Logo
image

‘কুইট ইণ্ডিয়া’ৰ আহ্বান মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ জুলাইঃ নামত কি আহে যায়, কামতহে ব্যক্তিৰ চিন–ব্যক্তিৰ গুণ-গৰিমা কৰাৰ সময়ত প্ৰায়ে আওৰোৱা হয় এনে বাক্য৷ পিছে নামেও কোনো সময়ত বিপাঙত পেলায় আৰু তাৰ নৱতম উদাহৰণ হৈছে ‘ইণ্ডিয়া’, দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নৱগঠিত মঞ্চ৷ কিয়নো দেশৰ বিৰোধী ৰাজনৈতিক দলে ‘ইণ্ডিয়া’ নাম লোৱাৰ লগে লগে শলঠেকত পৰিছে এন ডি এ, বিশেষকৈ চৰকাৰী জোঁটৰ নেতৃস্থানীয় অংশীদাৰ বিজেপি৷ অন্ততঃ বিৰোধীক আক্ৰমণ কৰাৰ ক্ষেত্ৰত এতিয়া ‘ইণ্ডিয়া’ শব্দটো উচ্ছাৰণ কৰিবলগীয়া হৈছে আৰু ‘ইণ্ডিয়া’  শব্দটো উচ্ছাৰণ কৰি যিহকে মন যায় তাকে ক’বলৈ গৈ অসুবিধাত পৰিছে বিজেপি৷ বিৰোধী ৰাজনৈতিক দলে অহা বছৰৰ সাধাৰণ নিৰ্বাচনত কি ফলাফল দেখুৱাবলৈ সক্ষম হয় সেয়া সময়ে ক’ব, কিন্তু নামৰ কৌশলেৰে যে বিৰোধীয়ে জোঁট গঠনৰ প্ৰাৰম্ভিক পদক্ষেপত দেশৰ শক্তিশালী ৰাজনৈতিক দল বিজেপিক বিবুধিত পেলাবলৈ সক্ষম হৈছে, সেয়া বিগত প্ৰায় এসপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধীৰ প্ৰতি অসংলগ্ন আক্ৰমণত পৰিস্ফুট হৈ পৰিছে৷ চলিত সপ্তাহতে বিৰোধীৰ জোঁট ‘ইণ্ডিয়া’ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী সংগঠনৰ ইণ্ডিয়ান মুজাহিদিনৰ সৈতে তুলনা কৰিছিল৷ বিজেপিৰ সংসদীয় দলৰ বৈঠকত মোদীয়ে একেদিনাই ‘ইণ্ডিয়া’ক ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া অৰ্থাৎ নিষিদ্ধ ঘোষিত পি এফ আইৰ সৈতেও তুলনা কৰিছিল৷ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া’ক আক্ৰমণ কৰিবলৈ গৈ স্বাধীনতা আন্দোলনৰ ঐতিহাসিক অধ্যায় ‘কুইট ইণ্ডিয়া’ৰ সহায় ল’লে৷ ৰাজস্থানৰ ছিকাৰত অনুষ্ঠিত বিজেপিৰ বিশাল সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইণ্ডিয়া’ক আক্ৰমণ কৰি ‘কুইট ইণ্ডিয়া’ অৰ্থাৎ মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে কৰা ‘কুইট ইণ্ডিয়া’ আন্দোলনৰ দৰে বিৰোধী জোঁট ‘ইণ্ডিয়া’ক ‘ভাৰত ত্যাগ’ৰ আহ৩ান জনায়৷ প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী জোঁটক আক্ৰমণ কৰি কয়– ‘জালিয়াতিৰ বাবে বদনাম হোৱা কোম্পানীয়ে যিদৰে নিজৰ নাম সলনি কৰে, তেনেদৰেই বিভিন্ন দুৰ্নীতিত অভিযুক্ত ইউ পি এই নাম সলাইছে৷ দুৰ্নীতি আৰু প্ৰতাৰণাৰ ইতিহাস সলনি কৰাৰ বাবেই সলনি কৰা হৈছে নাম৷’ স্বাধীনতা আন্দোলনৰ আটাইতকৈ বৃহৎ আৰু সৰ্বাধিক কাৰ্যকৰী হৈ উঠা মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলন বা ‘কুইট ইণ্ডিয়া’ আন্দোলনক সাৰথি কৰি তেওঁ কয়–দুৰ্নীতি কুইট ইণ্ডিয়া৷ পৰিয়ালতন্ত্ৰ কুইট ইণ্ডিয়া৷ প্ৰশস্তিৰ ৰাজনীতি কুইট ইণ্ডিয়া৷ মহাত্মা গান্ধীৰ কুইট ইণ্ডিয়া শ্লোগানেই একমাত্ৰ ভাৰতক ৰক্ষা কৰিব পাৰিব৷’ ইয়াৰ পাছতে তেওঁ নাম নোলোৱাকৈ ৰাহুল গান্ধীক ইংগিত কৰি কয়, ইণ্ডিয়াক লৈ চিন্তা থাকিলে বিৰোধীয়ে বিদেশত গৈ দেশৰ বদনাম নকৰে, বিদেশী শক্তিৰ সাহায্য নিবিচাৰে৷ 

