গোহাঁই, অজিত কুমাৰ ভূঞা আৰু অসম জাতীয় পৰিষদে তৰা গোচৰটো উচ্ছতম ন্যায়ালয়ৰ ২৪ নম্বৰ আইটেমত আছে৷ আনহাতে সমগ্ৰ বিৰোধী ঐক্যমঞ্চই তৰা গোচৰটো ২৮ নম্বৰ আইটেমত আছে৷ সেই হিচাপে ২৪ জুলাইত গোচৰটো উচ্ছতম ন্যায়ালয়ত শুনানিৰ বাবে আহিলেও বিয়লিৰ ভাগতহে স্থান পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ সুৰুঙা লৈ নিৰ্বাচন আয়োগে পুৱাৰ ভাগতেই অসমৰ চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰিব পাৰে৷ নিৰ্বাচন আয়োগে এনে কৰিলেও উচ্ছতম ন্যায়ালয়ে ইয়াক বাধা দিব নোৱাৰে৷ তেতিয়া সমগ্ৰ গোচৰটোৱেই অৰ্থহীন হৈ পৰিব৷ সেয়ে আমি নিৰ্বাচন আয়োগলৈ ই-মেইল বাৰ্তা পঠাই শুনানিৰ পূৰ্বেই যাতে কোনো কাৰণতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ নকৰে ইয়াৰ বাবে দাবী জনাইছো৷’ লক্ষণীয় যে নিৰ্বাচন আয়োগক ৰাজ্যৰ বিৰোধী দলসমূহে আৰম্ভণিৰ পৰাই মুঠেই বিশ্বাস নাই৷ নিৰ্বাচন আয়োগে বিজেপিৰ নিৰ্দেশ মৰ্মে খচৰা প্ৰকাশ কৰা বুলি অভিযোগ কৰি আহিছে৷ আজিৰ লুৰিণজ্যোতি গগৈৰ বক্তব্যৰ পৰা পুনৰবাৰ প্ৰমাণ হ’ল যে বিৰোধীয়ে নিৰ্বাচন আয়োগক মুঠেই বিশ্বাসত নলয়৷ উল্লেখ্য যে নিৰ্বাচন আয়োগে ১৯ৰ পৰা ২১ জুলাইলৈ গুৱাহাটীত বাহৰ পাতি তিনিদিনীয়াকৈ মাৰাথন শুনানি গ্ৰহণৰ পাছত নতুন দিল্লীত উপস্থিত হৈ অসম চৰকাৰ তথা ৰাজ্যিক নিৰ্বাচন বিভাগক কেতবোৰ জৰুৰী তথ্যপাতি সোমবাৰ অৰ্থাৎ কাইলৈৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিছে৷ দিছপুৰৰ উচ্ছস্তৰীয় সূত্ৰই সদৰি কৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত দাখিল কৰা ওজৰ-আপত্তিৰ বিষয়ত কেতবোৰ অতিৰিক্ত তথ্য দেশৰ নিৰ্বাচন আয়োগে অসম চৰকাৰৰ পৰা বিচাৰিছে৷ নিৰ্বাচন আয়োগৰ এনে তৎপৰতাৰ পৰাও অনুমান কৰিব পাৰি যে আয়োগে খুব সোনকালেই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰিব৷