Logo
image

নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ডিজিটেল সংবাদ, নাজিৰাঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নামৰূপৰ সাৰ কাৰখানা বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ  বিৰোধিতা কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। নিৰ্বাচনত জয়ী হোৱা পাছত এই উদ্যোগ পুনৰুদ্ধাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত এতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে দেৱব্ৰত শইকীয়াই । এক প্ৰেছ বিবৃতিত বিৰোধী দলপতি শইকীয়াই কয় যে নামৰূপৰ সাৰ কাৰখানাই উত্তৰ পূৰ্বাঞ্চলৰ সাৰ যোগানত এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজন হোৱা ৫ লাখ মেট্ৰিক টন সাৰৰ ভিতৰত প্ৰায় ৭০% সাৰ নামৰূপ সাৰ কাৰখানাই যোগান ধৰি আহিছে। এই কাৰখানা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অসমীয়া জনসাধাৰণক কেৱল প্রক্রিশ্ৰুতি প্ৰদান কৰি আহিছে। ২০১৫ চনত এই কাৰখানাত নতুন গোট স্থাপন কৰিবলৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিছিল। ইয়াৰ পাছত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াই ২০১৯ কৈছিল যে তিনি মাহৰ ভিতৰত নতুন গোট স্থাপন কৰা হ'ব। অনুৰূপ ধৰণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও বিভিন্ন সময়ত নামৰূপ সাৰ কাৰখানাৰ বাবে ৫ হাজাৰ কোটি টকা প্ৰদান কৰা হ'ব বুলি জনাই আহিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত এই সাৰ কাৰখানা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ লগতে প্ৰথম গোটটো স্ক্ৰেপ হিচাপে বিক্ৰী কৰা হ'ল। বৰ্তমান দ্বিতীয় গোটটো স্ক্ৰেপ হিচাপে বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। 

তদুপৰি তেওঁ কয় যে ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেখেতে নামৰূপ সাৰ কাৰখানাৰ কৰ্মচাৰীসকলৰ সৈতে মিলিত হৈ মত বিনিময় কৰিছিল। মত বিনিময়ত জানিবলৈ পাইছিল যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল যে বিজেপি দলে ক্ষমতালৈ আহিলে ১০০ দিনৰ ভিতৰত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিত স্থাপন কৰা হ'ব। ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে ৪৫০০ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু ঘোষণা কাৰ্যক্ষম হোৱা পৰিলক্ষিত নহ'ল। ২০২১ চনত ১০০ কোটি টকা আবণ্টন দিয়া হৈছিল যদিও সেই পুঁজিৰ সঠিক ব্যৱহাৰ কৰা দেখা নগ'ল। এসময়ত ৫০০০ কৰ্মচাৰী নিয়োজিত হৈ থকা কাৰখানাটোত বৰ্তমান ৫৮০ জন স্থায়ী আৰু ১৫০০ অস্থায়ী কৰ্মচাৰী নিয়োজিত হৈ আছে। ৰাজ্য আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণক যথাযথ গুৰুত্ব নিদিয়াৰ ফলত উদ্যোগটোৰ বাবে মৃত্যুৰ ঘণ্টা বাজিছে। যাৰ ফলত ৰাজ্যৰ দৰিদ্ৰ কৃষকসকলে অবৈধভাৱে- উৎপাদিত সাৰ অধিক মূল্যত ক্ৰয় কৰাৰ খবৰ পোৱা গৈছে বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মত প্ৰকাশ কৰে ।