Logo
image

আৰ্মষ্ট্ৰঙৰ জন্মদিনৰ দিনাই জোনবাইৰ দেশত চন্দ্ৰযান-৩

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ আগষ্টঃ চন্দ্ৰতো হেনো কলংক থাকে৷ পিছে সেই চন্দ্ৰৰ কলংকতে প্ৰথমজন মানৱে অৱতৰণ কৰিছিল, যিটো আছিল পৃথিৱীৰ বাহিৰত, বিশ্ব ব্ৰহ্মণ্ডৰ অন্য স্থানত মানুহৰ প্ৰথমটো খোজ৷ পৃথিৱীৰ পৰা খালী চকুৰেই চন্দ্ৰৰ যি কলংক আমাৰ দৃশ্যমান হয়, সেয়া হৈছে ‘মাৰে’ বা ‘ছি অব ট্ৰেংকুইলিটী’৷ চন্দ্ৰৰ বুকুত থকা শান্তিৰ সাগৰ৷ কোৱা বাহুল্য মাথোঁ, সেই শান্তিৰ সাগৰ বা ‘ছি অব ট্ৰেংকুইলিটী’ত যিজন মানৱে প্ৰথমে ভৰি থৈছিল, তেওঁৰ নাম আছিল নীল আৰ্মষ্ট্ৰং৷ ১৯৩০ চনৰ ৫ আগষ্টত তেওঁ আমেৰিকাৰ অহায়’ত জন্মগ্ৰহণ কৰিছিল আৰু ১৯৬৯ চনৰ ২১ আগষ্টত চন্দ্ৰপৃষ্ঠত প্ৰথম মানৱ হিচাপে ভৰি হৈ ইতিহাসৰ সৃষ্টি কৰিছিল৷ ইতিহাসৰ কিতাপ অক্ষত থকালৈকে অবিস্মৰণীয় হৈ থাকিব পৰা সেই নীল আৰ্মষ্ট্ৰঙৰ জন্মদিনতে, সংযোগবশতঃ ভাৰতৰ চন্দ্ৰযান-৩ য়ে জোনবাইৰ দেশত প্ৰৱেশ কৰিলে৷

যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰি কোটাৰ পৰা উৎক্ষেপন কৰা ভাৰতৰ চন্দ্ৰযান-৩ যে ৫ দিন পূৰ্বে পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰ অভিমুখে ধাৱমান হৈছিল৷ সোমবাৰৰ পৰা আজি সন্ধিয়ালৈ চন্দ্ৰযান-৩ আছিল পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ পথত৷ শনিবাৰে সন্ধিয়া ইছৰ’ৰ বিজ্ঞানীয়ে চন্দ্ৰযান-৩ ক সফলতাৰে চন্দ্ৰৰ কক্ষপথত নিক্ষেপ কৰে৷ ইছৰ’ৱে প্ৰকাশ কৰা অনুসৰি শনিবাৰে সন্ধিয়া জ্জ বজাত চন্দ্ৰযান-৩ ক চন্দ্ৰৰ কক্ষপক্ষত নিক্ষেপ কৰাৰ পদক্ষেপ সুকলমে সম্পন্ন কৰা হয়৷ সেই সময়ত চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ৩,৮৪,৪০০ কিলোমিটাৰৰ দুই তৃতীয়াংশ পথ অতিক্ৰম কৰিছিল৷ এতিয়া চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ ক্ষীণ মধ্যাকৰ্ষণ শক্তিৰ সহায়ত চন্দ্ৰৰ চাৰিওফালে উপবৃত্তাকাৰ পথত প্ৰদক্ষিণ কৰিব৷ এনেদৰে চন্দ্ৰৰ চাৰিওদিশে অহা ২৩ আগষ্টলৈকে প্ৰদক্ষিণ কৰাৰ পাছত চন্দ্ৰযান-৩ য়ে সেইদিনা সন্ধিয়া ৫ বাজি ৪৭ মিনিটত চন্দ্ৰত অৱতৰণৰ প্ৰয়াস কৰিব৷ অৱশ্যে তাৰ পূৰ্বেই ‘লেণ্ডাৰ মডিউল’ৰ ‘ৰাফ ব্ৰেকিং’ আৰু ‘কণ্ট্ৰলড ব্ৰেকিঙ’ৰ জৰিয়তে গতি হ্ৰাস কৰা হ’ব৷ চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ দূৰত থকা অৱস্থাত ‘লেণ্ডাৰ’ৰ গতি শূন্য কৰা হ’ব আৰু ৩০ কিলোমিটাৰ দুৰৰ পৰা ‘লেণ্ডাৰে’ ওপঙি ওপঙি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব৷ ভাৰতৰ চন্দ্ৰযান-২ ক দক্ষিণ মেৰুৰে ‘ছিমপেলিয়াছ এন’ আৰু ‘মেনজিনাছ চি’ নামৰ দুটা গহ্বৰৰ মাজৰ ঠাইত অৱতৰণ কৰোৱা হৈছিল যদিও ‘ক্ৰেছ লেণ্ডিঙ’ৰ ফলত ‘লেণ্ডাৰ’ ধবংস হৈছিল৷