Logo
image

মণিপুৰত আৰক্ষী ব্যৰ্থ, ডিজিপিক তলব কৰিলে ছুপ্ৰিম ক’ৰ্টে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ আগষ্টঃ মণিপুৰত সংঘটিত ৩ মাহজোৰা গোষ্ঠী সংঘৰ্ষত ৰাজ্যখনৰ আৰক্ষীয়ে গাফিলতি কৰা বুলি উচ্ছতম ন্যায়ালয় খৰ্গহস্ত হৈ পৰিছে আৰু অহা ৭ আগষ্টত মণিপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধানক সোঁশৰীৰে সৰ্বোচ্ছ আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে৷ আজি দ্বিতীয় দিনৰ বাবে মণিপুৰৰ হিংসাত্মক ঘটনাৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ ক্ৰমে– জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণৰূপে ভাগি পৰা বুলি মন্তব্য কৰে৷ ইয়াৰ বাবে উচ্ছতম ন্যায়ালয়ে মণিপুৰৰ আৰক্ষীক প্ৰত্যক্ষভাৱে জগৰীয়া কৰে আৰু চৰকাৰী প্ৰতিনিধিক প্ৰশ্ন কৰে– মণিপুৰ   আৰক্ষীয়ে কিয় হিংসাত্মক ঘটনা ৰোধ কৰিব পৰা নাছিল আৰু গোচৰ ৰুজু হোৱা সত্ত্বেও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? ৬,০০০ৰ অধিক এফআইআৰ ৰুজু হোৱা সত্ত্বেও কিয় মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুষ্কৃতিৰ সংখ্যা ইমান নগণ্য? বিচাৰপীঠে পুনৰ প্ৰশ্ন কৰে– ঘটনাৰ নিৰ্যাতিতাই জনাইছে, তেওঁলোকক জেৰা কৰাৰ পাছত আৰক্ষীয়ে উত্তেজিত জনতাৰ হাতত তুলি দিছিল৷ তেতিয়া আৰক্ষী সঞ্চালকপ্ৰধানে কি কৰি আছিল? কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক এনেদৰে তিৰস্কাৰ কৰি সৰ্বোচ্ছ আদালতে আৰক্ষী সঞ্চালকপ্ৰধান ৰাজীৱ সিঙক সোঁশৰীৰে উচ্ছতম ন্যায়ালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ তুষাৰ মেহতাক ভৎৰ্সনা কৰি বিচাৰপীঠে কয়– মণিপুৰত চৰকাৰৰ আইন-শৃংখলা ব্যৱস্থা সম্পূৰ্ণৰূপে ভাগি পৰিছে, কিন্তু চৰকাৰ নীৰৱ হৈ আছে৷ ইপিনে, থৌবাল জিলাত বিৱস্ত্ৰ কৰি পেৰেড কৰোৱা ৩গৰাকী মহিলা তথা তাৰে দলবদ্ধভাৱে ধৰ্ষণ কৰা ২১ বছৰীয়া যুৱতীগৰাকীক সোধা-পোছা কৰাৰ পৰা চিবিআইক বাৰণ কৰিছে উচ্ছতম ন্যায়ালয়ে৷ ইতিমধ্যে চিবিআয়ে সেই গোচৰটো হাতত লৈছিল৷ কিন্তু নিৰ্যাতিতাই সেই গোচৰৰ তদন্ত চিবিআইৰ পৰিৱৰ্তে উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱাৰ বাবে আবেদন জনাইছে৷ তদুপৰি তেওঁলোকে প্ৰভাৱিত হোৱাৰ ভয়ত সেই গোচৰ অসমৰ আদালতলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ নিদিবলৈও সৰ্বোচ্ছ আদালতত আবেদন জনাইছে৷ সেই সন্দৰ্ভত অহা ৭ আগষ্টৰ শুনানিত আদালতে নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে৷