Logo
image

বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ ধৰ্মঘট

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰৰ চৌহদত ৰাষ্ট্ৰীয় বজৰংগ দলৰ নেতৃত্বত হোৱা অস্ত্ৰ প্ৰশিক্ষণৰ অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে শনিবাৰে অৱস্থান ধৰ্মঘট পালন কৰে৷ ধৰ্মঘটৰ অন্তত যুৱ-ছাত্ৰ পৰিষদে মঙলদৈ ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মঙলদৈ জিলা পুথিভঁৰাল প্ৰাঙ্গণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সবাস্ত কৰি সাম্প্রদায়িক বিভেদ সৃষ্টি কৰা অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণৰ অভিযুক্তসকলক শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷ ধৰ্মঘট কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি ভৱেশ কাকতি, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কমৰুল হক, জিলা সভাপতি পংকজ ডেকা আৰু দিগন্ত ডেকা উপস্থিত থাকে৷