Logo
image

পাৰমাণৱিক বোমাৰ ভাবুকি উত্যক্ত ৰাছিয়াৰ

মস্কো, ১ আগষ্টঃ ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত ড্ৰোন আক্ৰমণ চলোৱাৰ পাছত অধিক প্ৰতিশোধপৰায়ণ হৈ উঠিছে ভ্লাডিমিৰ পুটিন৷ আনকি শেহতীয়াকৈ দেশখনে ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে৷ উল্লেখ্য যে দেওবাৰে ইউক্ৰেইনে কৰা ড্ৰোন আক্ৰমণৰ ফলত মস্কো বিমানবন্দৰ সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হৈছিল ৰাছিয়াই৷ ইয়াৰ পাছতে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পুটিনৰ ঘনিষ্ঠ নেতা ডিমিট্ৰী মেডোভেদেবে ইউক্ৰেইনৰ ওপৰত পুটিনে পাৰমাণৱিক আক্ৰমণ চলাব বুলি উল্লেখ কৰে৷ মেডোভেদেবে স্পষ্ট কৰি দিয়ে যে ইউক্ৰেইনে নাটোৰ সমৰ্থন লৈ যিদৰে ৰাছিয়াৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে, সেয়া যদি সফল হয় বা ৰাছিয়াৰ কোনো অঞ্চল যদি ইউক্ৰেইনে দখল কৰে তেন্তে নিশ্চিতভাৱেই ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ব৷ ইয়াৰ ফল ভুগিব লাগিব সমগ্ৰ বিশ্বই৷ স্মৰ্তব্য যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছতো এবাৰ পুটিনে ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ ভাবুকি প্ৰদান কৰিছিল৷ তাৎপৰ্যপূৰ্ণ যে পুটিনৰ ঘনিষ্ঠ নেতা মেডোভেদেবে ইয়াৰ পূৰ্বে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ বাবেই আমেৰিকাত গৃহযুদ্ধ সূচনা হোৱাৰ ভৱিষ্যদ্বাণী কৰিছিল৷ তেওঁ আনকি চলিত বৰ্ষৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতত হাইপাৰছনিক  ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ভাবুকিও প্ৰদান কৰিছিল৷ শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত ওলোটাই আক্ৰমণ চলাবলৈ ধৰিছে৷ এই সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ দাবী– এয়া আক্ৰমণ নহয়, ৰাছিয়াই ইউক্ৰেইনৰ যিবোৰ অঞ্চল দখল কৰিছে সেই অঞ্চলসমূহ পুনৰুদ্ধাৰৰ অভিযানহে চলোৱা হৈছে৷ ইয়াৰ পূৰ্বে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ কেইবাখনো চহৰ সম্পূৰ্ণৰূপে ধবংস হৈছিল৷ ইয়াৰ মাজতে ইউক্ৰেইনে ৰাছিয়াৰ ৩০ হাজাৰজন সৈন্য হত্যা কৰা বুলি দাবী কৰিছে৷ তদুপৰি ৰাছিয়াৰ ৭খন যুদ্ধবিমান, ৬খন হেলিকপ্টাৰ, ১৩০ খন যুদ্ধ বাহন  আৰু ৩০ টাৰো অধিক টেংক ধবংস কৰা বুলি দাবী কৰিছে ইউক্ৰেইনে৷ পিছে ইউক্ৰেইনৰ এই দাবী পোনছাটেই অস্বীকাৰ কৰিছে ৰাছিয়াই৷ ৰাছিয়াৰ মতে ইউক্ৰেইনত সম্প্ৰতি ২ লাখ ৰুছ সেনা আছে৷ ইয়াৰ বাবে ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনক দোষাৰোপ কৰিছে৷ পুটিনৰ মতে আমেৰিকা আৰু নাটোই ইউক্ৰেইনক সমৰ্থন আগবঢ়োৱাৰ বাবেই ৰাছিয়াই এই বৃহৎসংখ্যক সৈন্যবাহিনী ইউক্ৰেইনত মোতায়েন কৰিবলৈ বাধ্য হৈছে৷ যদি ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত চলোৱা আক্ৰমণ  বন্ধ নকৰে তেন্তে দেশখনৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলোৱাটো নিশ্চিত বুলি ভাবুকি প্ৰদান কৰে পুটিনে৷