Logo
image

প্ৰাতঃভ্ৰমণলৈ যাওঁতে সাৱধানঃ পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

ডিজিটেল সংবাদ, পলাশবাৰীঃ দক্ষিণ কামৰূপৰ মিৰ্জাত মঙলবাৰে পুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা এগৰাকী মহিলাক পিষ্টল দেখুৱাই দুই যুৱকে কাঢ়ি লৈ গ'ল সোণৰ চেইন। ইয়াকে লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মিৰ্জা কোচপাৰা নিবাসী চেনীবালা দাস নামৰ মহিলাগৰাকীয়ে অইন দিনাৰ দৰে পুৱা প্ৰায় ৬.৩০ বজাত প্ৰাতঃভ্ৰমণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। ঘৰৰ পদূলি মুখত আন মহিলাৰ সৈতে কথা পাতি থকা অৱস্থাত দুজন হেলমেট পৰিহিত বাইক আৰোহীয়ে হঠাতে মহিলাগৰাকীৰ কাষত উপস্থিত হৈ পিষ্টল দেখুৱাই মহিলাগৰাকীৰ ডিঙিত থকা সোণৰ চেইন কাঢ়ি লৈ নিমিষতে উধাও হয়। যাৰ ফলত মহিলাগৰাকী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই।