Logo
image

স্থগিতাদেশ নিদিলে ছুপ্ৰিম ক’ৰ্টে, চৰকাৰ-আয়োগলৈ জাননী

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৫ জুলাইঃ অসমত চলি থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সাংবিধানিক বৈধতা চালিজাৰি চাবলৈ উচ্ছতম ন্যায়ালয়ে আজি সন্মতি ব্যক্ত কৰে৷ বিশেষকৈ নিৰ্বাচন আয়োগে যি পদ্ধতিৰে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে সেয়াও পৰীক্ষা কৰিবলৈ সন্মতি ব্যক্ত কৰিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে৷ পিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত হৈ যোৱাৰ পাছত সমগ্ৰ প্ৰক্ৰিয়াটোত স্থগিতাদেশ জাৰি কৰিবলৈ ন্যায়ালয়ে পোনে পোনে অসন্মতি ব্যক্ত কৰে৷ মন কৰিবলগীয়া যে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ পাছত অলপতে ৰাজ্যৰ বিৰোধী দলসমূহে নিৰ্বাচন আয়োগে চলাই থকা অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়, ন্যায়াধীশ  জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠত গ্ৰহণ কৰা আজিৰ শুনানিত আবেদনকাৰীসকলৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে মূলত ২০০৮ চনত সংশোধীত ১৯৫০ চনৰ জনপ্ৰতিনিধি আইনৰ ৮ক ধাৰাটোক প্ৰত্যাহ্বান জনায়৷ য’ত ভাৰত চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণ কতৃৰ্ত্ব নিৰ্বাচন আয়োগক অৰ্পণ কৰিছিল৷ লগতে জনসংখ্যাৰ ঘনত্বৰ আধাৰত আয়োগে যিদৰে ৰাজ্যৰ জিলাসমূহৰ শ্ৰেণী বিভাজন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে তাকো প্ৰত্যাহ্বান জনায়৷ পিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চিব্বালৰ যুক্তি খণ্ডন কৰি কয় যে ১৫ বছৰ আগত এখন সংশোধীত আইন অনুসৰি নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰস্তুত কৰি উলিয়াইছে৷ সেয়েহে এই মুহূৰ্তত প্ৰক্ৰিয়াটোত বাধা সৃষ্টি কৰাটো উচিত নহ’ব৷ পিছে সমগ্ৰ প্ৰক্ৰিয়াটোত থকা সাংবিধানিক প্ৰত্যাহ্বানক মান্যতা প্ৰদান কৰি মুখ্য ন্যায়াধীশে বিষয়টো সংৰক্ষিত ৰাখি কেন্দ্ৰীয় চৰকাৰ, নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰে৷ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অহা তিনি সপ্তাহৰ ভিতৰত সংশ্লিষ্ট সকলোপক্ষক শপতনামাযোগে উত্তৰ প্ৰদান কৰিব লাগিব৷ ইয়াৰ পাছত কেন্দ্ৰ, ৰাজ্য আৰু আয়োগে দাখিল কৰা শপতনামাৰ বিৰুদ্ধে আবেদনকাৰীসকলে দুসপ্তাহৰ ভিতৰত প্ৰতি শপতনামা দাখিল কৰিব পাৰিব৷ মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ে নিৰ্বাচন আয়োগে চলাই থকা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত কোনোধৰণৰ বাধা নিষেধ আৰোপ নকৰে৷ পিছে প্ৰক্ৰিয়াটোক প্ৰত্যাহ্বান জনোৱা বিষয়সমূহও যে পৰীক্ষা কৰিবগীয়া বিষয় সেই কথাও তেওঁ দোহৰাই দিয়ে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে বিচাৰপীঠৰ সন্মুখত অনুৰোধ জনায় যে যিহেতু নিৰ্বাচন আয়োগে খৰটকীয়াৰে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিছে সেয়েহে ন্যায়ালয়ে যাতে অনতিবিলম্বে পৰৱৰ্তী শুনানী গ্ৰহণ কৰে৷ মুখ্য ন্যায়াধীশে চিব্বালৰ অনুৰোধক সঁহাৰি জনাই দিল্লী চৰকাৰে কেন্দ্ৰই জাৰি কৰা অধ্যাদেশক প্ৰত্যাহ্বান জনোৱা আবেদনৰ সাংবিধানিক বিচাৰপীঠৰ শুনানী সমাপ্ত হোৱা মাত্ৰই ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণকলৈ পৰৱৰ্তী শুনানী গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ উল্লেখ্য, আজিৰ শুনানীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ ইপিনে শুনানীকালত উপস্থিত থকা অসম জাতীয় পৰিষদ তথা বিৰোধী দলসমূহৰ সন্মিলিত মঞ্চৰ অন্যতম নেতা লুৰীণজ্যোতি গগৈয়ে শুনানীৰ পাছত সাংবাদিকৰ আগত কয় যে আমি উত্থাপন কৰা বিষয়সমূহ উচ্ছতম ন্যায়ালয়ে চালি-জাৰি চাবলৈ সন্মতি ব্যক্ত কৰিছে৷ তাৰ বাবেই সংশ্লিষ্ট সকলোপক্ষলৈ জাননী জাৰি কৰিছে৷ নিৰ্বাচন আয়োগে যে অবৈধভাৱে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো চলাই আছে সেয়া পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ মাজতেই স্পষ্ট হৈ পৰিব৷ পিছে নিৰ্বাচন আয়োগে ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে ন্যায়ালয়ে তাত স্থগিতাদেশ জাৰি কৰিবলৈ সন্মিত হোৱা নাই যদিও আমি ন্যায়ালয়ৰ নিৰ্দেশনাক সঁহাৰি জনাইছোঁ তথা অতি সোনকালে পৰৱৰ্তী শুনানী কামনা কৰিছোঁ৷ আনহাতে, আবেদনকাৰী হিচাপে অসম জাতীয় পৰিষদক প্ৰতিনিধিত্ব কৰা অধিবক্তা মনীষ গোস্বামীয়ে কয় যে এয়া সঁচা যে আজিৰ শুনানীৰ পাছত নিৰ্বাচন আয়োগে যদি বিচাৰে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব পাৰিব৷ পিছে নিৰ্বাচন আয়োগও হৈছে এখন সাংবিধানিৰ প্ৰতিষ্ঠান৷ তেওঁলোকেও জানে যে সমগ্ৰ বিষয়টো এতিয়া বিচাৰাধীন [চাব জুডিছ] হৈ আছে তথা প্ৰক্ৰিয়াটো কিমান বৈধ৷ তেনেস্থলত ন্যায়ালয়ৰ চূড়ান্ত নিৰ্দেশনা নহালৈকে আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ নকৰিবও পাৰে বুলি গোস্বামীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে৷ ইপিনে উচ্ছতম ন্যায়ালয়ৰ ৱেবচাইটত প্ৰকাশ পোৱা মতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰৱৰ্তী শুনানী ৮ ছেপ্টেম্বৰত গ্ৰহণ কৰা হ’ব৷