Logo
image

হাইক’ৰ্ট স্থানান্তৰৰ সিদ্ধান্ত মূৰ্খামি! ‘ইন্দ্ৰপুৰী’লৈও নাযায় অধিবক্তা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১ আগষ্টঃ  উত্তৰ পূবৰ প্ৰথমখন উচ্ছ ন্যায়ালয় আৰু বৰ্তমানেও অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামক প্ৰতিনিধিত্ব কৰি অহা গুৱাহাটী উচ্ছ ন্যায়ালয়খন  বৰ্তমানৰ স্থানৰ পৰা গুৱাহাটীৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ নিলগৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰংমহল নামৰ অতি আওহতীয়া অঞ্চললৈ স্থানান্তৰ কৰা হব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে কৰা ঘোষণাৰ   পাছৰে পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ  অধিবক্তা সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ উপৰিও গুৱাহাটীৰ আটাইকেইটা অধিবক্তা আৰু উকীল সন্থাই মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰি কোনো কাৰণতে বৰ্তমানৰ স্থানৰ পৰা উচ্ছ ন্যায়ালয় স্থানান্তৰ কৰিবলৈ দিয়া নহব বুলি সদৰি কৰিছে৷ ইয়াৰ মাজতে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত কেবাজনো জেষ্ঠ্য অধিবক্তাই এই সিদ্ধান্ত বাতিল নকৰিলে অধিবক্তা সমাজে ৰাইজক লগত লৈ ৰাজপথলৈ ওলাই আহিব বুলি ঘোষণা কৰে৷ সংবাদ মেলত ভাগ লৈ বাৰ এচোছিয়েশ্যনৰ সভাপতি মৃণাল কুমাৰ বৰাই কয় - বিভিন্ন অধিবক্তা সন্থাক আৰু প্ৰধান অংশীদাৰসকলক একেবাৰে আন্ধাৰত ৰাখি লোৱা এনে হঠাৎ সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে যোৱা জুন মাহৰ পৰা প্ৰতিবাদ চলি আছে৷ উচ্ছ ন্যায়ালয়ক স্থানান্তৰিত কৰাৰ সিদ্ধান্তক মুৰ্খামি, অদ্ভুত, অযুক্তিকৰ, একপক্ষীয় আৰু স্বৈৰাচাৰী৷ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা সন্থাই ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ মুখ্য ন্যায়াধীশ, কেন্দ্ৰীয় আইন মন্ত্ৰী আদিলৈ বিতং আপত্তি স্মাৰক প্ৰেৰণ কৰি ২৭ জুনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ যোৱা ২৩ মে’ত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত পৰৱৰ্তী সময়ত উচ্ছ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ লগতে অসমৰ এডভোকেট জেনেৰেল আৰু কেইজনমান চৰকাৰী বিষয়াক লৈ এক উচ্ছ পৰ্যায়ৰ সমিতি গঠন কৰি ৰাজ্য চৰকাৰে একপক্ষীয়ভাৱে গ্ৰহণ কৰা ব্যৱস্থাৰ বিৰুদ্ধে অধিবক্তা সন্থাই ক্ষোভ প্ৰকাশ কৰি আহিছে৷  উচ্ছ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই চৰকাৰৰ সিদ্ধান্তৰ প্ৰতীয়মান সমৰ্থনত অধিবক্তা সন্থাৰ লগত কোনো আলোচনা নকৰাকৈয়ে দুজন ন্যায়াধীশক মনোনীত কৰা কাৰ্যত আমি দুখ প্ৰকাশ কৰিছো বুলি চৌধুৰীয়ে সদৰি কৰে৷ সংবাদমেলত ভাগ লৈ জেষ্ঠ্য অধিবক্তা অনিল ভট্টাচাৰ্যই কয় এই সিদ্ধান্তৰ আৰত বহু ৰাজনীতিবিদৰ ব্যক্তিগত স্বাৰ্থ  জড়িত৷ থাকিব পাৰে৷  হয়তো তাত তেওঁলোকে ভূমি ক্ৰয় কৰিছে আৰু তেওঁলোকে ক্ৰয় কৰা ভূমিত গুৱাহাটী উচ্ছ ন্যায়ালয়কে ধৰি চৰকাৰে ঘোষণা কৰা প্ৰস্তাৱিত জুদিচিয়েল৷ চিটি নিৰ্মাণ কৰা হব৷  গুৱাহাটীৰ পৰা বহু অনুষ্ঠান কেৱল মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ স্থানান্তৰ কৰি থকাৰ সিদ্ধান্তই ৰাইজক বহুত ক্ষতি কৰিছে বুলি অনিল ভট্টাচাৰ্যই সদৰি কৰে৷  সংবাদ মেলত ভাগ লৈ জেষ্ঠ্য অধিবক্তা অৰূপ কুমাৰ বৰবৰাই কয় ‘‘এনে অবাস্তৱ আৰু একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যলৈ বিয়পাই দিম৷ ৰংমহলতো বাদেই বৰ্তমানৰ স্থানৰ পৰা কোনো কাৰণতে উচ্ছ ন্যায়ালয় স্থানান্তৰ কৰিবলৈ দিয়া নহব৷ যদি চৰকাৰে ইন্দ্ৰপুৰীলৈকেও উচ্ছ ন্যায়ালয় স্থানান্তৰ কৰে তথাপিও আমি তালৈ নাযাও৷  ১৮৭২ চনৰ পৰা ১৮৭৯ চনৰ ভিতৰত কলকাতা উচ্ছ ন্যায়ালয়, মাদ্ৰাজ উচ্ছ ন্যায়ালয়, বোম্বে উচ্ছ ন্যায়ালয় স্থাপন কৰা হৈছিল৷  কিন্তু তাৰ চৰকাৰে বহুত পৰিবৰ্তন, সম্প্ৰসাৰণ আদি কৰাৰ পিছতো সেই ডেৰ শতিকাত ভৰি দিয়া গৰকা উচ্ছ ন্যায়ালয় সমূহ স্থানান্তৰ কৰা নাই৷  বৰঞ্চ তাক সেই স্থানতে নতুনকৈ সজাই পৰাই তুলিছে ৷ গুৱাহাটী উচ্ছ ন্যায়ালয়খনৰ নক্সা জ্জ মহলীয়া আৰু বৰ্তমান চাৰি মহলালৈহে নিৰ্মাণ কৰা হৈছে৷ গতিকে চৰকাৰে স্থানান্তৰ কৰাৰপৰিবৰ্তে বাকী থকা তিনিটা মহলা নিৰ্মাণ কৰক বুলি বৰবৰাই সদৰি কৰে৷  সংবাদ মেলত জেষ্ঠ্য অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰী, প্ৰাণ বৰাক ধৰি কেবাজনেও এই সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়৷