Logo
image

পুনৰ আঁতৰিল ঠিকাদাৰী সন্থা, অধিক বিলম্ব হ’ব ৰাষ্ট্ৰীয় পথ নিৰ্মাণত

‘আমাৰ অসম’ৰ গুৱাহাটী আৰু যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ আগষ্টঃ বিজেপিয়ে অসমত ‘উন্নয়নৰ গংগা’ বোৱা বুলি দাবী কৰাৰ সময়তে দুৰ্গম হৈ আছে উজনি অসমমুখী ৰাষ্ট্ৰীয় ঘাইপথ৷ উজনিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ সময়তে পুনৰ আঁতৰিছে ঠিকাদাৰী সংস্থা৷ উজনি অসমত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম অতি লেহেমীয়া গতিত আগবঢ়াৰ সমান্তৰালভাৱে পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে যাতায়াত দুৰ্বিষহ হৈ পৰিছে৷ গুৱাহাটীৰ পৰা বাছেৰে   শিৱসাগৰ-তিনিচুকীয়ালৈ যাত্ৰা কৰা লোকে কেনে যমৰ যাতনা ভূগিবলগীয়া হয়, সেয়া ভুক্তভোগীয়ে জানে৷ উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত বোকা-পানীৰে উপচি পৰাত যান-বাহন চালকসকল তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে৷ বিশেষকৈ যোৰহাট জিলাৰ টীয়ক আৰু পাশ্বৱৰ্তী অঞ্চল, শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা মৰাণলৈকে, তেনেদৰে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ পৰা লাহোৱাললৈকে ৰাষ্ট্ৰীয় ঘাইপথটো বিধবস্ত হৈ পৰিছে যদিও নিৰ্মাণকাৰী প্ৰতিষ্ঠানে যাতায়াতৰ বাবে উপযোগী কৰি তোলা নাই৷ উল্লেখ্য, ২০১৫ চনতে যোৰহাটত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰাৰ আঠ বছৰ উকলি যোৱাৰ পাছতো উজনিত চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য ৩০ শতাংশও আগবঢ়া নাই৷ শিৱসাগৰ জিলাত চাৰিলেনযুক্ত পথৰ এখনো দলং সম্পূৰ্ণকৈ নিৰ্মাণ কৰি উলিওৱা নাই৷ উল্লেখ্য, জিলাখনত জাঁজী, মিতং, দিখৌ, দৰিকা, দিচাং আদি কেইবাখনো নৈ আছে যদিও এই নৈসমূহত দলঙৰ নিৰ্মাণ আজিপৰ্যন্তও নিৰ্মাণ সম্পূৰ্ণ কৰা নাই৷ তেনেদৰে পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে৷ বিভিন্ন স্থানত পথৰ কাষত থকা খাৱৈ, বোকা-পানী নাতঁৰোৱাকৈয়ে মাটি দি চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাত এনে পথৰ স্থায়িত্ব সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছে৷ তদুপৰি, ডিব্ৰুগড় জিলাত ইতিমধ্যে পথৰ পৰা আঁতৰোৱা আলকতৰা গলাই পুনৰ ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এনে অনিয়মৰ বাবেই বিভিন্ন স্থানত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ পাছতে পুনৰ বিধবস্ত হৈ পৰিছে৷ উল্লেখ্য, অসমৰ মাটিৰ গাঁথনি আৰু জলবায়ুৰ পৰিপ্ৰেক্ষিতত আলকতৰাৰে পথ নিৰ্মাণ কৰাটো অনুকূল নহয় বুলিও এজন বিশেষজ্ঞই সদৰী কৰিছে৷ যোৰহাটত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰি কংক্ৰিটৰ পথ নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ কৰিছিল যদিও অজ্ঞাত কাৰণত আলকতৰাৰে পথ নিৰ্মাণ কৰা হৈছে৷ সেয়ে এই পথ নিৰ্মাণৰ পাছতে বিধবস্ত হৈ পৰিছে৷ পথৰ নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিভিন্ন স্থানত