Logo
image

উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশক লৈ লুকাভাকু! ৰাহুল সংসদলৈ যাব পাৰিবনে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ আগষ্টঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ পৰা নিষ্কৃতিৰ সৰ্বোচ্ছ আদালতৰ ৰায়ক লৈ লুকাভাকু খেলিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু লোকসভা সচিবালয়ে৷ উচ্ছতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি কংগ্ৰেছ দলৰ উদ্যোগত লোকসভাৰ অধ্যক্ষ কিম্বা সচিবালয়ত দিবলৈ দলনেতা অধীৰৰঞ্জন চৌধুৰীয়ে অহোপুৰুষাৰ্থ কৰিবলগীয়া হয় যদিও অৱশেষত দিনান্তত কৰ্তৃত্বশীল কাৰো হাতত এই প্ৰতিলিপি তুলি দিব নোৱাৰি এজন অবৰ সচিবৰ হাততে জমা দিবলগীয়া হয়৷ এই এটা কামক লৈ কংগ্ৰেছ সাংসদ অধীৰ চৌধুৰীয়ে দিনটো টাকুৰি ঘূৰাদি ঘূৰিবলগীয়া হয় যদিও এতিয়াও ৰাহুল গান্ধী সোমবাৰে লোকসভা অধিৱেশনত উপস্থিত থাকিব পৰাতো নিশ্চিত হোৱা নাই৷ অৰ্থাৎ যি ক্ষিপ্ৰতাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ শাস্তিৰ ঘোষণাৰ পিছদিনাই কৰ্তন কৰিছিল এতিয়া সেই একেই ক্ষিপ্ৰতাৰে যে তেওঁক সাংসদ পদ ঘূৰাই দিবলৈ তেওঁলোক অনিচ্ছুক সেয়া শনিবাৰৰ এই কাৰ্যাৱলীতে পৰিস্ফুট হৈছে৷ অধীৰ ৰঞ্জন চৌধুৰীয়ে এই কাৰ্যকলাপত শাসকীয় দলৰ চক্ৰান্তৰ গোন্ধ পাইছে৷ কংগ্ৰেছ দলে এটা কথা উপলব্ধি কৰিছে, অন্ততঃ ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই পোৱাতো সুষম নহ’ব৷

সংবাদ মাধ্যমৰ সন্মুখত লোকসভাৰ কংগ্ৰেছ দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়– ‘শুকুৰবাৰে উচ্ছতম ন্যায়ালয়ৰ ৰায় প্ৰদানৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই পোৱাৰ জাননী সোনকালে দিবলৈ অনুৰোধ জনাইছিলো৷ তেওঁ ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতিলিপি হাতত পালেই ব্যৱস্থা লোৱাৰ আশ্বাস দিছিল৷ শুকুৰবাৰে বিয়লি যেতিয়া ৰায়ৰ প্ৰতিলিপি আমাৰ হাতত পৰিল, তেতিয়া সেয়া দিবলৈ অধ্যক্ষলৈ ফোন কৰিলো৷ তেওঁ শনিবাৰে দিবলৈ ক’লে৷ শনিবাৰে যেতিয়া প্ৰতিলিপি দিবলৈ অধ্যক্ষৰে সৈতে যোগাযোগ কৰিলো, তেতিয়া অধ্যক্ষই লোকসভাৰ সচিব প্ৰধানৰ হাতত দিবলৈ ক’লে৷ মই লোকসভা সচিবালয়ৰ সচিব প্ৰধানৰ সৈতে যোগাযোগ কৰিলো৷ তেওঁ ক’লে, আজি কাৰ্যালয় বন্ধ৷ তেওঁ লোৱাৰ কোনো উপাই নাই৷ তেওঁক সুধিলো– এতিয়া তেন্তে কি কৰিম৷ সচিব প্ৰধানে মোক লোকসভাৰ অধ্যক্ষৰ হাতত ৰায়ৰ প্ৰতিলিপি দিবলৈ পৰামৰ্শ দিলে৷ তেওঁ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা পাব বুলি জনালে৷ তেতিয়া অধ্যক্ষৰ সৈতে পুনৰ যোগাযোগ কৰি এইবাৰ সঁহাৰি নাপালো৷ উপায়হীন হৈ লোকসভা সচিবালয়ৰ সচিবপ্ৰধানক ক’লো, অন্ততঃ আপোনাৰ কাৰ্যালয়ৰ কোনো বিষয়াৰ দ্বাৰা আদালতৰ প্ৰতিলিপি ল’বলৈ দিয়ক৷ তেওঁ ক’লে, আজি কাৰ্যালয় বন্ধ, মই কেনেকৈ ল’ম৷ তেওঁ পৰামৰ্শ দিলে, ডাকত দিয়ক, আমি ঠিক পাই যাম৷ তেতিয়া খঙে মোৰ চুলিৰ আগ পাইছিলগৈ৷ মই তেতিয়া এজন বাহকৰ হাতত লোকসভা সচিবালয়ৰ অবৰ সচিবলৈ উচ্ছতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতিলিপি প্ৰেৰণ কৰিলোঁ৷ তেওঁ চহী এটা কৰি প্ৰতিলিপি গ্ৰহণ কৰিলে৷ মই সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিলো৷ এতিয়া লোকসভাৰ অধ্যক্ষৰ দায়িত্ব৷’

উল্লেখ্য, যোৱা ২৩ মাৰ্চত ছুৰাটৰ ন্যায়িক দণ্ডাধীশ হৰিশ হংসমুখ বাৰ্মাই ৰাহুল গান্ধীক মোদী উপাধিৰ অৱমাননাৰ বাবে দুই বছৰৰ কাৰাদণ্ড বিহিছিল৷ ইয়াৰ পিছদিনাই লোকসভাৰ অধ্যক্ষই ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰে৷ এতিয়া চলিত বৰ্ষকালীন অধিৱেশনৰ ৪ দিন বাকী আছে৷ তাৰে ৮-১০ আগষ্টত বিৰোধী ‘ইণ্ডিয়া’ই উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক হ’ব৷ ৰাহুল গান্ধীয়ে সেই বিতৰ্কত ভাগ ল’বলৈ পোৱাৰ সম্ভাৱনা এতিয়ালৈকে অনিশ্চিত হৈ আছে৷