Logo
image

‘ইণ্ডিয়া’ক আদালতৰ জাননী, মোদীৰো কটাক্ষ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ আগষ্টঃ বিৰোধী জোঁটৰ ‘ইণ্ডিয়া’ নামাকৰণক লৈ আৰম্ভ হৈছে নতুন বিতৰ্কৰ৷ বিৰোধী জোঁটক ‘ইণ্ডিয়া’ নাম ব্যৱহাৰত বাধা দিব লাগে বুলি গিৰীশ ভৰদ্বাজ নামৰ এজন লোকে দিল্লী উচ্ছ ন্যায়ালয়ত দাখিল কৰিছে এজন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন৷ এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি দিল্লী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ অমৃত মহাজনৰ খণ্ড বিচাৰপীঠে কালি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়, নিৰ্বাচন আয়োগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় আৰু ২৬টা বিৰোধী জোঁটৰ ৰাজনৈতিক দললৈ জাননী জাৰি কৰিছে৷ জাননীত উল্লেখ কৰা হৈছে যে বিষয়টোক লৈ আদালতৰ শুনিবলগীয়া আছে৷ সংশ্লিষ্ট সকলো পক্ষৰ বক্তব্য শুনিব ন্যায়ালয়ে৷ অৱশ্যে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোৰ আবেদনকাৰী গিৰীশ ভৰদ্বাজে দাবী কৰাৰ দৰে কালি দিল্লী উচ্ছ ন্যায়ালয়ে ২৬ টা বিৰোধী দলে ‘ইণ্ডিয়া’ নাম ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কোনো অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি নকৰিলে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা  শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন এনডিএক ৰো¸ধিবৰ বাবে কৰ্ণাটকৰ বেংগালুৰুত ১৭, ১৮ জুলাইত অনুষ্ঠিত ২৬টা বিৰোধী দলৰ বৈঠকত ইণ্ডিয়ান নেশ্বনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ ‘ইণ্ডিয়া’ গঠন কৰিছিল৷ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডিএমকে, আম আদমী পাৰ্টী, জনতা দল [ইউ], ৰাষ্ট্ৰীয় জনতা দল, ঝাৰখণ্ড মুক্তি মৰ্চা, এনচিপি [শাৰদ পাৱাৰ], শিৱসেনা, সমাজবাদী পাৰ্টী, ৰাষ্ট্ৰীয় লোক দল, আপনা দল, জম্মু-কাশ্মীৰ নেশ্বনেল কনফাৰেন্স, পিডিপি, চিপিআই [এম], চিপিআই, এম ডিএমকে, কেএমডিকে, ইণ্ডিয়ান ইউনিয়ন অৱ মুছলিম লীগ আদি ৰাজনৈতিক দলসমূহ ইণ্ডিয়াৰ অন্যতম অংশীদাৰ আছিল৷ দিল্লী উচ্ছ ন্যায়ালয়ে কালি সংশ্লিষ্ট দলসমূহলৈও জাননী জাৰি কৰে৷ লক্ষণীয় যে বিৰোধীৰ জোঁট ‘ইণ্ডিয়া’ গঠনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাবাহিকভাৱে কটাক্ষ কৰি আহিছে বিৰোধী দলসমূহক৷ জোঁট গঠনৰ কেইদিনমান পাছতে প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়াক ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ আখ্যা দিয়াৰ লগতে ইণ্ডিয়ান মুজাহিদিনৰ সৈতেও তুলনা কৰিছিল৷ কালি পুনৰ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়াক ‘ঘমণ্ডিয়া’ বুলি কটাক্ষ কৰে৷ উল্লেখ্য, ‘ঘমণ্ডিয়া’ এক হিন্দী শব্দ, ইয়াৰ অৰ্থ হ’ল অহংকাৰী৷ বৃহস্পতিবাৰে বিহাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে মন্তব্য কৰি কয় যে দেশৰ সকলো বিৰোধীৰ সৈতে সন্মিলন গঠন কৰি কংগ্ৰেছে নতুন নামেৰে পূৰ্বৰ ক’লা অতীত বগা কৰাৰ চেষ্টা কৰিছে৷ যোৱা বছৰ বিজেপিৰ সংগ এৰা তথা বিৰোধী জোঁট গঠনৰ মধ্যমণি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো কটাক্ষ কৰে প্ৰধানমন্ত্ৰীয়ে৷