Logo
image

কাজিৰঙাত পুনৰ মৃত গঁড় উদ্ধাৰ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বন্যপ্ৰাণীৰ কাৰণে সুচল হৈ উঠা নাই। বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪০ শতাংশ পানীত বুৰ গৈ আছে বুলি বিভাগীয় তথ্যত প্ৰকাশ পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই দিয়া তথ্য মতে বৰ্তমান অগৰাতলি বনাঞ্চলৰ অধীনত এটা আৰু কহঁৰা বনাঞ্চলৰ অধীনত ৮ টা বন শিবিৰৰ তলত পানী আছে৷

ব্ৰহ্মপুত্ৰত পানী হ্ৰাস পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খাল-বিলবোৰত ক্ৰমান্বয়ে বানপানীৰ পৰিমাণ  হ্ৰাস পাইছে। পানী শুকাই অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি পোৱা গৈছে৷ জানিব পৰা মতে সোমবাৰে আৰু এটা গঁড়ৰ মৃতদেহ বনকৰ্মীয়ে উদ্ধাৰ কৰিছে। উদ্যান কতৃপক্ষই তথ্য প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত পশ্চিম গৰৈমাৰী টঙি এলেকাত বনকৰ্মীয়ে এটা মতা প্ৰাপ্তবয়স্ক গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে। দুষ্কৃতিকাৰীয়ে মৃত গঁড়টোৰ খড়্গ নিয়াৰ পূৰ্বে কাজিৰঙাৰ বনকৰ্মীয়ে খড়্গ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। 

এই গঁড়টো বৃদ্ধ হৈ অৰ্থাৎ স্বাভাৱিক কাৰণতে মৃত্যু হৈছে বুলি উদ্যান কতৃপক্ষই প্ৰকাশ কৰে। উদ্ধাৰ হোৱা গঁড়টোক লৈ চলিত বানপানীত এইটো দ্বিতীয়টো গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে এইবাৰ বানপানীত এতিয়ালৈকে দুটা গঁড়সহ মুঠ ৯ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ইয়াৰে পানীত ডুবি এটা পহু আৰু এটা বনৰীয়া ম'হৰ মৃত্যু হৈছে। অন্যান্য কাৰণত আন এটা পহু মৃত্যু হোৱাৰ লগতে কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা কৰি থকা অৱস্থাত দুটা পহুৰ মৃত্যু হৈছে৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী হোৱাৰ লগে লগে কিছু বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন বিভাগে কৃত্ৰিমভাৱে নিৰ্মাণ কৰা হাইলেণ্ডত আশ্ৰয় লয় আৰু কিছু বন্যপ্ৰাণীয়ে খাদ্য আৰু নিৰাপদ ঠাই হিচাপে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্ৰয় লয়। এই ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰোতে তীব্ৰ বেগী গাড়ীৰ খুন্দাত প্ৰতি বছৰ কিছু বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰে। এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা দেখা নগ'ল । এইবাৰৰ বানপানীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰ বেগী গাড়ীৰ খুন্দাত দুটা পহুৰ মৃত্যু হয় । ইয়াৰ উপৰি বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে এইবাৰ বানপানীৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে ঢাপলি মেলোতে তথা আশ্ৰয় বিচাৰি অহা পহুক কুকুৰে আক্ৰমণ কৰাত তিনিটা পহু আহত হৈছে৷

ৰাষ্ট্ৰীয় উদ্যানখনত পানী হ্ৰাস পাইছে যদিও বৰ্তমান বহু ঠাইত এতিয়াও পথৰ ওপৰেদি পানী বাগৰি আছে। যাৰ ফলত বন বিভাগৰ লোকে পথৰ ওপৰেদি চলাচল কৰিবলৈ সক্ষম হোৱা নাই। ইফালে কাজিৰঙাৰ অতি গুৰুত্বপূৰ্ণ হালধিবাৰী এনিমেল কৰিড'ৰেদি আজিও গঁড়, পহু, গাহৰি আদি বন্যপ্ৰাণীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিক্ৰম কৰি অহা-যোৱা কৰি আছে। এই এনিমেল কৰিড'ৰ অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত হৈ পৰিছে বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে। ইফালে যি কোনো সময়তে বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ বা অতিক্ৰম কৰিব পাৰে কাৰণে সকলো পথচাৰীক সতৰ্ক হোৱাৰ আহ্বান জনাইছে উদ্যান কতৃপক্ষই ।