Logo
image

দলীয় সভাত ক’ভিড বিধি নাই, চিনেমা হলত কিয়

মুখ্যমন্ত্ৰীৰ সন্মুখতে ক্ষোভ প্ৰযোজকৰ

আমাৰ অসম, ২৮ জানুৱাৰীঃ ‘ছবিগৃহ জীয়াই থাকিলে অসমীয়া ছবি জীয়াই থাকিব৷ চৰকাৰে যদি দুই কোটি টকা আমাক দিয়ে তেতিয়া প্ৰায় ১৫টা ছবিগৃহ পুনৰ জী উঠিব৷’ –মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে এইদৰে কয় গুৱাহাটীৰ অনুৰাধা ছবিগৃহৰ স্বত্বাধিকাৰী তথা অল আছাম চিনেমাহল ৱনাৰ্ছ এছ’চিয়েশ্বনৰ সভাপতি চিন্ময় শৰ্মাই৷ বুধবাৰে গুৱাহাটীৰ অনুৰাধা ছবিগৃহৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ বাবে অনুষ্ঠিত অনুষ্ঠানৰ আদৰণি ভাষণত চিন্ময় শৰ্মাই লগতে কয়– ‘ক’ভিড পৰিস্থিতিৰ বাবে ২০২০ চনৰ ১৫ মাৰ্চৰ পৰা ছবিগৃহসমূহ বন্ধ কৰি দিয়া হয়৷ যাৰ ফলত এই উদ্যোগটোৰ যথেষ্ট লোকচান হোৱাৰ লগতে ছবিগৃহৰ মালিকসকলে ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বহু মালিকে এই বৃহৎ লোকচানৰ বাবে ছবিগৃহসমূহ বন্ধ কৰি দিবলৈ বাধ্য হৈছে৷ তদুপৰি বন্ধৰ সময়ছোৱাত আমি বুজন পৰিমাণৰ বিদ্যুতৰ মাছুল [ফিক্সড্‌ চাৰ্জ] পৰিশোধ কৰিবলগীয়া হয় অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক৷ আশ্চৰ্যজনকভাৱে আমি কিয় নিৰ্ধাৰিত পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ নকৰিলোঁ সেই সন্দৰ্ভতো আমাক প্ৰশ্ন সোধা হৈছে, জৰিমনা বিহা হৈছে৷ ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰে চিনেমা হলবোৰ বন্ধ কৰি ৰাখিছে৷ গতিকে চিনেমা হললৈ দৰ্শক অহাৰ প্ৰশ্নই নাহে৷ দৰ্শক নাহিলে চিনেমা কেনেকৈ চলিব? আমি চৰকাৰে বন্ধ কৰা বাবেহে হল চলোৱা নাছিলোঁ৷ চৰকাৰৰ নিৰ্দেশ পালন কৰাৰ বাবে আমি কিয় জৰিমনা ভৰিব লাগে? চৰকাৰী সভা-সমিতি আৰু দলীয় সভা-সমিতি অনুষ্ঠিত কৰাত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰা নাই৷ কিন্তু চিনেমা হল আৰু থিয়েটাৰ হলবোৰত প্ৰায় এবছৰ ধৰি নিষেধাজ্ঞা আৰোপ কৰিছে৷ ফলত আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ এই জটিল পৰিস্থিতিৰ মাজতো বহুকেইটা ছবিগৃহ জীয়াই ৰখাৰ সংগ্ৰাম চলিছিল কিন্তু বহুকেইটা ছবিগৃহৰ মিটাৰ আদি যাৱতীয়া সামগ্ৰী উঠাই লৈ যোৱা হৈছিল৷ চৰকাৰে যদি জনসভা, দলীয় সভা আয়োজন কৰিব পাৰে, তেন্তে চিনেমা হল খুলি দিব নোৱাৰে কিয়? গ্ৰন্থমেলাত বহুলোকৰ সমাগম হোৱাত, চিটীবাছত বহু সংখ্যক লোক উঠাত কোনো বাধা আৰোপ কৰা নাই চৰকাৰে৷ গতিকে ছবিগৃহত  ৫০ শতাংশ লোকৰ উপস্থিতিৰ ঠাইত ১০০ শতাংশ কৰিলে এই উদ্যোগটো উপকৃত হ’ব৷ আমি  মুদ্ৰা হ’লে চৰকাৰ হ’ব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া৷ আমি একলগে মিলি সোণৰ মুদ্ৰা গঢ়িব লাগিব৷ এই ক্ষেত্ৰত চৰকাৰৰ আৰ্শীবাদ লাগিব৷ আমি জানো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বহল হূদয়ৰ ব্যক্তি৷ গতিকে মুখ্যমন্ত্ৰীয়ে