Logo
image

মণিপুৰত শান্তি কেতিয়া? : আন এক ভয়ংকৰ ঘটনা

ডিজিটেল ডেস্কঃ বিগত প্ৰায় তিনিমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ৷ গোষ্ঠীগত সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চুবুৰীয়া ৰাজ্যখন৷ মণিপুৰক শান্ত কৰাৰ ক্ষেত্ৰত শাসকীয় পক্ষই কোনোধৰণৰ গুৰত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই৷ অলপতে দুগৰাকী মহিলাক বিবস্ত্ৰা কৰি যৌন নিৰ্যাতন চলোৱাৰ ঘটনাই সমগ্ৰ দেশ কঁপাই গৈছে৷ এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ প্ৰশ্ন উঠাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ দাবী উঠিছে৷ 

পুনৰ মণিপুৰত সংগটিত হৈছে আন এক ভয়ংকৰ ঘটনা৷ মণিপুৰৰ চুৰাচান্দপুৰৰ টৰবুং বজাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তই কমেও ১০টা ঘৰৰ লগতে জ্বলাই দিয়ে এখন বিদ্যালয়। আৰক্ষীয়ে জনোৱা মতে, দুৰ্বৃত্তৰ দলটোৰ সন্মুখত শ শ মহিলাই খোজ কাঢ়ি মানৱ ঢাল হিচাপে থিয় দিছিল৷ লগতে আৰক্ষীয়ে জনায় যে শনিবাৰে সন্ধিয়া দুৰ্বৃত্তই চলোৱা এই আক্ৰমণৰ সময়ত  গুলী চালনাৰ লগতে বোমা নিক্ষেপৰ দৰে ঘটনা সংঘটিত হৈছিল৷

উল্লেখ্য যে দুৰ্বৃত্তই টৰবুং বজাৰস্থিত  ‘চিল্ড্ৰেন্ ট্ৰেজাৰ হাইস্কুল'ত অগ্নিসংযোগ কৰে। ঘটনাক লৈ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয় যে যেতিয়া আমি শ শ মহিলাৰ নেতৃত্বত এটা দল আগবাঢ়ি যোৱা দেখিছিলোঁ, আমি গুলীচালনাৰ প্ৰত্যুত্তৰ দিবলৈ দ্বিধা কৰিছিলোঁ৷ কিন্তু যেতিয়া দলটোৱে বিএছএফৰ এখন বাহন কাঢ়ি নিবলৈ আৰু আমাৰ ঘৰবোৰ জ্বলাই দিবলৈ চেষ্টা কৰা দেখিছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছিলো যে আমিও প্ৰত্যুত্তৰ দিব লাগে৷ পাছত দুৰ্বৃত্তৰ দলটোৱে  বি এছ এফৰ এখন বাহন কাঢ়ি নিবলৈ চেষ্টা কৰে যদিও বি এছ এফ আৰু অঞ্চলটোত নিয়োজিত স্থানীয় স্বেচ্ছাসেৱকৰ সহযোগত এই প্ৰচেষ্টা ব্যৰ্থ হয়।

বুধবাৰে দুগৰাকী মহিলাক উলংগ কৰি সমদল বাহিৰ কৰা এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে মণিপুৰৰ পাহাৰীয়া অঞ্চলত উত্তেজনা বিৰাজ কৰিছে৷ এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত হৈছে৷ সবৰ্ত্ৰ এই ঘটনাক তীব্ৰ গৰিহণা দিছে৷ জাতিগত হিংসাত ৰাজ্যখনত এতিয়ালৈকে ১৬০ জনৰো অধিক লোক নিহত হৈছে।