পূৰ্বে নিৰ্মিত পথ ভাঙি পুনৰ নিৰ্মাণো কৰিবলগীয়া হৈছে৷ উল্লেখ্য, বৃহৎ প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ ঠিকা লাভ কৰাৰ পাছত নিজে কাম নকৰি উপ-ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰে৷ আনকি উপ-ঠিকাদাৰেও তেওঁলোকৰ তলত আন ঠিকাদাৰকহে পথ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰে৷ ফলত তৃতীয়-চতুৰ্থ পক্ষহে পথ নিৰ্মাণত নিয়োজিত হৈ থকাত নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ লগতে অনিময় সংঘটিত হৈছে৷ তদুপৰি কোনো মধ্যভোগী পক্ষই প্ৰকৃত নিৰ্মাতাক প্ৰাপ্য ধন আদায় নিদিয়াৰ ফলত ইতিমধ্যে কেইবাজনো ঠিকাদাৰ সৰ্বস্বান্ত হৈ আধাতে কাম এৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে৷ আনকি নিৰ্মাণ সামগ্ৰী যোগান ধৰা স্থানীয় ঠিকাদাৰ আৰু নিৰ্মাণকাৰ্যত নিয়োজিত শ্ৰমিককো প্ৰাপ্য ধন আদায় নিদিয়াকৈ একাধিক নিৰ্মাতা উধাও হয়৷ এনে পৰিস্থিতিত উজনিত চাৰিলেনযুক্ত পথ নিৰ্মাণক লৈ গভীৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে ৰাজ্যসভাত সদৰি কৰা তথ্য মতে ৫ বছৰত অসমত নিৰ্মাণ হ’ল মাথোঁ ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ৷ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাজ্যসভাৰ মজিয়াত দিয়া তথ্যতহে ওলাই পৰিছে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিৰ কথা৷ কেন্দ্ৰীয় মন্ত্ৰীজনে দাখিল কৰা তথ্য মতে ২০১৮ চনত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য আছিল ৩,৫৬৬ কিলোমিটাৰ৷ কিন্তু পাঁচ বছৰ পাছত অৰ্থাৎ ২০২৩ চনত অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য হয়গৈ ৩,৬৭৭ কিলোমিটাৰ৷ অৰ্থাৎ পাঁচ বছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হয় মাথো ১১১ কিলোমিটাৰ৷ বিজেপিৰ সাংসদজনে এনে প্ৰশ্ন উত্থাপন নকৰা হ’লে হয়তো দেশবাসীয়ে নাজানিলহেঁতেন অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ কথা৷ ইফালে, ৰাজ্যসভাত দেশৰ ড’নাৰ মন্ত্ৰীয়েও শুকুৰবাৰে উদঙালে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পয়ালগা অৱস্থা৷ ৰাজ্যসভাত খোদ বিজেপি দলৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সোধা প্ৰশ্নৰ উত্তৰত ড’নাৰ মন্ত্ৰী জি কিষান ৰেড্ডীয়ে জনায় যে দহ বছৰত অসমত ৮৮০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে৷ অৰ্থাৎ অসমত বছৰি গড়ে মাত্ৰ ৮০ কিলোমিটাৰ পথহে নিৰ্মাণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে৷ ৰেড্ডীয়ে সদনত উল্লেখ কৰা মতে ২০১৩ চনৰ পৰা চলিত বৰ্ষৰ জুলাই পৰ্যন্ত ৮৮০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য, ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০২৩ চনৰ জুন পৰ্যন্ত ৫৯৫ বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা আন কেন্দ্ৰীয় মন্ত্ৰীসকল৷ তাৰ পাছতো অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ গতি লেহেমীয়া হৈ থকাটো তাৎপৰ্যপূৰ্ণ৷