Logo
image

শিৱসাগৰত ‘নায়ক’! এদিনৰ বাবে জিলা আয়ুক্ত হ’ল ভাগ্যদ্বীপ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ,১ আগষ্টঃ  সৌভাগ্যবান এটি কিশোৰ, দশম শ্ৰেণীত অধ্যয়ন কৰি থাকোঁতেই হ’ল জিলা আয়ুক্ত৷ হয়, শিৱসাগৰ জিলাৰ আয়ুক্ত ৰূপে  যোগদান কৰিছে৷ তেওঁ হ’ল শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা বৰবাম উচ্ছ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়৷ অতি সাধাৰণ ছাত্ৰজনেই এদিনৰ বাবে বহিল শিৱসাগৰ জিলাৰ সন্মানীয় তথা জিলাখনৰ মুৰব্বী উপায়ুক্তৰ আসনত৷ অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত ছাত্ৰজনক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কৰ্মজীৱনৰ পৰামৰ্শ সন্দৰ্ভত আৰোহণ ব্যক্তি আৰু পৰামৰ্শদাতাসকলৰ পৰামৰ্শৰ ভিত্তিত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে এই সিদ্ধান্ত লোৱা হৈছিল বুলি আজি প্ৰকাশ কৰে৷ উল্লেখ্য যে বকতা বৰবাম উচ্ছ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদ্বীপ ৰাজগড়ক জিলাখনৰ ১৫০ বিদ্যালয়ৰ মুঠ ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এই বিশেষ দায়িত্বৰ বাবে নিৰ্বাচন কৰা হৈছিল৷ ইফালে সকলো জল্পনা কল্পনাৰ ওৰ পেলাই আজি এইজন ছাত্ৰই এদিনৰ উপায়ুক্তৰ দায়িত্ব লাভ কৰিলে৷ আজি পুৱা ছাত্ৰজনক ঘৰৰ পৰা শিৱসাগৰৰ বৰ্তমানৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে সন্মুখত এচকৰ্ট বাহন দি উপায়ুক্তৰ চৰকাৰী বাহনেৰে কাৰ্যালয়লৈ লৈ আহে৷ গাড়ীৰ পৰা নমাৰ পাছতে উপায়ুক্ত ভাগ্যদ্বীপে ভাৰপ্ৰাপ্ত উপায়ুক্তৰ পৰা জিলাখনৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয়৷ ইয়াৰ পাছতে তেওঁ জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীসকলৰ লগত উন্নয়ন সন্দৰ্ভত এক সভাত অংশগ্ৰহণ কৰে৷ লক্ষণীয়ভাৱে এদিনীয়া উপায়ুক্ত ভাগ্যদ্বীপে এই সভা উপায়ুক্তৰ আসনত বহি পৰিচালনা কৰে৷ আনহাতে ভাগ্যদ্বীপে এই সভাতে তেওঁ নিজৰ বিদ্যালয়ৰ অভাৱ অভিযোগ, নিজৰ গাঁওখনৰ বাট-পথৰ সমস্যা, চাহ জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সমস্যাসমূহৰ লগতে আন ভালেমান গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা কৰে৷ স্মৰ্তব্য যে শিৱসাগৰ জিলাৰ বকতা দেউৰী টিং চাহ বাগিচাৰ এজন শ্ৰমিক পোনা ৰাজগড়ৰ পুত্ৰ ভাগ্যদ্বীপ ৰাজগড় শিৱসাগৰ জিলাত এদিনৰ উপায়ুক্ত হ’বলৈ পাই উৎসাহিত হোৱা বুলি সাংবাদিকক জনোৱাৰ লগতে তেওঁ এই সুযোগ দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়৷ উপায়ুক্ত হিচাপে দায়িত্ব লৈ ভাগ্যদ্বীপে প্ৰধানকৈ শিৱসাগৰ জিলাৰ শৈক্ষিক আৰু সামাজিক দিশত অনগ্ৰসৰতাৰ বাবে উদ্বিগ্ন বুলি প্ৰকাশ কৰে৷ ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে ভাগ্যদ্বীপে৷ দিনটোৰ বাবে জিলা মুৰব্বী হোৱা ভাগ্যদ্বীপে আজি শিৱসাগৰ নগৰৰ এখন চৰকাৰী বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানৰ লগতে কেইবাখনো উন্নয়ন বিষয়ক বৈঠকতো অংশগ্ৰহণ কৰে৷ যি কেইখন বৈঠকত জিলা প্ৰশাসনৰ উন্নয়ন আয়ুক্ত বিতোপন নেওগ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দলে, জিলা প্ৰশাসনৰ উচ্ছপদস্থ বিষয়াৰ লগতে প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়া, প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে৷