Logo
image

নিৰুদ্দেশ হৈ থকা কন্দৰ্প বৰ্মনৰ বাহন মৰাপাগলাদিয়া নৈৰ দাঁতিত উদ্ধাৰঃ কন্দৰ্পক বিচাৰি এছ ডি আৰ এফৰ অভিযান

ডিজিটেল সংবাদ, চমতাঃ নলবাৰী জিলাৰ গোৱৰাদলত মৰাপাগলাদিয়া নৈৰ দাঁতিত শুকুৰবাৰে পুৱাই এখন ৱাগনাৰ বাহন উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ হ’ল AS-14D 7610 ৷ জানিব পৰা মতে পুৱাই প্ৰাতঃভ্ৰমণৈ অহা লোকে নৈপৰীয়া নিৰ্জন ঠাইত অৰ্থাৎ মৰাপাগলদিয়া নৈৰ দাঁতিত চালকবিহীন ৱাগনাৰ গাড়ীখন দেখি  হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰাত কিছু সংখ্যক স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয়। পিছত টিহু আৰক্ষীক খবৰ দিয়াত টিহু আৰক্ষীৰ লগতে বেলশৰ আৰু  শোলমাৰা উপ-আৰক্ষী চকীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ইফালে গাড়ীখনৰ কিছু দূৰত আৰক্ষীয়ে এযোৰ ছেণ্ডেল উদ্ধাৰ কৰে৷ আৰক্ষীয়ে ছেণ্ডেল উদ্ধাৰ কৰাৰ পিছত গাড়ীৰ গৰাকীক কোনোবাই হত্যা কৰি মৃতদেহটো নদীত পেলায় থৈ যোৱাৰ সন্দেহত এছ ডি আৰ এফ বাহিনীয়ে নদীত নামি অভিযান আৰম্ভ কৰে। 

উল্লেখ্য যে উদ্ধাৰ হোৱা গাড়ীখনৰ গৰাকী নলবাৰী জিলাখনৰ বেলশৰ থানাৰ অন্তৰ্গত শোলমাৰা উপ-আৰক্ষী চকীৰ অন্তৰ্গত শোলমাৰাৰ প্ৰাক্তন আছু কৰ্মী কন্দৰ্প বৰ্মনৰ বুলি জানিব পৰা গৈছে। কন্দৰ্প বৰ্মন শুকুৰবাৰৰ পৰা গাড়ীসহ নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালে শোলমাৰা উপ-আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। ইফালে এই ঘটনাৰ পিছতে গুৱাহাটীৰ পৰা চি আই ডিৰ দল গোৱৰাদলৰ ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। সন্ধিয়া টিহু থানাৰ আৰক্ষীয়ে পৰিত্যক্ত গাড়ীখন থানলৈ লৈ যায় ৷