Logo
image

পুনৰ জ্বলিছে মণিপুৰ, কেন্দ্ৰীয়বাহিনী আক্ৰান্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ জুলাইঃ কেৱল যোৱা ৪ মে’ত সংঘটিত হোৱা নাৰী নিৰ্যাতন বা তাৰ ভিডিঅ’ প্ৰকাশ অথবা পৰৱৰ্তী সময়ত সংঘটিত প্ৰৱল গোষ্ঠী সংঘৰ্ষতে থমকি ৰোৱা নাই মণিপুৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত আজিও হিংসা অব্যাহত আছে আৰু উদ্বেগজনকভাৱে হিংসা বিয়পি পৰিছে ম্যানমাৰৰ সীমান্তৱৰ্তী চহৰ মোৰেলৈ৷ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনাধিষ্ঠিত ‘ডাবল ইঞ্জিন’ চৰকাৰে শেহতীয়াকৈ এনে এটা ‘তত্ত্ব’ প্ৰচাৰত মগ্ন হৈছে যে যি ভিডিঅ’-কাণ্ড উন্মোচিত হৈছে, সেয়া ৭৭ দিনৰ পুৰণি ঘটনা৷ মণিপুৰ এতিয়া আপেক্ষিকভাৱে শান্ত৷ বিৰোধী পক্ষই চৰকাৰক অস্থিৰ কৰিবলৈহে মণিপুৰৰ সংঘৰ্ষৰ বিষয়ে অহৰহ প্ৰচাৰ চলাই আছে৷ আনহাতে, কালিৰ পৰা ২৬ দিন পূৰ্বে বিজেপিৰ শীৰ্ষ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল, এসপ্তাহ বা ১০ দিনৰ ভিতৰত মণিপুৰলৈ শান্তি উভতি আহিব৷ বেচৰকাৰী সংবাদ সংস্থা এএনআইক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছিল– চৰকাৰে নীৰৱে শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা চলাই আছে৷ ৭-১০ দিনৰ ভিতৰত মণিপুৰ ঠাণ্ডা হৈ যাব৷ পিছে হিমন্ত বিশ্ব শৰ্মাৰ সেই ‘গেৰাণ্টী’ নৰজিল৷ ১ জুলাইৰ পৰা ২৬ জুলাই, অৰ্থাৎ কালিলৈ মণিপুৰত একাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু বহু নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাইছে৷ তাতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, এইবাৰ হিংসাত্মক কাৰ্যকলাপ আৰু সংঘৰ্ষ সীমান্তৱৰ্তী চহৰ মোৰেলৈ বিয়পি পৰিছে৷ এই সংঘৰ্ষত বুধবাৰে এগৰাকী মহিলা কনিষ্টবলে সশস্ত্ৰ দুবৃৰ্ত্তৰ হাতত প্ৰাণ হেৰুৱাইছে৷

বুধবাৰে ম্যানমাৰৰ সীমান্তৱৰ্তী ব্যৱসায়িক চহৰ মোৰেত উত্তেজিত জনতাই চিআৰপিএফ কঢ়িয়াই নিয়া দুখন বাছত অংগ্নিসংযোগ কৰে৷ এই ঘটনাত কোনো লোক হতাহত নহ’লেও উন্মত্ত জনতাই কেন্দ্ৰীয় সংৰক্ষিত বাহিনী থকা মোৰেৰ দুটা ঘৰত অগ্নিসংযোগ কৰি ভস্মীভূত কৰাত নিৰাপত্তাবাহিনী আৰু উন্মত্ত সশস্ত্ৰ লোকৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়৷ সেই সংঘৰ্ষত মণিপুৰ আৰক্ষীৰ এগৰাকী মহিলা কনিষ্টবল নিহত হয়৷ ইয়াৰ পাছতে সমগ্ৰ মোৰে চহৰত উত্তেজনা বিয়পি পৰে৷ উন্মত্ত জনতাই মোৰে বজাৰৰ অসংখ্য ঘৰ, দোকান জ্বলাই ভস্মীভূত কৰে আৰু ব্যাপক লুটপাট কৰে৷ ব্যৱসায়িক চহৰ হোৱাৰ বাবে মোৰেত মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ে বাস কৰিছিল৷ বিগত ৩ মে’ত ৰাজ্যখনত গোষ্ঠীসংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত দুয়ো জনগোষ্ঠীৰ লোকেই ঘৰ-দুৱাৰ, দোকান-পোহাৰ এৰি পলায়ন কৰিছিল৷ বুধবাৰে দুয়োপক্ষই তেনে অসংখ্য পৰিত্যক্ত ঘৰ, দোকান আদি জ্বলাই ভস্মীভূত কৰে৷ পৰিস্থিতি শান্ত হোৱাৰ আশাত চহৰখনলৈ পলাই যোৱা একাংশ বাসিন্দা উভতি আহিছিল৷ এতিয়া তেওঁলোকৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে৷ ঘাইকৈ যোৱা বুধবাৰে তিনিগৰাকী কুকি মহিলাক বিবস্ত্ৰ কৰি পেৰেড কৰোৱা আৰু তাৰে ২১ বছৰীয়া যুৱতীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ ঘটনাৰ ভিডিঅ’ বিয়পি পৰাৰ ফলত ৰাজ্যখনত পুনৰ প্ৰৱল উত্তেজনাৰ সৃষ্টি হৈছে৷ এইবাৰ সেই উত্তেজনাৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সীমান্তৱৰ্তী চহৰ মোৰে৷