Logo
image

ধুবুৰীত বাল্য বিবাহঃ ৰভাথলীত উপস্থিত আৰক্ষী, দৰাসহ কাজিৰ পলায়ন

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী বিএন কলেজ নগৰ আৰক্ষী আৰু ধুবুৰী সদৰ থানাৰ আৰক্ষীৰ যৌথ অভিযান বাল্যবিবাহৰ বিৰুদ্ধে। ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাতুল হালৈৰ নেতৃত্বত চলিল এই অভিযান ৷ বুধবাৰে নিশা হাওঁৰাৰপাৰ অঞ্চলৰ এগৰাকী ১৭ বছৰীয়া নাবালিকাৰ বিবাহৰ আয়োজন চলিছিল ৷ ঘটনাৰ খবৰ পায় ৰাভাথলীত উপস্থিত হ’ল ধুবুৰী আৰক্ষী৷ আৰক্ষীক দেখি হুৱা-দুৱা লাগিল পৰিয়াল দুটাৰ মাজত। ধুবুৰীৰ ফলিমাৰিত ৰং মিস্ত্রীৰ কাম কৰা ৰোমিউল হকৰ সৈতে নিকাৰ সকলো প্ৰস্তুতি সম্পন্ন হৈছিল হাওঁৰাৰপাৰৰ এগৰাকী নাবালিকাৰ। আৰক্ষীৰ অভিযানৰ সময়ত দৰা উপস্থিত হৈছিল কইনাৰ ঘৰত। কিন্তু আৰক্ষী অহাৰ খবৰ পাই কাজিৰ লগতে দৰা পলায়ন কৰে ৰভাথলীৰ পৰা।

পিছত নিশা প্ৰায় ১২ বজাত নাবালিকাৰ হাওঁৰাৰপাৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই নাবালিকাগৰাকীৰ বৰ দেউতাকক আটক কৰে বুলি জানিব পৰা গৈছে । কিন্তু আৰক্ষীৰ অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে নাবালিকাৰ পিতৃসহ পৰিয়ালে ৷ অৱশ্যে ইতিমধ্যে আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।