Logo
image

৪০০ কোটি টকা দিয়ক,মহাকাশলৈ যাওক

আমাৰ অসম, ২৮ জানুৱাৰীঃ আপোনাৰ হাতত ৪০০ কোটি টকা আছে নেকি? যদি আছে, তেন্তে পলম নকৰিব৷ শীঘ্ৰেই নাছাৰ সৈতে যোগাযোগ কৰক৷ আপুনি মহাকাশ বিজ্ঞানী বা মহাকাশ অভিযানৰ সৈতে জড়িত নোহোৱাকৈয়ে মহাকাশলৈ যোৱাৰ সুৱৰ্ণ সুযোগ লাভ কৰিব পাৰে৷ যদিহে ‘নাছা’ৰ বাছনিত আপুনি উত্তীৰ্ণ হয়৷ সকলো ঠিকে-ঠাকে থাকিলে অহা বছৰৰ জানুৱাৰীত মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ব্যক্তিগত যান৷ এই ব্যক্তিগত মহাকাশযানৰ এশ শতাংশ খৰচ ব্যক্তিগতভাৱে বহন কৰা হ’ব যদিও ইয়াৰ পৰিচালনাৰ সৈতে স্বাভাৱিক কাৰণতে জড়িত হৈ পৰিছে ‘নাছা’৷ এই ব্যক্তিগত অভিযানটো পোনপটীয়াকৈ পৰিচালনা কৰিব ‘নাছা’ই৷ মহাকাশলৈ যাব খোজা প্ৰতিজন লোকে গাইপতি ৪০০ কোটিকৈ টকা দিব লাগিব৷ ইতিমধ্যে তিনিজন যাত্ৰীৰ নাম চূড়ান্ত কৰা হৈছে৷ তেওঁলোকৰ নাম ইটেন ষ্টিবে, মাৰ্ক পেথী আৰু লেৰি কনাৰ৷ অহা বছৰৰ জানুৱাৰীত মহাকাশ-যাত্ৰাৰ বাবে ‘নাছা’ৰ বাছনিত উঠা এই লোককেইজনৰ যাৱতীয় প্ৰশিক্ষণ শীঘ্ৰেই আৰম্ভ হ’ব৷ এই তিনিজনৰ সৈতে মহাকাশলৈ যাব ‘নাছা’ৰ প্ৰাক্তন মহাকাশযাত্ৰী লোপেজ অলেপ্ৰিয়া৷ উল্লেখ্য, মহাকাশলৈ ব্যক্তিগত যানৰ চলাচল হ’ব এয়াই প্ৰথম৷ পৃথিৱীপৃষ্ঠৰ পৰা ৪২০ কিলোমিটাৰ উচ্ছতাৰ মহাকাশলৈ যোৱাৰ হাবিয়াস থাকে বহুতৰে৷ কিন্তু ইচ্ছা কৰিলেও মহাকাশলৈ যোৱাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে বহুত কাৰিকৰী জ্ঞানৰ প্ৰয়োজন হয়৷ কিন্তু ব্যক্তিগত যানেৰে মহাকাশলৈ যোৱাৰ সুৱৰ্ণ সুযোগ আহি গৈছে৷ গাইপতি খৰচ বেছি নহয়, ৪০০ কোটি টকা মাত্ৰ৷