প্ৰধানমন্ত্ৰী মোদীৰ এই বক্তব্যৰ পাছতে বেংগালুৰুত থকা ৰাহুল গান্ধীয়ে প্ৰত্যাক্ৰমণ কৰি কয়–‘বিৰোধী’ জোঁটে নিজৰ সুন্দৰ নাম ৰাখিছে৷ ‘ইণ্ডিয়া’ নামটো সকলোৰে হৃদয়ৰ পৰা ওলাইছে৷ বিৰোধীয়ে নাম দিয়াৰ লগে লগে মোদীয়ে ‘ইণ্ডিয়া’ক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে৷ মোদীয়ে এই কথাও ভবা নাই যে, তেওঁ ‘ইণ্ডিয়া’ৰ দৰে পৱিত্ৰ এটা শব্দক গালি পাৰিছে৷ তেওঁৰ ইমানেই অহংকাৰ, দম্ভ৷’ আনহাতে বিৰোধীৰ ‘ইণ্ডিয়া’ নামটোক লৈ চৰকাৰীপক্ষ ব্যতিব্যস্ত হৈ পৰা দেখি আপৰ মুৰব্বী অৰৱিন্দ কেজৰিৱালে কয়– ‘শৰ গৈ সম্ভৱতঃ সঠিক নিচানত লাগিছে৷ সেয়ে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সাংগো-পাংগোৰ ধৰফৰণি আৰম্ভ হৈছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীৰ ‘কুইট ইণ্ডিয়া’ আন্দোলনৰ প্ৰসংগ টানি বিৰোধী জোঁটক আক্ৰমণ কৰিলেও পিছে ইতিহাসে অন্য কথাহে কয়৷ ১৯৪২ চনৰ ৯ আগষ্টত যেতিয়া মুম্বাইত মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে ‘কুইট ইণ্ডিয়া’ আন্দোলন ঘোষণা কৰিছিল, তাৰ লগে লগে এই আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে সৰ্বাত্মক আৰু সৰ্ববৃহৎ হৈ পৰিছিল৷ আনকি দখলদাৰী ইংৰাজৰ ভাইচৰয় লিথিংগ’ৱে কৈছিল, ১৮৫৭ৰ পাছত এয়া হৈ পৰিছে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ আন্দোলন৷ তাৎপৰ্যপূৰ্ণ ঘটনা আছিল এয়াই যে, শত্ৰু ইংৰাজৰ বিৰুদ্ধে যেতিয়া সমগ্ৰ দেশ ‘কুইট ইণ্ডিয়া’ আন্দোলনত জঁপিয়াই পৰিছিল, তেতিয়া বিনায়ক দামোদৰ ছাভাৰকাৰে ‘কুইট ইণ্ডিয়া’ আন্দোলনৰ বিৰোধিতা কৰি ইংৰাজক আনুষ্ঠানিকভাৱে সমৰ্থন জনাইছিল৷ ছাভাৰকাৰ আছিল তেতিয়া হিন্দু মহাসভাৰ নেতা৷ হিন্দু মহাসভাই মুছলিম লীগৰ সৈতে একগোট হৈ ‘কুইট ইণ্ডিয়া’ আন্দোলনৰ বিৰোধিতা কৰিছিল৷ হিন্দু মহাসভাৰ আন এজন নেতা শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ‘ষ্টিক টু ইয়’ৰ পোষ্ট’ শিৰোনামাৰে এখন চিঠি লিখি তেওঁলোকৰ যিমান চাকৰিয়াল ব্ৰিটিছৰ অধীনত আছিল, তেওঁলোকৰ নিগম-নিকায়ত যিমান চাকৰিয়াল সদস্য আছিল, ব্ৰিটিছৰ অধীনৰ ভাৰতীয় সেনাত তেওঁলোকৰ যিমান সদস্য আছিল, সকলোকে ব্ৰিটিছৰ শাসনাধীন চাকৰি এৰি নাহিবলৈ আৰু সেই পদক্ষেপৰ জৰিয়তে ব্ৰিটিছক সমৰ্থন জনাই ‘কুইট’ ইণ্ডিয়া’ আন্দোলনৰ বিৰোধিতা কৰিবলৈ আহ৩ান জনাইছিল৷ ভি ডি ছাভাৰকাৰ, শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ‘কুইট ইণ্ডিয়া’ আন্দোলনৰ বিৰোধিতা কৰাটো ইতিহাসৰ নিৰ্মম সত্য৷ পিছে তেওঁলোকৰ ভাৱাদৰ্শৰে পৰিচালিত বিজেপিয়ে, ছাভাৰকাৰৰ জন্মদিনত দেশৰ নতুন সংসদ উদ্বোধন কৰা প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া এসময়ত তেওঁলোকৰ আদৰ্শবাদী নেতাই বিৰোধিতা কৰা ‘কুইট’ ইণ্ডিয়া’ৰ আশ্ৰয় লোৱাত ইতিহাস-সচেতন সকলোৱেই আচৰিত হৈছে৷