Logo
image

খাদ্য বিচাৰি আহি পোৱালিসহ তিনিটা হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক, ৫ আগষ্টঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পানীচান্দা গাঁৱৰ কমলপাৰাত অসম-মেঘালয় সীমান্তৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা পোৱালিসহ তিনিটা বন্যহস্তী কালি পুৱতি নিশা বিদ্য়ুৎস্পৃষ্ট হৈ কৰুণভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যোৱা কিছুদিনৰ পৰা প্ৰায়ে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা  জনাঞ্চললৈ প্ৰায় ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাক ওলাই আহে৷ সেইদৰে যোৱা নিশাও প্ৰায় ৪০/৫০ জনীয়া হাতীৰ দল এটাই নিশা কমলপাৰাৰ পৰমেশ্বৰ ৰাজবংশীৰ তামোল বাগানত সোমাই প্ৰায় ২৫ ডাল তামোলৰ গছ উভালি পেলাই তহিলং কৰি বনাঞ্চললৈ উভতি যোৱাৰ সময়ত হঠাৎ এডাল তামোলৰ গছ উভালি পৰি ১১ হাজাৰ ভল্টৰ বিদ্য়ুৎ পৰিবাহী তাঁৰত সংযোগ হয়৷ ফলত বিদ্য়ুৎস্পৃষ্ট হৈ লগে লগে তিনিটা হাতীৰ কৰুণ মৃত্যু ঘটে৷ খাদ্যৰ সন্ধানত কাষৰীয়া অসম-মেঘালয় সীমান্তৰ বনাঞ্চলৰ পৰা পুৱতি নিশা প্ৰায় তিনিমান বজাত ওলাই অহা হাতীৰ জাকটো ওলাই যায় যদিও বৈদ্য়ুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাত পোৱালিসহ তিনিটা হাতী বিদ্য়ুৎস্পৃষ্ট হৈ একেলগে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ ঘটনাৰ খবৰ পোৱাৰ পাছতে ডিএফঅ’ ৰোহিনী শইকীয়া, ৰাণী বনাঞ্চলৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত তিনিওটা মৃত হাতী উদ্ধাৰ কৰে৷ পাছত পশু চিকিৎসক নাৰায়ণ দেউৰীৰ নেতৃত্বত এটা দল উপস্থিত হৈ তিনিওটা হাতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিভাগীয় নীতি-নিয়মৰ মাজেৰে গাত খান্দি পুতি থোৱা হয়৷ পশু চিকিৎসক নাৰায়ণ দেউৰীয়ে জানিবলৈ দিয়া মতে, মৃত হাতী তিনিটাৰ মাইকীজনীৰ ৩০ বছৰ আৰু পোৱালি হাতী দুটাৰ এটাৰ ৫ বছৰ আৰু আনটোৰ প্ৰায় ২ বছৰ হ’ব বুলি জানিবলৈ দিয়ে৷ ইফালে স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি প্ৰায়েই ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক আহি মুক্ত বিচৰণ কৰে৷ গতিকে বিদ্য়ুতৰ তাঁৰসমূহ মাটিৰ তলেৰে কেবল লাইন কৰিলে বিদ্য়ুৎস্পৃষ্ট হৈ বন্যহস্তীয়ে থিতাতে মৃত্যুক সাৱটিবলগীয় নহ’লহেঁতেন বুলি সদৰি কৰে৷ উক্ত তিনিওটা বন্যহস্তীৰ মৃত্যুত অঞ্চলটোৰ লোকসকলে ধূপ-ধূনা দি শ্ৰদ্ধাঞ্জলি জনায়৷ বন্যহস্তীৰ মৃত্যুত ৰাণী অঞ্চলত শোকৰ ছাঁ পৰিছে৷