Logo
image

এফবিআইৰ গুৰুত্বপূৰ্ণ দায়িত্বত ভাৰতীয় মূলৰ শোহিনী সিন্‌হা

ৱাশ্বিংটন, ৪ আগষ্টঃ ভাৰতীয় মূলৰ মাৰ্কিন মহিলা শোহিনী সিন্‌হাই আমেৰিকাৰ ‘ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেশ্বন’ চমুকৈ এফবিআইৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে৷ এফবিআয়ে ভাৰতীয় মূলৰ মহিলা বিষয়াগৰাকীৰ ওপৰত বিশ্বাস ৰাখি এই দায়িত্ব অৰ্পণ কৰে৷ শোহিনী সিন্‌হাক নিযুক্তি দিয়া হয় ছল্টলেক চিটী ফিল্ড অফিচৰ এফবিআইৰ বিশেষ এজেণ্ট হিচাপে৷ এফবিআয়ে এটা বিবৃতি জাৰি কৰি ঘোষণা কৰে যে এফবিআইৰ সঞ্চালক ক্ৰিষ্টোফাৰ ৰেই শোহিনী সিন্‌হাক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰে৷ উল্লেখ্য, শোহিনী সিন্‌হাই ৱাশ্বিংটন ডিচিত থকা এফবিআইৰ মুখ্য কাৰ্যালয়ত সঞ্চালকৰ কাৰ্যকৰী বিশেষ সহায়ক হিচাপে কাম কৰিছিল৷ শোহিনী সিন্‌হাই ২০০১ চনৰ পৰাই এফবিআইত কাম কৰি আহিছে৷ প্ৰথম তেওঁক নিযুক্তি দিয়া হৈছিল মিলৱাউকী ফিল্ড অফিচত৷ তাত তেওঁ সন্ত্ৰাসবাদ নিবাৰক তদন্তত কাম কৰিছিল৷ তাৰ পাছত তেওঁ গোৱাণ্টানামো বে’ নৌসেনাৰ ঘাটিত, লণ্ডনত এফবিআইৰ লীগেল কাৰ্যালয়, বাগদাদৰ অভিযান কেন্দ্ৰ অস্থায়ীভাৱে কাম কৰিছিল৷ ২০০৯ চনত তেওঁক এফবিআইৰ ছুপাৰভাইজাৰ বিশেষ এজেণ্ট হিচাপে দায়িত্ব পাইছিল৷ ২০১২ চনত তেওঁ কানাডাৰ অটোৱাৰ আইনী বিষয়া হিচাপে পদোন্নতি লাভ কৰিছিল৷ ২০১৫ চনত ডেট্ৰইট ফীল্ড অফিচত ফীল্ড ছুপাৰভাইজাৰ হিচাপে পদোন্নতি লাভ কৰিছিল৷