আমাৰ সমস্যাসমূহ গুৰুত্বসহকাৰে ল’ব বুলি আশা কৰিলোঁ৷’ উল্লেখ্য, চিন্ময় শৰ্মাৰ যুক্তিসংগত বক্তব্য তন্ময় হৈ শুনে মুখ্যমন্ত্ৰী সোণোৱালে৷ কেইবামিনিটজুৰি দিয়া ভাষণত চিন্ময় শৰ্মাই অসমীয়া চিনেমাৰ সমস্যাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ইয়াৰ সমাধানৰ দিশটোৰ প্ৰতিও আঙুলিয়াই দিয়ে৷ অনুৰাধা প্ৰেক্ষাগৃহত উপস্থিত থকা দৰ্শকসকলে জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বজাই চিন্ময় শৰ্মাৰ বক্তব্যক সমৰ্থন জনায়৷ এই অনুষ্ঠানত অপৰাজিতা ভূঞা প্ৰযোজিত আৰু অৰুণজিৎ বৰা পৰিচালিত অসমীয়া চলচ্ছিত্ৰ ‘মিডনাইট ছং’ৰ বিশেষ প্ৰদৰ্শনীৰ দিহা কৰা হয়৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বক্তব্য নিদিলেও সাংবাদিকৰ সন্মুখত এইদৰে কয়– ১৯৭১ চনতে উদ্যোগী ড॰ ফনী শৰ্মাৰ দ্বাৰা স্থাপিত অনুৰাধা ছবিগৃহই সোণালী জয়ন্তী বৰ্ষত খোজ পেলোৱাটো অসমৰ সাংস্কৃতিক জগতৰ বাবে অতি উৎসাহজনক খবৰ৷ অসমীয়া ছবিজগতক সজীৱ কৰি ৰখাৰ স্বাৰ্থত ৰাজ্যৰ আন আন ছবিগৃহয়ো অনুৰাধা ছবিগৃহৰ দৰে সফলতাৰ ধাৰা অব্যাহত ৰাখিব৷ যিহেতু ক’ভিড পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছে গতিকে এতিয়া আৰু পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নাই৷ অসমীয়া ছবিজগতৰ সৰ্বাংগীন কল্যাণৰ বাবে অনাগত দিনবোৰত চৰকাৰে সকলো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব৷’ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘মিডনাইট ছং’ চলচ্ছিত্ৰখনৰ কিছু অংশ উপভোগ কৰি ক’ভিড-১৯ৰ পাছত অসমীয়া ছবিৰ এক সুন্দৰ আৰম্ভণি হৈছে বুলি কয়৷ লগতে চলচ্ছিত্ৰখনৰ প্ৰয়োজক অপৰাজিতা ভূঞা, পৰিচালক অৰুণজ্যোতি বৰাৰ লগতে চলচ্ছিত্ৰখনৰ সৈতে জড়িত কলা কুশলীসকলক অভিনন্দন জ্ঞাপন কৰে৷ এই অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্ছিত্ৰ পৰিচালক জাহ্নু বৰুৱা, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, তৌফিক ৰহমান আদি উপস্থিত থাকে৷ উল্লেখ্য, ১৯৭১ চনৰ পহিলা জানুৱাৰীত অনুৰাধা চিনেপ্লেক্সৰ স্বত্বাধিকাৰী প্ৰয়াত ড॰ ফণী শৰ্মাৰ দ্বাৰা এই চিনেপ্লেক্সৰ শুভ উদ্বোধন কৰা হৈছিল৷ সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী মুখ্য অতিথিৰূপে আৰু গুৱাহাটীৰ প্ৰথম মেয়ৰ, সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু উদ্যোগমন্ত্ৰী বিশ্বদেৱ শৰ্মা বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল৷ অনুৰাধা চিনেপ্লেক্সৰ প্ৰদৰ্শিত প্ৰথমখন চলচ্ছিত্ৰ আছিল বলীউডৰ সুদক্ষ অভিনেতা ধৰ্মেন্দ্ৰ আৰু অভিনেত্ৰী হেমা মালিনী অভিহিত ‘তুম হাজিন মে জৱান’৷ অনুৰাধা চিনেপ্লেক্সৰ সোণালী জয়ন্তীবৰ্ষ উদ্‌যাপন কৰা মুহূৰ্তত বলীউডৰ যশস্বী অভিনেতা ধৰ্মেন্দ্ৰ আৰু অভিনেত্ৰী হেমা মালিনীয়ে শুভেচ্ছামূলক বাৰ্তা দিয়ে৷