Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰায় চূড়ান্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাইঃ দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰকাশ কৰা ধৰণেই চূড়ান্ত হ’বলৈ গৈ আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা৷ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ক্ষেত্ৰত দুই এটা সমষ্টিত হয়তো সাল সলনি হ’ব৷ হয়তো সামান্য সালসলনি হ’ব দুই চাৰিটা সমষ্টিৰ সীমা৷  নাম সলনি কৰিবলগীয়া সমষ্টিৰ তালিকা ৰাজ্য চৰকাৰে দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য, দেশৰ নিৰ্বাচন আয়োগে ২০ জুনত প্ৰকাশ কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰাৰ পাছত হাহাকাৰ লাগে ৰাজ্যত৷ শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছ-ই ইউ ডি এফ, বিজেপিৰ অন্যতম মিত্ৰদল অগপতো হাহাকাৰ লাগে৷ প্ৰতিবাদৰ জোৱাৰ উঠে উজনিৰ পৰা নামনিলৈ৷ শাসকীয় দল বিজেপিৰ বহু মন্ত্ৰী-বিধায়কেও নিৰ্বাচন আয়োগে প্ৰকাশ খচৰাৰ তীব্ৰ বিৰোধিতা কৰিছে৷ কিয়নো মানকাচৰৰ দৰে সমষ্টি দক্ষিণ শালমাৰা জিলাৰ পৰা কৰ্তন কৰি ধুবুৰী জিলাত সংলগ্ন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা অনুসৰি কোক্‌ৰাঝাৰ জিলাত দতমা, বাওখুংগ্ৰী, পৰ্বতঝৰা, বঙাইগাঁও জিলাত অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণ সমষ্টি বিলুপ্ত কৰি নতুনকৈ অভয়াপুৰী, মাণিকপুৰ; বৰপেটা জিলাত মন্দিয়া আৰু ৰূপসী, বজালী, কামৰূপ জিলাত চমৰীয়া, কামৰূপ মহানগৰীত গুৱাহাটী পূব আৰু পশ্চিমৰ সমষ্টি বিলুপ্তি কৰি ডিমৰীয়া [এছচি] নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, নলবাৰী জিলাত টিহু, বাগ্‌সা জিলাত গোৱৰ্ধনা, ওদালগুৰি জিলাত ভেৰগাঁও, টংলা; নগাঁও জিলাত বিন্নাকান্দি; লখিমপুৰ জিলাত ৰঙানদী; ধেমাজি জিলাত চিচিবৰগাঁও; তিনিচুকীয়া জিলাত মাকুম; শিৱসাগৰ জিলাত ডিমৌ; পশ্চিম কাৰ্বি আংলং জিলাত বৈঠালাংছ’ সমষ্টি বিলুপ্ত কৰি দুটা নতুন সমষ্টি ৰংখাং [এছ টি], আমৰী [এছ টি]; ডিমা হাচাও জিলাৰ হাফলং সমষ্টিৰ নাম সলনি কৰি ডিমা হাচাও, কাছাৰ জিলাত নৰছিংপুৰ [এছ চি] সমষ্টি নতুনকৈ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে৷ ইয়াৰ বিপৰীতে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি, হাইলাকান্দি জিলাৰ কাটলিচেৰা, কাছাৰ জিলাৰ ধলাই, পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’, ধুবুৰী জিলাৰ বিলাসীপাৰা পূব আৰু পশ্চিম কোক্‌ৰাঝাৰ জিলাৰ কোক্‌ৰাঝাৰ পূব আৰু পশ্চিম বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ, বৰপেটা জিলাৰ পাটাছাৰকুছি, বৰপেটা জিলাৰ সৰভোগ, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, কামৰূপ জিলাৰ ছয়গাঁও, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী পূব আৰু পশ্চিম, নলবাৰী জিলাৰ ধৰ্মপুৰ, বাগ্‌সা জিলাৰ বৰমা, ছাপাগুৰি, ওদালগুৰি জিলাৰ পানেৰী আৰু কলাইগাঁও, নগাঁও জিলাৰ যমুনামুখ, শিৱসাগৰ জিলাৰ আমগুৰি, থাওৰা আৰু ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্তিৰ প্ৰস্তাৱ দিয়া হৈছে আয়োগৰ খচৰাত৷ ঠিক তেনেদৰে বহু সংৰক্ষণ মুক্ত কৰাৰ বিপৰীতে বহু সমষ্টি সংৰক্ষণযুক্ত কৰা হৈছে৷ যেনে বৰপেটা সমষ্টি অনুসূচিত জাতিৰ বাবে, তামুলপুৰ অনুসূচিত জনজাতিৰ বাবে, মঙলদৈ সংৰক্ষণমুক্ত, বিহালী অনুসূচিত জাতিৰ বাবে, দেৰগাঁও সংৰক্ষণমুক্ত, নাওবৈচা অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে৷ বহু অস্ত্ৰোপচাৰৰ অন্তত এই ১২৬টা সমষ্টিৰ খচৰাত চূড়ান্ত ৰূপ দিয়া হয়৷ এই খচৰা অনুসৰি ২৯জন বিধায়ক পোনপটীয়াভাৱে আৰু ৬জন পৰোক্ষভাৱে বিপদত পৰাটো নিশ্চিত৷ এই ২৯জন বিধায়কৰ ভিতৰত আছে ৪জন মন্ত্ৰী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও৷ অসম বিধানসভাৰ ৬৩জন বিজেপি বিধায়কৰ ভিতৰত ১০জনে হেৰুৱাব সমষ্টি৷ সদনত থকা ২৬জন কংগ্ৰেছ বিধায়কৰ ৫জনে হেৰুৱাব সমষ্টি৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিজৰ সমষ্টি হেৰুৱাব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ পানেৰী সমষ্টি হেৰুৱাব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও৷ খচৰাত নাই ৰঞ্জিত কুমাৰ দাসৰ সমষ্টি পাটাছাৰকুছি, পৰিমল শুক্লবৈদ্যৰ সমষ্টি ঢলাই, চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰ, ইউ জি ব্ৰহ্মৰ সমষ্টি ছপাগুৰি৷ খচৰা অনুসৰি সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন কলিতা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঞি, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ, ধিঙৰ বিধায়ক আমিনুল ইছলাম, বৈঠালাংছ’ৰ বিধায়ক ৰূপসিং টেৰাং, জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম, হাওৰাঘাটৰ বিধায়ক দৰসিং ৰংহাং, বৰমাৰ বিধায়ক ভূপেন বড়ো, কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়ো, কোক্‌ৰাঝাৰ পশ্চিমৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, কোক্‌ৰাঝাৰ পূবৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিলাসীপাৰা পূবৰ বিধায়ক চামচুল হুদা, বিলাসীপাৰা পশ্চিমৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাছিমী, অভয়াপুৰী দক্ষিণৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ, অভয়াপুৰী পশ্চিমৰ বিধায়ক প্ৰদীপ সৰকাৰ৷ আনহাতে, খচৰা অনুসৰি সমষ্টি হেৰুৱাব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই৷ উক্ত সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত৷ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে প্ৰতিনিধিত্ব কৰা সমষ্টি বকো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে৷ কাজেই সমষ্টিটো হেৰুৱাব লাগিব নন্দিতা দাসে৷ সংৰক্ষণৰ বাবে সমষ্টি হেৰুৱাব লাগিব গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে৷ উক্ত সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে৷ সমষ্টি হেৰুৱাব লাগিব বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই৷ উক্ত সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত৷ সংৰক্ষণৰ বাবে নাওবৈচা হেৰুৱাব লাগিব কংগ্ৰেছ বিধায়ক ভৰত চন্দ্ৰ নৰহে৷ সমষ্টিটো অনুসূচিত জাতিৰ বাবেহে সংৰক্ষণ কৰা হৈছে৷ ইউডিএফৰ ৬জন বিধায়কে হেৰুৱাব সমষ্টি৷ ধিঙৰ বিধায়ক আমিনুল ইছলাম, যমুনামুখৰ চিৰাজউদ্দিন আজমল, কাটলিচেৰাৰ মুজামুদ্দিন লস্কৰ, জনিয়াৰ ৰফিকুল ইছলাম, বিলাসীপাৰা পূবত চামচুল হুদা, বিলাসীপাৰা পশ্চিমৰ হাফিজ বচিৰ আহমেদ কাছিমীয়ে সমষ্টি হেৰুৱাব৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পাছত দেশৰ নিৰ্বাচন আয়োগে বিভিন্ন দল-সংগঠন সহ ১২০০ টা পক্ষৰ শুনানি গ্ৰহণ কৰে৷ ১৯, ২০ আৰু ২১ জুলাইত তিনি দিনত প্ৰায় ৬ হাজাৰ মানুহৰ কথা শুনিলে নিৰ্বাচন আয়োগে৷ কিন্তু অধিকাংশ আপত্তিয়েই গ্ৰাহ্য নহ’ল৷ ইয়াৰ মাজতে খচৰাৰ বিশেষ ধৰণৰ সালসলনি নোহোৱাকৈ খচৰা চূড়ান্ত কৰাৰ দিশে আগবাঢ়িছে নিৰ্বাচন আয়োগ৷ শাসকীয় দল বিজেপিৰ পৰামৰ্শ অনুসৰিয়ে হয়তো চূড়ান্ত হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা৷ ইয়াৰ মাজতে কংগ্ৰেছসহ ১২ টা বিৰোধী দলৰ সন্মিলিত মঞ্চই সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা সন্দৰ্ভত হস্তক্ষেপ বিচাৰি উচ্ছতম ন্যায়ালয়ৰ সন্মুখীন হয় যদিও উচ্ছতম ন্যায়ালয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত স্থগিতাদেশ নিদি চৰকাৰ আৰু দেশৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে৷ ইয়াৰ সুযোগ লৈ নিৰ্বাচন আয়োগে চূড়ান্ত কৰিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা৷

নিৰ্বাচন আয়োগে অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক লৈ খেলা কৰিছেঃ গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ মহানজনাৰ জন্মস্থান বটদ্ৰবা থানক বটদ্ৰবা বিধানসভা সমষ্টিৰ পৰা বিলুপ্ত কৰিব বিচাৰিছে নিৰ্বাচন আয়োগে৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত নিৰ্বাচন আয়োগে দৰাচলতে অসমৰ ৰাইজৰ আবেগ-অনুভূতিকলৈ খেলা কৰি আছে৷ আজি লোকসভাৰ ৩৭৭ অধিনিয়মৰ অধীনত বক্তব্য প্ৰদানেৰে সাংসদ গৌৰৱ গগৈয়ে এনেদৰে ক্ষোভ ব্যক্ত কৰে৷ তেওঁ কয় যে আন বহুতো সত্ৰকে ধৰি বটদ্ৰবা থানক নগাঁও সমষ্টিতহে এতিয়া অন্তৰ্ভুক্ত কৰোৱা হৈছে৷ তদুপৰি, অসম চৰকাৰে বটদ্ৰবা থানক ধিং বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ বাবে অলপতে লোৱা কেবিনেট সিদ্ধান্তৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ এই তৎপৰতা মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ তথা দৰ্শনক অৱজ্ঞা কৰা নহয়, বটদ্ৰবা নামক স্থানৰ অস্তিত্বক অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে সমগ্ৰ বিষয়টোত কংগ্ৰেছৰ সাংসদজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ কামনা কৰে৷ নৱ্য-বৈষ্ণৱবাদৰ ধাৰক আৰু বাহক বটাদ্ৰবা থানৰ অস্তিত্ব তথা গৰিমা বৰ্তাই ৰখাৰ বাবে সাংসদ গগৈয়ে প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে৷