Logo
image

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পদত্যাগৰ দাবী

ডিজিটেল সংবাদ, জোনাইঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দামবৃদ্ধিয়ে জৰুলা কৰিছে দেশবাসীক৷ দামবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো প্ৰতিবাদ অব্যাহত আছে৷ মঙলবাৰে জোনাইত মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সহযোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি যোগান মন্ত্ৰীক শীঘ্ৰে পদত্যাগৰ দাবী জনায়৷

আনহাতে এই প্ৰতিবাদৰ জৰিয়তে কংগ্ৰেছে প্ৰায় তিনিমাহ ধৰি মনিপুৰৰ গোষ্ঠী সংঘৰ্ষত ১৫০ তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী মহিলাক বিবস্ত্ৰা কৰি ৰাজপথত পেৰেড উলিওৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ লগতে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ মীমাংসাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি চোকা সমালোচনা কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই বিজেপি চৰকাৰক উচিত শিক্ষা দিব বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে।

ধেমাজি জিলা আৰু জোনাই ব্লক কংগ্ৰেছ কমিটীৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাংকপ তিনিআলিস্থিত ব্লক কংগ্ৰেছৰ অস্থায়ী কাৰ্যালয়ৰ পৰা জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ বাহিৰ কৰা হয় এক বিশাল প্ৰতিবাদী ৰেলী। এই প্ৰতিবাদী ৰেলীত বিজেপি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী কাম নাই, পেট্ৰ'ল-ডিজেলৰ দামবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।