Logo
image

চিনেমাৰ শ্বুটিং চলি থকাৰ সময়তে ভাগি পৰিল প্ৰকাণ্ড কৃষ্ণচূড়াঃ ৪ জন আহত

ডিজিটেল সংবাদ, আমিনগাঁওঃ উত্তৰ গুৱাহাটী মধ্যমখণ্ডত বৃহস্পতিবাৰে পুৱাই এক দুৰ্ঘটনা সংঘটিত হয়। অসমীয়া বোলছবিৰ শ্বুটিং চলি থকা সময়তে পথৰ দাঁতিৰ প্ৰকাণ্ড গছ ভাগি পৰাত চাৰিজন লোক আহত। আহত লোক কেইজন ক্ৰমে প্ৰমোদ দাস আৰু মৃদুল  কুমাৰ,পাৰ্থ আৰু কণ। পুৱা প্ৰায় ৭:৩০ বজাত এই অনাকাংক্ষিত দুৰ্ঘটনা সংঘটিত হয়। 

বিগত কিছুদিনৰ পৰা উত্তৰ গুৱাহাটীত বিদ্যুৎ কটকীৰ দ্বাৰা পৰিচালিত 'মই এটি নিশাচৰ' নামৰ বোলছবি এখনৰ শ্বুটিং চলি আছিল।আন দিনৰ দৰে আজিও শ্বুটিঙৰ পূৰ্বে পুৱাৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে এজোপা প্ৰকাণ্ড কৃষ্ণচূড়া গছ হঠাতে ভাগি পৰে। গছজোপা ভাগি পৰাত শ্বুটিঙস্থলীত থকা ৪ জন ব্যক্তি আহত হয়। আহত আটাইকেইজনক ততালিকে নিকটৱৰ্তী বেচৰকাৰী জি এন আৰ চি হাস্পতাললৈ লৈ যোৱা হয়। 

আহত চাৰিজনৰ ভিতৰত প্ৰমোদ দাস আৰু মৃদুল কুমাৰ নামৰ ব্যক্তি দুজনৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে। বহু বছৰ পুৰণি এই প্ৰকাণ্ড কৃষ্ণচূড়া গছজোপা দুৰ্বল হৈ পৰা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে। এতিয়াও উত্তৰ গুৱাহাটীৰ পদপথৰ লগতে পথৰ দাঁতিকাষৰীয়া বহু অঞ্চলত ভালে সংখ্যক পুৰণি এনে প্ৰকাণ্ড গছ মৰি গৈছে। পথৰ দাঁতিত মৰি যোৱা বৃহৎ বৃহৎ গছে বিপদ ঘটোৱাৰ আশংকা প্ৰকাশ কৰি কামৰূপ জিলা আয়ুক্তৰ লগতে বন বিভাগক উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰ পৰা অৱগত কৰা হৈছিল। কিন্তু বিষয়টোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ ফলতে এই অনাকাংশিত ঘটনা সংঘটিত হ'বলৈ পালে বুলি সাংবাদিক সন্থাটোৱে গভীৰ আক্ষেপ প্ৰকাশ কৰে। অনাগত দিনত কামৰূপ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত সময়োজিত ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈয়ো ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ থল আছে বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে।