Logo
image

ৰাজ্যৰ নতুন গৃহ সচিব বিশ্বজিৎ পেগু

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ জুলাইঃ অসম চৰকাৰৰ গৃহ বিভাগৰ নতুন সচিব হ’ব বিশ্বজিৎ পেগু৷ সম্প্ৰতি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি থকা আইএএছ বিষয়া বিশ্বজিৎ পেগুক গৃহ সচিবৰ নতুন দায়িত্ব দিয়াৰ বিপৰীতে ডিব্ৰুগড় জিলাৰ নতুন জিলা আয়ুক্তৰূপে নিযুক্তি দিয়া হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব তথা স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালকৰূপে [গ্ৰামীণ] কাৰ্যনিৰ্বাহ কৰি থকা আইএএছ বিষয়া বিক্ৰম কৈৰীক৷ ৰাজ্য চৰকাৰৰ পাৰ্চনেল এ বিভাগৰ সচিব যাদৱ শইকীয়াই জাৰি কৰা জাননীত উল্লেখ কৰা মতে কোক্‌ৰাঝাৰৰ জিলা আয়ুক্ত তথা বড়োলেণ্ড ষ্টাফ কলেজৰ সঞ্চালক আৰু বিটিআৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰ্ণালী ডেকাক নলবাৰীৰ জিলা আয়ুক্তৰূপে বদলি কৰা হৈছে৷ নলবাৰীৰ বৰ্তমানৰ জিলা আয়ুক্ত গীতিমণি ফুকনক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত সচিবৰূপে বদলি কৰা হৈছে৷ ফুকনৰ ওপৰত অতিৰিক্তভাৱে ন্যাস্ত কৰা হৈছে অসম জলজীৱন মিছনৰ মিছন সঞ্চালকৰ দায়িত্ব৷ ইফালে, বজালীৰ অতিৰিক্ত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীক কোক্‌ৰাঝাৰৰ জিলা আয়ুক্তৰূপে নিযুক্তি দিয়া হৈছে৷ দ্বিবেদীক বড়োলেণ্ড প্ৰশাসনীয় ষ্টাফ কলেজৰ সঞ্চালক আৰু বিটিআৰৰ সচিবৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে৷ আনহাতে, বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত জয় শিৱানীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ দায়িত্ব দিয়া হৈছে৷ শিৱানীৰ ওপৰত ন্যস্ত কৰা হৈছে স্বচ্ছ ভাৰত মিছনৰ [গ্ৰামীণ] পৰিচালন সঞ্চালকৰ দায়িত্বও৷ ইফালে, বোকাখাতৰ অতিৰিক্ত জিলা আয়ুক্ত নেহা যাদৱক বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্তৰূপে বদলি কৰা হৈছে৷ একেখন জাননীত উল্লেখ কৰা মতে অসম জলজীৱন মিছনৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্বত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব মৃদুল কুমাৰ দাসক বজালীৰ অতিৰিক্ত জিলা আয়ুক্তৰূপে বদলি কৰা হৈছে৷