Logo
image

দেৱালত পোষ্টাৰ! গুৱাহাটীৰ সাংসদ, দিছপুৰৰ বিধায়ক নিৰুদ্দেশ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৪ জুলাইঃ গুৱাহাটী মহানগৰীৰ পৰা সাংসদ কুইন ওজা আৰু বিধায়ক অতুল বৰা সন্ধানহীন হৈছে৷ গুৱাহাটী মহানগৰীৰ হাতীগাঁও চাৰিআলিত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ পোষ্টাৰ আঁৰি অঞ্চলটোৰ ৰাইজে  নিৰুদ্দেশ হোৱাৰ কথা ঘোষণা কৰে৷ আজি পুৱাৰ ভাগত হাতীগাঁও চাৰি আলি-সিজুবাৰী সংযোগী পথৰ বিদ্যুতৰ খুটাত সাংসদ কুইন ওজা আৰু বিধায়ক অতুল বৰাৰ পষ্টাৰ আৰি থোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে নিৰ্বাচনত জয়ী হোৱাৰ পাছত সাংসদ কুইন ওজা আৰু বিধায়ক অতুল বৰা হাতীগাঁৱত উপস্থিত হোৱা নাই বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ কৰে৷ আনকি সাংসদ কুইন ওজা আৰু বিধায়ক অতুল বৰাৰ ছাটোকে আজি পৰ্যন্ত হাতীগাঁৱত দেখা নাই বুলি অঞ্চলবাসীয়ে অভিযোগ কৰে৷ নিৰ্বাচনৰ সময়ত হাতীগাঁৱলৈ আহি বিভিন্ন প্ৰতিশ্ৰুতি দিয়া কুইন ওজা আৰু অতুল বৰাই নিৰ্বাচনত জয়ী হোৱাৰ পাছত ৰাইজক পিঠি দিয়া বুলি অভিযোগ উঠিছে৷ হাতীগাঁও চাৰি আলি-সিজুবাৰী সংযোগী জৰাজীৰ্ণ পথটো মেৰামতি কৰি দিবলৈ অঞ্চলবাসীয়ে কেইবাবাৰো সাংসদ আৰু বিধায়কৰ ওচৰত দাবী জনাই আহিছে যদিও আজিকোপতি কোনো ফল পোৱা নাই৷ এজাক বৰষুণ দিলেই অঞ্চলটোৰ ঘাইপথটোত এক ককাল বানপানী হোৱাৰ লগতে বাৰমাহে বোকাপানী জমা হৈ থাকে৷ ফলত অঞ্চল বাসীয়ে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগীয়া হয়৷  উল্লেখ্য যে,এজাক বৰষুণ, তাৰপাছতেই মহানগৰীত কৃত্ৰিম বান পানীৰ সৃষ্টি হয়৷ হাতীগাঁও, চানমাৰী,বেলতলা আদিকে ধৰি একাংশ অঞ্চল ডুৱ গ’ল কৃত্ৰিম বানত৷ এইবাৰ বাদ নপৰিল দিছপুৰো৷ ৰজাঘৰীয়াৰ স্থানো ডুবালে বৰষুণে৷ কৰবাত এক আঁঠু কৰবাত একঁকাল পানীৰ মাজতেই চলিছে যান্ত্ৰিক মহানগৰী৷ মানুহে নিজৰ নিজৰ কৰ্তব্যলৈ যাবই লাগিব৷ কিন্তু যাব কেনেকৈ? প্ৰতিবছৰে কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ সপোন দেখা ৰাইজে দুৰ্গন্ধময়, লেতেৰা পানীৰ মাজে মাজে ঢাপলি মেলিছে কামলৈ, কৰি গৈছে কৰ্তব্য৷ কিন্তু এনেকৈ কিমান দিন যমৰ যাতনা ভুগিব মহানগৰবাসীয়ে?বহু প্ৰতিশ্ৰুতিৰে বিজেপি আহিছিল শাসনলৈ৷ এই প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত বানপানীৰ সমস্যাও আছে৷ কিন্তু মহানগৰীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে চৰকাৰে৷ এজাক বৰষুণ দিলেই আলৈ আথানি হয় মহানগৰবাসীৰ৷ এই ক্ষেত্ৰত বিফল চৰকাৰ৷ গুৱাহাটী পৌৰ নিগমে অৱশ্যে কোনো ব্যৱস্থা গ্ৰহণ নকৰা নহয়৷ মাজে সময়ে গুৱাহাটীৰ নলা-নৰ্দমা সমূহ চাফা কৰে৷ নিৰ্বাচনৰ সময়ত অৱশ্যে পাহৰি নাযায়৷ এইবাৰো জিএমচিয়ে স্মাৰ্ট চিটিৰ কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰিবৰ বাবে মহানগৰখনৰ নলাবোৰ নিষ্কাশন কৰাৰ বাবে দহটা চুপাৰ চুকাৰ মা-চিন ক্ৰয় কৰি এক পদক্ষেপ গ্ৰহণ কৰিছিল৷ কিন্তু সফল নহল৷ কৃত্ৰিম বান পানীৰ বাবেই মহানগৰীৰ বাট পথ সমূহ জৰাজীৰ্ণ হৈ পৰিছে৷