Logo
image

লালুৰ সম্পত্তি জব্দ

পাটনা,  ১ আগষ্টঃ এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট অৰ্থাৎ ই ডিয়ে সোমবাৰে লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ নামত থকা প্ৰায় ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰে৷ জব্দ কৰা সম্পত্তিসমূহৰ ভিতৰত আছে দিল্লী আৰু পাটনাৰ লগতে নিউ ফ্ৰেইণ্ডছ কলনীত থকা কেইবাটাও আবাসগৃহ৷ উল্লেখ্য যে নিযুক্তিৰ বাবে ভূমি লোৱা সংক্ৰান্তীয় গোচৰত সোমবাৰে ই ডিয়ে আৰ জে ডিৰ মুৰব্বী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীৰ এই সম্পত্তিসমূহ জব্দ কৰে৷ প্ৰাপ্ত বাতৰি মতে নিযুক্তিৰ বাবে ভূমি সংক্ৰান্তীয় গোচৰটোত  সোমবাৰে চি বি আয়ে নতুনকৈ ছাৰ্জশ্বিট দাখিল কৰিছিল৷ উক্ত ছাৰ্জশ্বিটত চি বি আয়ে লালু প্ৰসাদৰ লগতে তেওঁৰ পত্নী ৰাবৰি দেৱী আৰু তেওঁলোকৰ পুত্ৰ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱৰ নাম উল্লেখ কৰে৷ ইয়াৰ পাছতে সোমবাৰে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে লালুপ্ৰসাদৰ পৰিয়ালৰ নামত থকা দিল্লী, পাটনা আৰু নিউফ্ৰেইণ্ডছ কলনীস্থিত সম্পত্তিসমূহ জব্দ কৰে৷ স্মৰ্তব্য যে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ইউপিএ চৰকাৰৰ দিনত ৰে’লমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত লালু প্ৰসাদ যাদৱে ভূমিৰ বিনিময়ত জব্বলপুৰ, মুম্বাই, কলকাতা, জয়পুৰ আৰু হাজিপুৰত থকা ৰে’লৱে মাণ্ডলিক কাৰ্যালয়ত পাটনাৰ কেইবাজনো প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছিল৷ পৰৱৰ্তী সময়ত লালু প্ৰসাদ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত  ভূমি লোৱাৰ এই ঘটনা পোহৰলৈ আহে৷ ইয়াৰ পাছতে গোচৰটো চিবিআয়ে তদন্তৰ বাবে গ্ৰহণ কৰি চিবিআইৰ আদালতত নতুনকৈ ছাৰ্জশ্বিট দাখিল কৰে৷ ইয়াৰ পাছতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী তথা প্ৰাক্তন ৰে’লমন্ত্ৰীগৰাকীৰ প্ৰায় ৬ কোটি টকা মূল্যৰ সম্পত্তিসমূহ জব্দ কৰে৷