Logo
image

ৰাজ্যৰ ধাৰ ১.২১ লাখ কোটি টকা, ৰাজহ সংগ্ৰহো তালিকাৰ তলত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ আগষ্টঃ হিতাধিকাৰী সৃষ্টিৰে অভিলেখ গঢ়াৰ সময়তে এইবাৰ সংসদৰ মজিয়াত উন্মোচন হৈছে অসমৰ বিত্তীয় দুৰৱস্থাৰ ছবি৷ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চমক সৃষ্টি কৰিলেও আৰ্থিক দুৰৱস্থাত যেন লাওলোৱা অৱস্থাৰ সন্মুখীন হৈছে৷ যি সময়ত অসম চৰকাৰৰ অৰুণোদয় আঁচনিক দেশৰ আন আন ৰাজ্যই অনুকৰণ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভা-সমিতিয়ে প্ৰচাৰ কৰিছে, ঠিক তেনে সময়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহেকত ধন দিয়াৰ বাবদ ঋণ লৈ তত্‌ নোপোৱা অৱস্থাৰো সৃষ্টি হৈছে ৰাজ্য চৰকাৰৰ৷ ৰাজ্য সভাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ মাৰ্চ পৰ্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ ১ লাখ ২১ হাজাৰ ২৭৬ কোটি টকা স্পৰ্শ কৰিছে৷ অথচ ২০২১ বৰ্ষত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসমৰ ঋণৰ পৰিমাণ আছিল ৮৯ হাজাৰ ৭০৯ কোটি টকা৷ অৰ্থাৎ বিগত দুটা বছৰতে চৰকাৰে ৩১ হাজাৰ ৫৬৭ কোটি টকা ঋণ লয়৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত অসমৰ ঋণৰ পৰিমাণ আছিল মাত্ৰ ৩৬ হাজাৰ কোটি টকা৷ সেই দৃষ্টিত পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতালৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দুটা কাৰ্যকালত প্ৰায় ১ লাখ কোটি টকা ঋণ লৈ ৰাজ্যবাসীৰ মূৰৰ ওপৰত বোজা জাপি দিলে৷ নকলেও হ’ব যে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অসম চৰকাৰে লোৱা এই ঋণ অসমৰ সৰ্ব সাধাৰণ জনতাই কৰ কাটলৰ জৰিয়তে পৰিশোধ কৰিব লাগিব৷ ঋণ সংগ্ৰহেৰে অবাঞ্জিত অভিলেখ ৰচনা কৰাৰ সময়ত ৰাজ্য চৰকাৰৰ ৰাজকোষ উপাৰ্জন শূন্য হৈ পৰিছে৷ ৰাজ্যসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিজস্ব ৰাজহৰ ক্ষেত্ৰতো অসমৰ স্থান তলৰ ফালৰ পৰাহে শীৰ্ষত৷ ৰাজ্য সভাত দাখিল কৰা তথ্য মতে নিজা ৰাজহ সংগ্ৰহৰ অসমৰ স্থান দেশৰ বৃহৎ ৰাজ্যসমূহৰ তালিকাত তলৰ পৰা চতুৰ্থ স্থানত৷ প্ৰাকৃতিক সম্পদ আৰু কৃষি ক্ষেত্ৰত সম্ভাৱনাপূৰ্ণ ৰাজ্য অসম ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিহাৰতকৈ তলত৷ তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা সংগৃহীত ৰাজহ হৈছে মাত্ৰ ২৯ হাজাৰ ৬১ কোটি টকা৷ অসমৰ তলতেই আছে ক্ৰমে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু গোৱা৷ ২০২২-২৩ বিত্তীয় বৰ্ষত উত্তৰাখণ্ডৰ নিজস্ব ৰাজহ ২০ হাজাৰ ৮৯১ কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে হিমাচল প্ৰদেশে ১৩ হাজাৰ ৬৫০ কোটি টকা নিজা ৰাজহ সংগ্ৰহ কৰিছে৷ ইয়াৰ বিপৰীতে গোৱাই ১১ হাজাৰ ৩৬৭ কোটি টকা নিজস্ব ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিগত বিত্তীয় বৰ্ষটোত৷ তাৎপৰ্যপূৰ্ণভাৱে অসমৰ বিপৰীতে কৰ্ণাটক, অন্ধপ্ৰদেশ, গুজৰাট, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ বাৰ্ষিক নিজস্ব ৰাজহ ১ লাখৰ পৰা ২ লাখ কোটি টকাতকৈ অধিক৷ অৱশ্যে অতি শামুকীয়া গতিৰে অসমৰ নিজস্ব ৰাজহ বৃদ্ধি পোৱা দেখা গৈছে৷ ২০২০-২১ বৰ্ষত অসমৰ নিজস্ব ৰাজহ ২০ হাজাৰ কোটি টকা আছিল যদিও ২০২১-২২ বৰ্ষত ৰাজহৰ পৰিমাণ ২৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছিল৷