Logo
image

ব্যতিক্ৰমৰ উদ্যোগত কমলিকা মজুমদাৰৰ 'হেইৰ আই এম' শীৰ্ষক উপন্যাস উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে উন্মোচিত হয় ইলেক্ট্রিকেল ইঞ্জিনিয়াৰ তথা লেখিকা কমলিকা মজুমদাৰ এক নৱ সৃষ্টি 'হেইৰ আই এম' নামৰ এখন ৰহস্যময় উপন্যাস। ত্ৰিশৰ দশকৰ মাজভাগত এজন শিশুৰ জীৱন সংগ্ৰামৰ কাহিনী এটা নৱ ৰূপ দিয়াৰ মানসেৰে লিখিত ৰূপত প্ৰকাশ কৰা উপন্যাসখনৰ উন্মোচনী সভাত উপস্থিত থাকে ৰবীন্দ্র বিশেষজ্ঞ ঊষাৰঞ্জন ভট্টাচার্য, লেখক নিলোৎপল গোহাঁই, লেখক অন্তৰ আক্ৰেয়াৰ লগতে ব্যতিক্ৰম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়া। অনুষ্ঠানৰ আৰম্ভণিতে স্বৰলিপিৰ শিল্পী সকলে ভূপেন্দ্ৰ সংগীতৰ দ্বাৰা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। আৰম্ভনি ভাষণত ব্যতিক্ৰম গোষ্ঠীৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়াই কয়, “বর্তমান সময়ত নতুন প্ৰজন্মৰ কিতাপৰ প্রতি হাবিয়াস প্রায় নোহোৱা হৈছে, কিন্তু আমি সদায়ে চেষ্টা কৰো যে লেখক আৰু পাঠকৰ সম্পৰ্কটো আগৰ দৰে ঘূৰি আহক আৰু সেই বাবে আমি আমাৰ প্ৰকাশনৰ পৰা আকৰ্ষণীয় কিতাপ পাঠকৰ মাজলৈ আগবঢ়ায় দিওঁ।" 

গ্রন্থ উন্মচন কৰি ৰবীন্দ্ৰ বিশেষজ্ঞ ঊষাৰঞ্জন ভট্টাচাৰ্যই কয় যে, “কমলিকাৰ এইখন প্ৰথম উপন্যাস, তেওঁ পেছাত এগৰাকী ইঞ্জিনিয়ার, ইমান ব্যস্ততাৰ মাজতো আমাক এনে আকর্ষণীয় উপন্যাস উপহাৰ দিয়াৰ বাবে ধন্যবাদ। ম‍ই বিচাৰিছো যে ব্যস্ততাৰ মাজত যাতে কমলিকাই এই চর্চা অব্যাহত ৰাখে।” উপন্যাসখনৰ লেখিকা কমলিকা মজুমদাৰে কয়, “বহু দিনৰ পৰা মোৰ মনৰ মাজত সংগ্ৰাম কৰি থকা এটা শিশুৰ চৰিত্ৰই বৰকৈ আমনি দি আছিল আৰু সেই চৰিত্ৰটোয়ে আজি মই মোৰ কলমৰ ভাষাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ, এইখন মোৰ জীৱনৰ প্ৰথম উপন্যাস আৰু মই আশাবাদী যে ৰাইজে আঁকোৱালি লব।"

 লেখক নিলোৎপল গোহাঁই কয়, “কমলিকা মূলতে কবি। তেওঁ পূর্বেও দুখনকৈ বঙালি কাব্যগ্রন্থ প্রকাশিত হৈছে আৰু বৰ্তমান তেওঁ ইংৰাজি ভাষাত উপন্যাস ৰচনা কৰি গোটেই বিশ্বৰ লগতে এটা যোগসূত্র স্থাপন কৰিছে।" অনুষ্ঠানটিৰ শেষত নৃত্য পৰিবেশন কৰে নৃত্যশিল্পী শুভাংগী গোস্বামীয়ে। এই উপন্যাসখন আমাজন আৰু দ্য এলক'ভ পাব্লিচাৰ্ছৰ লগতে আন বহু কেইটা অনলাইনৰ ৱেবছাইটত উপলব্ধ।