Logo
image

সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে প্ৰতিবাদঃ তৃতীয় দিনাও উত্তাল নামৰূপ

ডিজিটেল সংবাদ, নাহৰকটীয়াঃ নামৰূপস্থিত সাৰ কাৰখানা চমুকৈ বি ভি এফ চি এল বন্ধ হ'ব বুলি বাতৰি প্ৰকাশৰ পিছতেই যোৱা তিনিদিন ধৰি  প্ৰতিবাদেৰে উত্তাল হৈ আছে নামৰূপ। বিভিন্ন দল-সংগঠনে যোৱা তিনিদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ইয়াৰ বিৰুদ্ধে সোমবাৰে আম আদমি পাৰ্টীয়ে নামৰূপৰ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 

 প্ৰতিবাদী কাৰ্যসূচীত আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানুৱাৰৰ নেতৃত্বত শতাধিক আপৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ধানুৱাৰে সাৰ কাৰখানা সন্দৰ্ভত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তৰঙ্গ গগৈ আদিয়ে নিৰ্বাচনৰ পূৰ্বে সাৰ কাৰখানা উজ্জীৱিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিলে, কিন্তু আজি সকলো মিছা বুলি প্ৰমাণ হ'ল।  লগতে তেওঁ কয় যে সৰ্বানন্দ সোণোৱাল প্ৰধানমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত কিন্তু এই ৰাজহুৱা উদ্যোগটো জীয়াই ৰখাৰ দায়িত্ব তেওঁ লব লাগিব আৰু ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে এই ৰাজহুৱা উদ্যোগটো উজ্জীৱিত কৰিবৰ বাবে  প্ৰধানমন্ত্ৰীৰ মুখেৰে ১০ হাজাৰ কোটি টকা ঘোষণা কৰিবৰ বাবে প্ৰধানমন্ত্ৰীক আশ্বস্ত কৰিব পাৰিব লাগিব আৰু সেই পেকেজ সাৰকাৰখানালৈ যদি আনি দিব নোৱাৰে তেন্তে তেওঁ আগন্তুক সাধাৰণ নিৰ্বাচনত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলিও হুংকাৰ দিয়ে। 

প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠাৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ বন্ধ কৰা নীতি পৰিহাৰ কৰক, সৰ্বানন্দ সোণোৱল মুৰ্দাবাদ, ৰামেশ্বৰ তেলী হায় হায়, তৰঙ্গ গগৈ কাম নাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। এই অনুষ্ঠানত আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰ, ৰাজ্যিক উপ-সভাপতি লক্ষ্মীকান্ত ডুবে, ডিব্ৰুগড় জিলাৰ সভাপতি দ্বিজেন গগৈ, ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱা, আপ যুৱ শক্তিৰ ৰাজ্যিক উপ-সভাপতি বাবুল বিকাশ চেতিয়া, ডিব্ৰুগড় জিলাৰ আপ যুৱ শক্তিৰ সভাপতি জিতু চাংমাই , আপ মহিলা শক্তিৰ ডিব্ৰুগড় জিলাৰ সভানেত্ৰী আৰতি দাস আদি উপস্থিত থাকে। আনহাতে জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰগড়ৰ জিলা সমিতিৰ উদ্যোগত আৰু নামৰূপ আঞ্চলিক সমিতিৰ সহযোগত  সাৰকাৰখানা বন্ধৰ বিৰোধিতা কৰি সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰগড় জিলা সমিতিৰ সম্পাদক গৌৰাং গগৈ, গীৰিণ চেতিয়া,নামৰূপ আঞ্চলিকৰ মানস চাংমাই  আদিয়ে নেতৃত্ব প্ৰদান কৰে।