Logo
image

উক্তি-বক্ৰোক্তি

ৰাহুল গান্ধীক কিয় অপৰাধমূলক মানহানিৰ গোচৰত সৰ্বোচ্ছ শাস্তি দুবছৰৰ কাৰাদণ্ড দিলে সেই বিষয়ে ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতে কোনো যুক্তিযুক্ত কাৰণ দেখুৱাব নোৱাৰিলে৷ ৪৯৯ ধাৰাৰ অধীনত এনে অপৰাধৰ শাস্তি সৰ্বোচ্ছ দুবছৰৰ কাৰাদণ্ড বা জৰিমনা অথবা দুয়োটাই প্ৰযোজ্য৷ কিন্তু অজ্ঞাত কাৰণত ৰাহুল গান্ধীক সৰ্বোচ্ছ শাস্তি প্ৰদান কৰিলে৷ এনে অপৰাধত দেশৰ ইতিহাসত এইজন বিচাৰকেই সৰ্বোচ্ছ শাস্তি দিলে৷
–উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠ

মোৰ বাবে কোনো পৰিৱৰ্তন নাই৷ একেই কাম কৰি যাম৷ ‘ইণ্ডিয়া’ৰ ধাৰণা সুৰক্ষিত ৰাখিম৷
–কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

পেন্সনৰ সময়ত বিষয়া-কৰ্মচাৰীসকলক ছাতি আৰু লাঠী উপহাৰ দিয়া হয়৷ ধৰ্মগ্ৰন্থও দিয়া হয়৷ ফুলাম গামোচাৰে বিদায় সম্ভাষণ জনোৱা হয়৷ কিন্তু একেটা কাৰ্যালয়তে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ পেন্সনৰ ফাইলৰ লগত জড়িত কামবোৰ ক্ষিপ্ৰতাৰে কৰি দিয়া নহয়৷
–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যিসকল আদালতত উপস্থিত আছে সকলোকে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷ মই কোনো সময়ত যদি আপোনালোকক গালি-শপনি পাৰিছোঁ, তেন্তে তাৰ উদ্দেশ্য আছিল যাতে আপোনালোকৰ আৰু উন্নতি হয়৷ মই কাকো আঘাত দিব বিচৰা নাছিলোঁ৷ আপোনালোক মোৰ পৰিয়ালৰ সদস্য৷ ক’বলৈ বেয়া লাগিছে, কিন্তু মই আজি ইস্তফা দিছোঁ৷ মই আত্মসন্মানবিৰোধী কাম কৰিব নোৱাৰোঁ৷ আত্মসন্মানৰ সৈতে আপোচ কৰাৰ প্ৰশ্নই নাই৷
–নাগপুৰ বেঞ্চৰ ন্যায়াধীশ ৰোহিত দেও

নিজা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অসমৰ স্থান তলত (দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ তলৰ পৰা চতুৰ্থ স্থানত)৷ ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা সংগৃহিত ৰাজহ মাত্ৰ ২৯.৬১ হাজাৰ কোটি টকা৷ ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত এই পৰিমাণ আছিল ক্ৰমে ২০ হাজাৰ কোটি টকা আৰু ২৭ হাজাৰ কোটি টকা৷ চলিত বিত্তীয় বৰ্ষৰ মাৰ্চ মাহপৰ্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ ৰ লাখ ২১ হাজাৰ ২৭৬ কোটি টকা৷
–সংসদত বিত্ত বিভাগৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী

অইল ইণ্ডিয়া লিমিটেডলৈ আগবঢ়োৱা হৈছে ‘মহাৰত্ন’ সন্মান৷ ২০১০ চনত ‘নৱৰত্ন’ সন্মান লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে বিগত বিত্তীয় বৰ্ষত উপাৰ্জন কৰে ৪১,০৩৯ কোটি টকা৷ এন আৰ এলত অধিকাংশ শ্বেয়াৰ থকা অইল ইণ্ডিয়া সম্প্ৰতি ইণ্টিগ্ৰেটেড শক্তি কোম্পানীলৈ ৰূপান্তৰিত হৈছে৷ বৰ্তমান হাইড্ৰ’কাৰ্বন খণ্ডৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা অইল ইণ্ডিয়া লিমিটেডে দেশৰ শক্তিখণ্ডৰ উন্নয়নত অধিক মনোনিৱেশ কৰিছে৷ ‘মহাৰত্ন’ সন্মানে অইল ইণ্ডিয়াৰ অংশীদাৰসকলক উৎসাহিত কৰিব৷
–‘অইল ইণ্ডিয়া’ৰ চি এম ডি ড॰ ৰঞ্জিত ৰথ

বিজেপিত লবী ৰাজনীতি হ’বলৈ নিদিওঁ৷ কাৰণ সাত বছৰ আগতে দেখিছোঁ যে এটা দল লবী ৰাজনীতিত বিধবস্ত হৈ গৈছিল৷
–নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা

ৰাহুল গান্ধীৰ গোচৰত উচ্ছতম ন্যায়ালয়ে দিয়া ৰায় প্ৰকৃততে সত্য আৰু ন্যায়ৰ জয়৷ এয়া বিজেপিৰ বাবে এক ডাঙৰ সকীয়নি৷ কোনো অশুভ শক্তিয়ে ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে৷
–প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা